মহিলা পদাৰ্থ বিজ্ঞানী
৫ প্ৰবন্ধ
-
এণ্ড্ৰিয়া এম. ঘেজ
এণ্ড্ৰিয়া মিয়া ঘেজ (Andrea Mia Ghez; জন্ম: ১৬ জুন ১৯৬৫) এগৰাকী আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আৰু বৰ্তমান লছ এঞ্জেলেছত অৱস্থিত কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁক আমাৰ তাৰকাৰাজ্য হাতীপটিৰ কেন্দ্ৰৰ বিষয়ে কৰা অধ্যয়নৰ বাবে জনাজাত।
-
বিভা চৌধুৰী
বিভা চৌধুৰী (১৯১৩ - ২ জুন ১৯৯১) এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেওঁ মূলতঃ কণা পদাৰ্থ বিজ্ঞান আৰু মহাজাগতিক ৰশ্মিৰ ওপৰত গৱেষণা চলাইছিল। আন্তৰ্জাতিক জ্যোৰ্তিবিজ্ঞান সংঘয়ে ২০১৯ চনত ইকুয়েটৰ তাৰকামণ্ডলৰ দক্ষিণত অৱস্থিত চেক্সটান তাৰকামণ্ডলৰ এটা তৰা এইছডি ৮৬০৮১ৰ নাম সলনি কৰি তেওঁৰ নামত নতুনকৈ নামাকৰণ…
-
মৌমিতা দত্ত
মৌমিতা দত্ত এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে মহাকাশ প্ৰয়োগ কেন্দ্ৰ (Space Applications Centre,SAC), আৰু আহমেদাবাদস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত বিজ্ঞানী/অভিযন্তা হিচাপে কৰ্মৰত। তেখেত আলোকীয় আৰু ইনফ্ৰাৰেড সংবেদক/সৰঞ্জামৰ বিকাশ আৰু পৰীক্ষণৰ লগত জড়িত(cameras and imaging spectrometers)।
-
অনিতা গোয়েল
অনিতা গোয়েল (ইংৰাজী: Anita Goel) হৈছে এগৰাকী আমেৰিকান পদাৰ্থ বিজ্ঞানী আৰু চিকিৎসক। নেন'জৈৱপদাৰ্থবিজ্ঞান, বিশেষকৈ আণৱিক বলবিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অগ্ৰণী অৱদানৰ বাবে তেখেতে সমগ্ৰ বিশ্বতে পৰিচিতি লাভ কৰিছে।
-
ৰূপামঞ্জৰী ঘোষ
ৰূপামঞ্জৰী ঘোষ (Rupamanjari Ghosh) হৈছে উত্তৰপ্ৰদেশস্থিত শিৱ নদৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। নতুন দিল্লীস্থ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ "স্কুল অৱ ফিজিকেল চায়েন্স"ত তেখেত এগৰাকী পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আৰু ডিন আছিল।