disk appears distorted into an arc.]]
in a flat spacetime.]]
কৃষ্ণগহ্বৰ (Black hole) হৈছে মহাকাশৰ একো একোটা বিশেষ অঞ্চল, য'ৰ পৰা একোয়েই, আনকি পোহৰো; ওলাই যাব নোৱাৰে। সাধাৰণ আপেক্ষিকতাবাদ অনুসৰি পৰ্যাপ্তভাৱে গাঢ় (compact) বা অতি ঘনত্ব বিশিষ্ট ভৰপিণ্ডই কাল-স্থান (Spacetime) স্থানাংক তন্ত্ৰৰ নিজস্ব বিশেষ স্থানত সৃষ্টি কৰা বিকৃতি(deformation)ৰ জৰিয়তে কৃষ্ণগহ্বৰ গঠন হ'ব পাৰে। কৃষ্ণগহ্বৰ একোটাৰ চৌপাশে গাণিতীয় ভাৱে সংজ্ঞাবদ্ধ "ইভেণ্ট্ হ'ৰাইজ'ন" Event horizon নামৰ এখনি পৃষ্ঠ আছে, আৰু এই পৃষ্ঠখনে "উভতিব নোৱাৰা বিন্দু" চিহ্নিত কৰে। তাপগতিবিজ্ঞানৰ 'নিখুঁত কৃষ্ণকায়' ৰ দৰে কৃষ্ণগহ্বৰে ইয়াৰ "হ'ৰাইজ'ন"ত আপতিত ক্ষুদ্ৰাংশও প্ৰতিফলিত নকৰাকৈ সকলো পোহৰ শোষণ কৰে, আৰু সেইবাবেই আৰু ইয়াক "কৃষ্ণ" নামকৰণ কৰা হৈছে। কোৱাণ্টাম বলবিজ্ঞানৰ মতে কৃষ্ণগহ্বৰেও অশূন্য উষ্ণতাত কৃষ্ণকায়ৰ দৰে শক্তি বিকিৰণ নিৰ্গত কৰিব পাৰে। এই উষ্ণতা কৃষ্ণগহ্বৰৰ ভৰৰ ব্যস্তানুপাতিক। সেইবাবেই, সূৰ্য্য়ৰ সমভৰৰ বা বেছিভৰযুক্ত তৰাৰ কৃষ্ণগহ্বৰ বিকিৰণ প্ৰত্যক্ষ কৰাটো জটিল কাৰ্য্য হৈ পৰে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণগহ্বৰ” প্ৰবন্ধৰ সংশোধন ২৩৭৬২৪ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।