অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আমাজন কিণ্ডল

আমাজন কিণ্ডল হৈছে আমাজনৰ দ্বাৰা নিৰ্মিত আৰু ইয়াৰ অনলাইন মাৰ্কেট যোগে বিক্ৰী কৰা এশ্ৰেণী ই-পঠন সঁজুলি। আমাজন কিণ্ডল সঁজুলিটোৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে ই-বুক, বাতৰিকাকত, আলোচনী আৰু আন ডিজিটেল মাধ্যম অনাতাঁৰ ব্যৱস্থাৰে কিণ্ডল ষ্ট'ৰত সন্ধান কৰিব পাৰে, কিনিব পাৰে আৰু ডাউনলোড কৰি পঢ়িব পাৰে।

হালনাগাদ: ৫ জুলাই ২০২৬ ২৯১ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

আমাজন কিণ্ডল হৈছে আমাজনৰ দ্বাৰা নিৰ্মিত আৰু ইয়াৰ অনলাইন মাৰ্কেট যোগে বিক্ৰী কৰা এশ্ৰেণী ই-পঠন সঁজুলি। আমাজন কিণ্ডল সঁজুলিটোৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে ই-বুক, বাতৰিকাকত, আলোচনী আৰু আন ডিজিটেল মাধ্যম অনাতাঁৰ ব্যৱস্থাৰে কিণ্ডল ষ্ট'ৰত সন্ধান কৰিব পাৰে, কিনিব পাৰে আৰু ডাউনলোড কৰি পঢ়িব পাৰে।১ আমাজনৰ সহযোগী কোম্পানী লেব১২৬-ৰ দ্বাৰা বিকশিত এই হাৰ্ডৱেৰ মাধ্যমবিধ ২০০৭ চনত একক সঁজুলি হিচাপে আৰম্ভ কৰা হৈছিল। বৰ্তমান ইয়াত ই-চিয়াহীৰ ইলেক্ট্ৰনিক পেপাৰ ডিছপ্লেযুক্ত ই-পঠন সঁজুলি আৰু সকলো প্ৰধান কম্পিউটিং প্লেটফৰ্মত উপলব্ধ কিণ্ডল এপ্লিকেশ্বনকে ধৰি ভিন্ন প্ৰকাৰৰ সঁজুলি সামৰি লোৱা হৈছে। সকলো কিণ্ডল সঁজুলি কিণ্ডল ষ্ট’ৰৰ উপাদানসমূহৰ সৈতে সমন্বিত হৈ থাকে। ২০১৮ চনৰ মাৰ্চ মাহলৈকে কিণ্ডল ষ্ট'ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোকসকলৰ বাবে ছয় মিলিয়নতকৈ অধিক ই-বুক উপলব্ধ আছিল।২

নামকৰণ আৰু বিৱৰ্তন

২০০৪ চনত আমাজনৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া জেফ বেজোছে কোম্পানীটোৰ কৰ্মচাৰীসকলক আমাজনৰ প্ৰতিদ্বন্দ্বীসকলে নিৰ্মাণ কৰাৰ আগতেই বিশ্বৰ শ্ৰেষ্ঠ ই-ৰিডাৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল। আমাজনে প্ৰথমে সঁজুলিবিধৰ বাবে Fiona সংকেতনামটো ব্যৱহাৰ কৰিছিল। ৩

ব্ৰেণ্ডিং পৰামৰ্শদাতা মাইকেল ক্ৰ’নান আৰু কেৰিন হিবমাই কিণ্ডল নামটো ভাবি উলিয়াইছিল। লেব১২৬ এ তেওঁলোকক সামগ্ৰীবিধৰ নাম দিবলৈ ক'লে, আৰু তেওঁলোকে 'কিণ্ডল' নামটোৰ পৰামৰ্শ দিছিল। ইয়াৰ অৰ্থ আছিল "একুৰা জুই জ্বলাবলৈ"।৪ তেওঁলোকে অনুভৱ কৰিছিল যে অধ্যয়ন আৰু বৌদ্ধিক উত্তেজনাক সূচাবলৈ ই এটা উপযুক্ত উপমা। ৫

কিণ্ডলৰ হাৰ্ডৱেৰ ২০০৭ চনত প্ৰৱৰ্তিত মূল কিণ্ডল আৰু ২০০৯ চনত প্ৰৱৰ্তিত কিণ্ডল ডিএক্স (ইয়াৰ ডাঙৰ পৰ্দাৰ সৈতে)ৰ পৰা বিকশিত হৈছে। ইয়াৰ পৰিসৰৰ ভিতৰত আছে- কিব'ৰ্ডযুক্ত (কিণ্ডল কিব'ৰ্ড), স্পৰ্শ সংবেদনশীল আহিলা, প্ৰতিভাত উচ্চ-মানসম্পন্ন পৰ্দা (কিণ্ডল পেপাৰহোৱাইট), কিণ্ডল এপযুক্ত টেবলেট কম্পিউটাৰ (কিণ্ডল ফায়াৰ), আৰু স্পৰ্শ-সংবেদনশীল পৰ্দা থকা কম মূল্যৰ আহিলা (কিণ্ডল ৭)। আৰম্ভণিৰে পৰা কিণ্ডল ই-পঠন সঁজুলিবিধ বহুমুখী উদ্দেশ্যৰ হাৰ্ডৱেৰ হোৱাৰ পৰিৱৰ্তে পঢ়াৰ বাবে একক উদ্দেশ্যৰ সঁজুলি হৈ আহিছে যাতে পঢ়াৰ সময়ত মনোযোগ বিঘিনি নঘটে।

আমাজনে উইণ্ড'জ, মেকঅ'এছ, এণ্ড্ৰইড, আইঅ'এছ, ব্লেকবেৰী ১০ আৰু উইণ্ড'জ ফোনকে ধৰি বিভিন্ন সঁজুলি আৰু মাধ্যমত ব্যৱহাৰৰ বাবে কিণ্ডল এপসমূহো প্ৰৱৰ্তন কৰিছে।৬ আধুনিক ৱেব ব্ৰাউজাৰসমূহ ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীয়ে ই-বুক পঢ়িব পৰাকৈ আমাজনত এটা ক্লাউড ৰিডাৰো আছে।৭

তথ্যসূত্ৰ

  1. ↑ Dudley, Brier. (November 19, 2007). Kindle hacking, iPod parallels and a chat with the Kindle director. Seattle Times
  2. ↑ Kindle Store: Kindle eBooks . Retrieved March 30, 2018
  3. ↑ Inside the secret lab where Amazon is designing the future of reading The Verge, 2014
  4. ↑ Online Etymology Dictionary: kindle
  5. ↑ Friedman, Nancy. (December 9, 2008). How the Kindle got its name. nancyfriedman.typepad.com
  6. ↑ Perez, Sarah. (May 18, 2010). Kindle for Android Is Coming. The New York Times
  7. ↑ Kindle Cloud Reader Amazon.com

সম্পৰ্কিত শ্ৰেণী

সঁজুলি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমাজন কিণ্ডল” প্ৰবন্ধৰ সংশোধন ৬১৫৮৮২ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।