অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত

কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত (Congressor Kanciali Rodat) হৈছে অসমৰ বুৰঞ্জীবিদ আৰু সাহিত্যিক বেণুধৰ শৰ্মাৰ দ্বাৰা লিখিত এখনি ৰাজনৈতিক ইতিহাসমূলক গ্ৰন্থ। ১৯৫৯ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা গ্ৰন্থখনত অসমৰ স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী অসমৰ ৰাজনৈতিক বাতাৱৰণৰ বিস্তৰ বিৱৰণ সন্নিৱিষ্ট হৈছে।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২১৪ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত (Congressor Kanciali Rodat) হৈছে অসমৰ বুৰঞ্জীবিদ আৰু সাহিত্যিক বেণুধৰ শৰ্মাৰ দ্বাৰা লিখিত এখনি ৰাজনৈতিক ইতিহাসমূলক গ্ৰন্থ। ১৯৫৯ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা গ্ৰন্থখনত অসমৰ স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী অসমৰ ৰাজনৈতিক বাতাৱৰণৰ বিস্তৰ বিৱৰণ সন্নিৱিষ্ট হৈছে। ১৯৬০ চনৰ সাহিত্য অকাডেমি বঁটাৰ বাবে গ্ৰন্থখন মনোনীত হৈছিল।১

গ্ৰন্থকাৰৰ চমু পৰিচিতি

মূল প্ৰবন্ধ: বেণুধৰ শৰ্মা

বেণুধৰ শৰ্মা সাহিত্য অকাডেমি বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া ব্যক্তি। তেখেত এগৰাকী প্ৰত্নতত্ত্ববিদ, সাংবাদিক, বুৰঞ্জীবিদ, গৱেষক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ মুক্তিযোদ্ধা আছিল। ১৯৫৬ চনৰ অসম সাহিত্য সভাৰ সভাপতি পদত তেখেত অধিষ্ঠিত হৈছিল। তেওঁৰ সাহিত্যত বুৰঞ্জীৰ সমল ভৰি থকাৰ বাবে তেওঁক ইতিহাস ৰত্ন, বুৰঞ্জীৰ যাদুকৰ আদি নামেৰেও বহুতে বিভূষিত কৰিছিল। ৰত্নকান্ত বৰকাকতীদেৱে বেণুধৰ শৰ্মাক বুৰঞ্জী সূৰ্য আখ্যা দি সন্মান জনাইছিল। তৰুণ অসমৰ সম্পাদক আৰু প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ সহকাৰী সম্পাদকৰ দায়িত্ব বহন কৰিছিল।

গ্ৰন্থৰ চমু বিৱৰণ

গ্ৰন্থখনত অসমৰ স্বাধীনতা সংগ্ৰামৰ সময়ৰ বিভিন্ন ঘটনাৱলী বিভিন্ন অধ্যায়ত বৰ্ণনা কৰা হৈছে। মোহনদাস কৰমচান্দ গান্ধীৰ অসম আগমন, শিৱসাগৰৰ অসহযোগ, চাৰিং কংগ্ৰেছ কমিটি, অসহযোগৰ অন্তিম সভাখনকে ধৰি কেইবাটাও ঘটনাক নিজস্ব অভিজ্ঞতালব্ধ উপলব্ধিৰে বৰ্ণনা কৰিছে।২ গ্ৰন্থখনত বহুকেইখন ছবিও সংলগ্ন হৈছে। গ্ৰন্থখনৰ মতে, ১৯২১ চনৰ (১৮৪৩ শক) ২৪ আগষ্টত যোৰহাটত মহাত্মা গান্ধীৰ পদাৰ্পণ ঘটে। সেই দিনা শিৱসাগৰৰ ৰাইজেও মহাত্মাৰ বক্তৃতা শুনিবলৈ পায়।৩

সন্মান

১৯৬০ চনৰ সাহিত্য অকাডেমি বঁটাৰ বাবে গ্ৰন্থখন বিবেচিত হৈছিল।১ ১৯৬১ চনৰ ২৬ মাৰ্চত ভাৰতৰ তেতিয়াৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে তেখেতেক নতুন দিল্লীত এই সন্মান প্ৰদান কৰে।২

তথ্যসূত্ৰ

  1. ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৫৯৯. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
  2. ↑ কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত. Internet archieve
  3. ↑ শৰ্মা, বেণুধৰ. যোৰহাটত মহাত্মাৰ প্ৰথম পদাৰ্পণ. এনাজৰী

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থসাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত” প্ৰবন্ধৰ সংশোধন ৩৮৪৮৫৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।