অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

এঙ্গল' আছামিজ ডিক্সনেৰি অৱ মেথেমেটিক্স

এঙ্গল' আছামিজ ডিক্সনেৰি অৱ মেথেমেটিক্স (Anglo Assamese Dictionary Of Mathematics নতুবা ইংৰাজী-অসমীয়া গণিত অভিধান) হৈছে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাৰ এখন গণিত অভিধান। অসমীয়া ভাষাত গণিত বিষয়ত এনে অভিধান এয়ে প্ৰথম।

হালনাগাদ: ৯ অক্টোবৰ ২০২৪ ১৭৭ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

এঙ্গল' আছামিজ ডিক্সনেৰি অৱ মেথেমেটিক্স (Anglo Assamese Dictionary Of Mathematics নতুবা ইংৰাজী-অসমীয়া গণিত অভিধান) হৈছে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাৰ এখন গণিত অভিধান। অসমীয়া ভাষাত গণিত বিষয়ত এনে অভিধান এয়ে প্ৰথম।১ অভিধানখন ৰচনা কৰাত মুঠ চাৰিজন ব্যক্তি জড়িত।মূল লেখক খনীন্দ্ৰ চন্দ্ৰ চৌধুৰীয়ে তেওঁৰ তিনিজন সহযোগীৰ সৈতে ৫০০ পৃষ্ঠাৰ গ্ৰন্থখন ৰচনা কৰিছে। ২০২০ চনৰ নৱেম্বৰ মাহত মহাবীৰ প্ৰকাশনৰ পৰা গ্ৰন্থখন প্ৰথম প্ৰকাশ হয়।২

বিৱৰণ

গণিত বা বিজ্ঞান অভিধান কেৱল শব্দাৰ্থৰ সংকলন নহৈ বিশ্বকোষৰ দৰে হয়। Anglo Assamese Dictionary Of Mathematics খনো তেনেধৰণে লিখা হৈছে। ইয়াত শব্দ বা শব্দগুচ্ছসমূহৰ অৰ্থ আছে আৰু সংজ্ঞাসমূহ ইংৰাজী আৰু অসমীয়া দুয়োটাতে দিয়া আছে। অসমীয়া ব্যাখ্যাৰ লগতে চিত্ৰৰ ব্যাখ্যাও আছে।১২

গণিত-বিজ্ঞানৰ কুইজ প্ৰতিযোগীৰ বাবে গ্ৰন্থখন এক সমল।১

লেখকৰ চমু পৰিচয়

কিতাপখনৰ লেখক খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী। তেখেতৰ তিনিজন সহযোগী নিলাক্ষী গোস্বামী, নৱজিৎ তালুকদাৰ আৰু আৰু মৈত্ৰেয়ী চৌধুৰী।২আটাইকেইজন শিক্ষকতা বৃত্তিৰ লগত জড়িত।১

খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত (UGC, EMERITUS) অধ্যাপক। তেওঁ বিমুৰ্ত গণিত (Pure Mathematics)-ত বিশেষকৈ বীজগণিতত বহুলভাৱে কৰা গৱেষণাৰ বাবে পৰিচিত। তেওঁক Goldie Module-ৰ গঠন আৰু Goldie Near-Ring বুলি কোৱা ধাৰণাটো সম্প্ৰসাৰণ কৰাৰ মান্যতা দিয়া হৈছে।৩ চৌধুৰীয়ে গৱেষণামূলক কিতাপৰ লগতে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যক্ৰম সংক্ৰান্ত বহুতো কিতাপ লিখিছে।

সহযোগী লেখক নিলাক্ষী গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপিকা। তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে শীৰ্ষস্থান অধিকাৰ কৰিছিল।আই আই টি দিল্লীৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।২

কটন বিশ্ববিদ্যালয়ৰ গণিতৰ বিভাগৰ সহকাৰী অধ্যাপক নৱজিৎ তালুকদাৰ কিতাপখনৰ সহযোগী সম্পাদক। তেওঁ কিছুবছৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগতো অধ্যাপনা কৰিছিল। ২

আনগৰাকী সহযোগী মৈত্ৰেয়ী চৌধুৰীয়ে চিত্ৰসন্ধান আৰু পুনঃস্থাপনৰ কাম কৰিছে। ২

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ পংকজ জ্যোতি মহন্ত. (২৮ ডিচেম্বৰ, ২০২০). এখন গণিত অভিধানৰ অভাৱ দূৰ হ'ল. নিয়মীয়া বাৰ্তা. পৃ. ১৬
  2. ↑ Khanindra Chandra Choudhury, Nilakshi Goswami. (Nov, 2020). Anglo Assamese Dictionary of Mathematics. Mahaveer Publication
  3. ↑ Biography of KCC. People Pill

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅভিধানগণিতৰ গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এঙ্গল' আছামিজ ডিক্সনেৰি অৱ মেথেমেটিক্স” প্ৰবন্ধৰ সংশোধন ৪৩৬২৮০ (৯ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।