পশ্চিমবংগৰ উৎসৱ
৬ প্ৰবন্ধ
-
অকালবোধন
অকালবোধন (अकालबोधन) হʼল শাৰদীয়া দুৰ্গাপূজাৰ প্ৰাৰম্ভিক অনুষ্ঠান। হিন্দু পঞ্জিকা অনুসৰি, আহিন মাহৰ কৃষ্ণপক্ষৰ নৱমী তিথি অথবা শুক্লপক্ষৰ ষষ্ঠী তিথিত হিন্দু দেৱী পাৰ্বতীৰ দুৰ্গা ৰূপৰ পূজা-আৰম্ভৰ প্ৰাক্কালত এই অনুষ্ঠান আয়োজিত হয়। হিন্দুধৰ্মীয় বিশ্বাস অনুসৰি, শৰৎকাল দেৱলোকৰ ৰাতি দক্ষিণায়নৰ অন্তৰ্গত।
-
কলকাতাৰ দুৰ্গা পূজা
কলকাতাৰ দুৰ্গা পূজা (Durga Puja in Kolkata) হৈছে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত পালন কৰা বাৰ্ষিক উৎসৱ। ইয়াত হিন্দু মাতৃ দেৱী দুৰ্গাৰ পূজা চিহ্নিত কৰা হয়। এই উৎসৱ পশ্চিমবংগৰ ৰাজধানী কলকাতাত বঙালীসকলৰ বৃহত্তম উৎসৱৰ লগতে বৃহত্তম ধৰ্মীয় উৎসৱ।
-
বৈশাখী মেলা
বৈশাখী মেলা বা বৈশাখেৰ মেলা হৈছে বাংলা উৎসৱৰ মেলা, বৰ্তমান বাংলাদেশ আৰু বাংলাদেশৰ বাহিৰত আয়োজন কৰা হয়। ই এক সৰ্বজনীন উৎসৱ, বৰ্তমান বাংলাদেশৰ বাহিৰত আমেৰিকা, যুক্তৰাজ্য, কানাডাকে ধৰি বিশ্বৰ বিভিন্ন দেশত বাংলাদেশী প্ৰব্ৰজনকাৰীয়ে বৃহৎসংখ্যক বাংলাদেশীৰ অংশগ্ৰহণেৰে আয়োজন কৰে।
-
ৰবীন্দ্ৰ জয়ন্তী
ৰবীন্দ্ৰ জয়ন্তী বা পঁচিছ ব’হাগ (Rabindra Jayanti) বঙালী জাতিৰ অন্যতম গুৰুত্বপূৰ্ণ সাংস্কৃতিক উৎসৱ। বাংলা পঞ্জিকা অনুসৰি প্ৰতি বছৰে ব’হাগ মাহৰ পঁচিছ তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন উপলক্ষে এই উৎসৱ পালন কৰা হয়।
-
পশ্চিমবংগ দিৱস
পশ্চিমবংগ দিৱস (পশ্চিমবঙ্গ দিবস) হৈছে ভাৰতীয় ৰাজ্য পশ্চিমবংগৰ চৰকাৰী ৰাজ্য দিৱস। প্ৰতি বছৰে ২০ জুন তাৰিখে উদযাপিত এই দিনটোৱে ১৯৪৭ চনত বঙ্গীয় আইনসভাই গ্ৰহণ কৰা এটা প্ৰস্তাৱক স্মৰণ কৰে, যাৰ ফলত বংগ বিভাজনৰ পিছত এক সুকীয়া ৰাজ্য হিচাপে পশ্চিমবংগৰ সৃষ্টি হৈছিল।
-
পৌষপাৰ্বণ
পৌষপাৰ্বণ বা পিঠেপাৰ্বণ হʼল পশ্চিমবংগ আৰু বাংলাদেশত পালিত এটি হিন্দু লোক-উৎসৱ। পুহ মাহৰ সংক্ৰান্তিত এই উৎসৱ পালন কৰা হয়। এইদিনাখন হিন্দুসকলে পিঠা (পিঠে) প্ৰস্তুত কৰি দেৱতাৰ উদ্দেশ্যে নিবেদন কৰে। প্ৰাচীন কালৰপৰাই দেৱতাৰ পূজাত পিঠাৰ অৰ্ঘ্য প্ৰদানৰ ৰীতি চলি আহিছে।