ভাৰতীয় ট্ৰান্সজেণ্ডাৰ অভিনেত্ৰী
৭ প্ৰবন্ধ
-
লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী
লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী (Laxmi Narayan Tripathi, জন্ম: ১৩ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় ট্ৰান্সজেণ্ডাৰ আৰু হিজৰা অধিকাৰ কৰ্মী, বলিউড অভিনেত্ৰী, ভাৰতনাট্যম নৃত্যশিল্পী, কোৰিঅ'গ্ৰাফাৰ আৰু প্ৰেৰণামূলক বক্তা। তেওঁ কিন্নৰ আখাড়াৰ আচাৰ্য মহামণ্ডলেশ্বৰ।
-
বিশেষ হুইৰেম
বিশেষ হুইৰেম এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মণিপুৰৰ মেইতেই জনগোষ্ঠীৰ অন্তৰ্গত। তেওঁ থাইলেণ্ডৰ পাত্তায়াত অনুষ্ঠিত মিছ ইণ্টাৰনেচনেল কুইন (ট্ৰান্সজেণ্ডাৰ) ২০১৬ সৌন্দৰ্য প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম ভাৰতীয় হিচাপে বিশেষভাৱে পৰিচিত।
-
ইভাংকা দাস
ইভাংকা দাস (জন্ম নাম: অৰণদীপ দাস) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী, নৃত্য পৰিচালক, আৰু মডেল। ভাৰতীয় ৰিয়েলিটি টেলিভিছন শ্ব ' ডান্স দীৱানে, হদ্দী আৰু ঘূমেৰ ছবিৰ লগতে নেটফ্লিক্সৰ ধাৰাবাহিক বম্বে বেগমছত অংশগ্ৰহণৰ বাবে তেওঁ পৰিচিত৷
-
এঞ্জেল গ্লেডি
এঞ্জেল গ্লেডি এগৰাকী ভাৰতীয় সামাজিক কৰ্মী, শিক্ষাবিদ আৰু নাট্য শিল্পী। তেওঁৰ জন্ম আৰু ডাঙৰ-দীঘল তামিলনাডুত। তেওঁ বিশেষকৈ LGBTQ+ সমাজৰ অধিকাৰৰ বাবে কৰা কাম আৰু নাট্যকলাৰ জৰিয়তে আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত।
-
কাৰ্পাগা
কাৰ্পাগা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল চলচ্চিত্ৰ পাল-ৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে। তেওঁ ভাৰতত মূলধাৰাৰ চলচ্চিত্ৰত মুখ্য ভূমিকাত অভিনয় কৰা প্ৰথমগৰাকী ট্ৰান্সজেণ্ডাৰ ব্যক্তি।
-
নীতু বনজাক্ষী
নীতু বনজাক্ষী (জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৯৩) হৈছে কৰ্ণাটকৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বিগ বচ কন্নড় – ছিজন ১০-ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল, আৰু সাত সপ্তাহৰ পিছত অনুষ্ঠানৰ পৰা বাদ পৰে।
-
লিভিং স্মাইল বিদ্যা
লিভিং স্মাইল বিদ্যা (যাক স্মাইলী বুলিও কোৱা হয়) এগৰাকী ভাৰতীয় অভিনেত্ৰী, সহ-পৰিচালক, লেখিকা আৰু ট্ৰান্সজেণ্ডাৰ তথা দলিত অধিকাৰ আন্দোলনকাৰী। তেওঁ চেন্নাইৰ বাসিন্দা।