আহমদ আলী বদৰপুৰী (১৯১৫–১১ জুন ২০০০) যাক আহমদ আলী বাঁশকান্দি আৰু আহমদ আলী আসামী নামেৰেও জনা যায়। তেওঁ আছিল একাধাৰে এজন ভাৰতীয় ইছলামিক পণ্ডিত, চুফী, স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ। তেওঁ ৪৪ বছৰ ধৰি অসম ৰাজ্যিক জমিয়ত উলামা-ই-হিন্দৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।
বাল্যকাল আৰু শিক্ষা
আহমদ আলী বদৰপুৰীৰ জন্ম হৈছিল ১৯১৫ চনত তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত অসমৰ চিলেট জিলাত অৱস্থিত বদৰপুৰৰ এটা চুফী পৰিয়ালত।১ তেওঁ আছিল শ্বাহ জালাল মুজাৰ্ৰৰাদ ইয়েমেনিৰ বিশেষ অনুমোদিত শিষ্য শ্বাহ ছিকান্দাৰ খান গাজীৰ খাদিম হজৰত মনোৱাৰ ইয়েমেনিৰ বংশধৰ।২৩৪
বদৰপুৰী স্থানীয়ভাৱে বদৰপুৰতে প্ৰাথমিক শিক্ষা শেষ কৰে আৰু তাৰ পিছত উচ্চ শিক্ষা লাভৰ বাবে চিলেটৰ চৰকাৰী আলিয়া মাদ্ৰাছাত ভৰ্তি হয়। তেওঁ তাত ১৯৩৮ চনৰ পৰা ১৯৪০ চনলৈকে অধ্যয়ন কৰি আনুষ্ঠানিকভাৱে দাৰ্চ-ই-নিজামিত স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ পুনৰাই স্নাতক ডিগ্ৰী অৰ্জনৰ উদ্দেশ্যে দাৰুল উলুম দেওবন্দলৈ গমন কৰে যদিও কিছুমান স্বাস্থ্যজনিত জটিলতাৰ বাবে অধ্যয়ন স্থগিত ৰাখি ঘৰলৈ উভতিব লগীয়া হয়। ১৯৫০ চনত তেওঁ পুনৰাই দেওবন্দত উপস্থিত হয় আৰু তাৰ পিছৰ বছৰতেই দৌৰা-ই-হাদীছ (দাৰ্ছ-ই-নিজামিৰ শেষ বছৰ) আৰু দৌৰা-ই-তাফছিৰ (কোৰআনৰ ব্যাখ্যাত বিশেষজ্ঞতা) অধ্যয়ন সমাপ্ত কৰে। সেই সময়ত তেওঁ মাত্ৰ আঢ়ৈ মাহৰ ভিতৰতেই সম্পূৰ্ণ কোৰআনৰ হাফিজ হয়। তেওঁৰ শিক্ষকসকলৰ ভিতৰত আছিল হুছেইন আহমদ মাদানী, আব্দুছ ছমী' দেওবন্দী, ইজাজ আলী আমৰোহী, ফখৰুল হাছান মুৰাদাবাদী, আৰু আব্দুল আহদ দেওবন্দী।৫৬৭৮ তেওঁ চুফীবাদী তৰিকাত মাদানীৰ এজন অনুমোদিত শিষ্য আছিল।৯১০১১১২১৩১৪
কৰ্মজীৱন
বদৰপুৰী তেওঁৰ কৰ্মজীৱন শিক্ষক হিচাপে দাৰুল উলুম বাঁশকান্দিত আৰম্ভ কৰে। ১৯৫৫ চনত হুছেইন আহমদ মাদানীয়ে প্ৰতিষ্ঠানটোৰ কোনো নিমন্ত্ৰণ অবিহনেই তেওঁক তালৈ পঠিয়াই দিয়ে। কিন্তু মাদ্ৰাছা কৰ্তৃপক্ষই প্ৰথমে তেওঁক শিক্ষক হিচাপে নিযুক্তি দিবলৈ অস্বীকাৰ কৰে যদিও, পিছলৈ মাদানীৰ চিঠি লাভ কৰাৰ পিছত তেওঁলোকে আহমদ আলীক সাদৰে গ্ৰহণ কৰে।১৫১৬১৭
১৯৫৭ চনত হজৰত মাদানীয়ে তেওঁক শ্বেইখ-আল হাদীছ পদত নিযুক্তি দিয়ে আৰু প্ৰতিষ্ঠানটোৰ সম্পূৰ্ণ দায়িত্ব তেওঁৰ ওপৰত অৰ্পণ কৰে। আহমদ আলীয়ে তেওঁৰ জীৱনৰ শেষ নিশ্বাস লৈকে নিজৰ সেই স্থান বজাই ৰাখিছিল। এইদৰে তেওঁৰ শিক্ষকতা জীৱন ৪৫ বছৰতকৈও অধিক কাল অতিক্ৰম কৰে।১৮১৯২০ তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে নিজকে জড়িত কৰিছিল।২১২২২৩২৪
১৯৫৭ চনত তেওঁ সৰ্বসন্মতিক্ৰমে অসম ৰাজ্যিক জমিয়ত উলামা-ই-হিন্দৰ সভাপতি নিৰ্বাচিত হয়। ইয়াৰ আগতে তেওঁ সম্পাদক, আহ্বায়ক আৰু সাধাৰণ কৰ্মী হিচাপে কাম কৰিবলগীয়া হৈছিল। জমিয়ত নেতা হিচাপে তেওঁ পাকিস্তানী খেদা আন্দোলনৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু ইয়াৰ বিৰুদ্ধে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল। এই আন্দোলন ১৯৬০ৰ দশকত তীব্ৰতৰ হয় আৰু ১৯৭০ৰ পৰা ১৯৮০ৰ দশক লৈকে অব্যাহত থাকে যাক বোংগাল খেদা আন্দোলন নামেৰেও জনা যায়।২৫২৬২৭
তেওঁ তেতিয়াৰ চলিহা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল আৰু বিদেশীৰ নামত সংখ্যালঘু সকলৰ প্ৰতি কৰা অমানৱীয় অত্যাচাৰ আৰু হিংসা বন্ধ কৰিবলৈ বাধ্য কৰায়। তেওঁ অসম আন্দোলনৰো বিৰোধিতা কৰিছিল যি নেলী হত্যাকাণ্ডৰ জৰিয়তে এক প্ৰৱল গণবিপ্লৱৰ ৰূপ লৈছিল। তেওঁ তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, আইন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰ আৰু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক বাৰে বাৰে সাক্ষাৎ কৰি সংখ্যালঘু সকলক বিশেষ সুৰক্ষা প্ৰদানৰ বাবে বাধ্য কৰায়। ইয়াৰ ফলাফল আছিল ১৯৮৩ চনৰ আই.এম. ডি. টি. এক্ট।২৮২৯৩০
১৯৯০ৰ দশকৰ আৰম্ভণিতে বদৰপুৰীয়ে বড়ো আন্দোলন নামেৰে আন এক আন্দোলনৰ সন্মুখীন হ’বলগীয়া হৈছিল, যাৰ ফলত নামনি অসমত নিষ্ঠুৰ গণহত্যাৰ সৃষ্টি হৈছিল। তেওঁ চৰকাৰৰ ওচৰত ভুক্তভোগীসকলৰ নিৰাপত্তা আৰু পুনৰ সংস্থাপনৰ বাবে তীব্ৰ দাবী জনায়। এই আন্দোলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৬০০ গৃহহীন অনাথৰ বোজা তেওঁ নিজে কান্ধ পাতি লয় আৰু বাশকান্দি মাদ্ৰাছাত আশ্ৰয় দিয়ে। এইদৰে সকলো সময়তে তেওঁ যিকোনো ধৰণৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতি গৈছিল, এনেকি জীৱনৰ শেষ মুহূৰ্তত ২০০০ চনৰ ১ এপ্ৰিলত গুৱাহাটীত এখন ঐতিহাসিক জমিয়ত সভাৰ আয়োজন কৰি চৰকাৰক সাম্প্ৰদায়িক মন্তব্যৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰিছিল।৩১৩২৩৩
বদৰপুৰীয়ে তেওঁৰ শিক্ষক হুছেইন আহমদ মাদানীৰ দ্বাৰা অনুপ্ৰাণিত হৈ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। ব্ৰিটিছ বিৰোধী কাৰ্যকলাপৰ বাবে তেওঁ কেইবাবাৰো কাৰাবৰণ কৰিবলগীয়া হৈছিল। তেওঁ জমিয়তৰ সমৰ্থনত কাম কৰিছিল আৰু ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। ১৯৪৭ চনৰ জুলাই মাহত অনুষ্ঠিত হোৱা চিলেট গণভোটৰ সময়ত তেওঁ চিলেটক ভাৰতত অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ এক সাহসী আৰু ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল।৩৪৩৫৩৬৩৭
তেওঁ হাজাৰ হাজাৰ মছজিদ, মাদ্ৰাছা, খানকাহ প্ৰতিষ্ঠা কৰিছিল আৰু শেষত গুৱাহাটী খানকাহ প্ৰতিষ্ঠা কৰিছিল, য’ত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকে আধ্যাত্মিক সংশোধনৰ পথ বিচাৰি আহে। তেওঁ কাদিয়ানসকলৰ ভণ্ডামি আৰু বিচ্যুতিৰ বিৰোধিতা কৰিছিল। তেওঁ এনেকি কাদিয়ানীৰ ভণ্ডামিৰ ওপৰত বাংলা ভাষাত এখন কিতাপ লিখিছিল, যাৰ নাম “খতমে নাবুওতেৰ অ কাদিয়ানিয়াতেৰ গুমৰাহিৰ অকাট্ট দলিল সমূহ”। (অসমীয়া অনুবাদ) খতম-ই-নাবুৱাত আৰু কাদিয়ানসকলৰ বিচ্যুতিৰ অনস্বীকাৰ্য প্ৰমাণ সমূহ।৩৮৩৯৪০৪১৪২৪৩
সন্মান আৰু পদবী
বদৰপুৰীৰ মৃত্যুৰ পিছত তৰুণ গগৈ চৰকাৰে তেওঁৰ সন্মানাৰ্থে আহমদ আলী বাশকান্দি বঁটা আৰম্ভ কৰে।৪৪৪৫৪৬৪৭ ১৯৯০ চনৰ পৰা মৃত্যুৰ আগলৈকে তেওঁ উত্তৰ-পূব ভাৰতৰ আমিৰ-ই-শ্বৰিয়ত হিচাপেও সফল দায়িত্ব পালন কৰে।৪৮৪৯৫০
সাহিত্য ৰচনা
বদৰপুৰীয়ে বাংলা, অসমীয়া আৰু উৰ্দু ভাষাত কেইবাখনো অমূল্য গ্ৰন্থ ৰচনা কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য গ্ৰন্থ সমূহ হল:৫১৫২৫৩৫৪<ref name=":" Mausoo'ah"">মুবাৰকপুৰী, আৰিফ জমিল. (2021). Mausoo'a Ulama-u- Deoband. Shaikhul Hind Academy. পৃ. 27</ref>
- আলম-ই-বৰ্জখ (বাংলা আৰু অসমীয়া)
- পবিত্ৰ হৰমত্ৰয়েৰ ইতিহাস (বাংলা)
- জমিয়তেৰ মুল কথা (বাংলা)
- এলমে মা'ৰিফাতেৰ বিশিষ্ট বাহানত্ৰয় ও মাশাইখ চৰিত (বাংলা)
- ফজাইল-ই-ছাবান, ৰমজান ও ফজাইল-ই-নফল ৰোজা (অসমীয়া)
- খতমে নবুৱাতেৰ ও কাদিয়ানিয়াতেৰ গুমৰাহীৰ অকাট্ট দলিল সমূহ (বাংলা)
- জুহুৰ-ই-মাহদি ও নুজুল-ই-ইছা (উৰ্দু আৰু বাংলা)
- ছালাচিল-ই-তাইয়্যিবা (বাংলা)
- 'ফুয়ুজ-ই-মাদানী (বাংলা ভাষাত লিখা আহমদ আলী চাহাবৰ ছালাচিল-ই-তাইয়্যিবা নামৰ গ্ৰন্থখনৰ উৰ্দু অনুবাদ)৫৫
মৃত্যু আৰু উত্তৰাধিকাৰ
২০০০ চনৰ ১১ জুন তাৰিখে মুম্বাইত বদৰপুৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃতদেহ বিমানযোগে অসমলৈ অনা হয়। ১৩ জুনত তেওঁক দাৰুল উলুম বাঁশকান্দিৰ চৌহদত সমাধিস্থ কৰা হয়। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত কেইবা লাখ লোকে অংশগ্ৰহণ কৰে।৫৬৫৭৫৮৩৭৫৯ মৃত্যুৰ সময়ত তেওঁ একমাত্ৰ সন্তান মহম্মদ ইয়াহিয়াক ইহজগতত এৰি থৈ যায়। তেওঁ বৰ্তমান উত্তৰ-পূব ভাৰতৰ আমিৰ-ই-শ্বৰিয়ত।৬০৬১ বদৰপুৰীৰ মৃত্যুত বহু ব্যক্তিয়ে শোক প্ৰকাশ কৰে। আছ’আদ মাদানীয়ে তেওঁৰ মৃত্যুক বিংশ শতিকাৰ সৰ্ববৃহৎ ট্ৰেজেডী বুলি অভিহিত কৰে। ছোনিয়া গান্ধীয়ে তেওঁক স্বাধীনতা সংগ্ৰামী বুলি অভিহিত কৰি কৈছিল যে আহমদ আলী চাহাবে সদায় বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত শান্তি আৰু সামাজিক সম্প্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই তেওঁক শান্তি, প্ৰেম আৰু সামাজিক সম্প্ৰীতিৰ প্ৰতীক বুলি অভিহিত কৰে। কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ মতে তেওঁৰ মৃত্যু আছিল সমগ্ৰ দেশৰ বাবে এক বৃহৎ ক্ষতি।৬২৩৭
তথ্য সংগ্ৰহ
গ্ৰন্থতালিকা
- কাছমী, আব্দুল কাদিৰ. (জানুৱাৰী 2010). Sheikh Moulana Ahmed Ali, Jeevan Aru Karma. মুফাছিল আলী
- আসামী, মুজাম্মিল আলী. (জানুৱাৰী 2016). Qutub-e-Aalam Hazrat Maulana Ahmed Ali Sahab: Hayat Aur Karname. মুমতাজ বুক ডিপো
- বদৰপুৰী, আহমেদ আলী. (জানুৱাৰী 1997). Pabitra Haram Trayer Etihas. জামিয়া ইছলামিয়া জালিলিয়া
- বদৰপুৰী, আহমেদ আলী. (1992). Salasil-e-Tayyibah. মুফাছিল আলী
- বদৰপুৰী, আহমদ আলী. (1996). Fuyudh-e-Madani. মুফাছিল আলী
- আহমদ, বছিৰ. (নৱেম্বৰ 2000). Chirag-e-Madani. মঃ আহমদ হুছেইন
- ইছলাম, এম ডি নাজৰুল. (2000). Hazrat Sheikh Maulana Ahmed Ali er Smriti patra. দাৰুল উলুম বাস্কাণ্ডি
- (জুলাই–অক্টোবৰ 2000). A special issue containing life story of Hazrat Moulana Sheikh Ahmed Ali. জ্ঞান সম্ভাৰ. মাৰ্কাজ সাহিত্য পৰিষদ
- কাছমী, বিশুদ্ধ. (2000). Darul Uloom Banskandi. দাৰুল উলুম বাংস্কান্দী
- বদৰপুৰী, আহমেদ আলী. (1998). Khatme Nabowater O Kadianiater Gumraihir Akatya Dalil Samooh. ছাইদ ইয়াচিন আলী
- ৰাঘিবী, আব্দুল জলিল. (1994). Purba Bharater Oli-e-Kamil. মাৰ্কাজুল মাৰিফ
অধিক পঢ়া
- ৰাঘিবী, আব্দুল জলিল. (2007). Mashaheer Ulama O Mashayekh e Assam (Shehbaz e Qudus). Noori Islamic Foundation. পৃ. 43–90
- আলী, আমজেদ. (11 October 2023). Biography of Hazrat Maulana Ahmad Ali Badarpuri (RA). Deoband Online
তথ্যসূত্ৰ
- ↑ বদৰপুৰী 1996, পৃ. 6
- ↑ কাছমী 2010, পৃ. 8–9
- ↑ বদৰপুৰী 1992, পৃ. 1
- ↑ আসামী 2016, পৃ. 19–21
- ↑ বদৰপুৰী 1992, পৃ. 1–8, 13
- ↑ আহমদ 2000, পৃ. 6–7, 54–55
- ↑ কাছমী 2010, পৃ. 10–14
- ↑ বদৰপুৰী 1996, পৃ. 7
- ↑ বদৰপুৰী 1997, পৃ. 7
- ↑ বদৰপুৰী 1992, পৃ. 12–13, 18
- ↑ কাছমী 2010, পৃ. 7, 16
- ↑ (10 জুলাই 1998). Shaikhul Islam Number (A special issue). আল-জাম'ইয়াত সাপ্তাহিক. জমিয়ত উলামা-ই-হিন্দ. পৃ. 16
- ↑ অল-ৱহীদী, ফৰীদ. (1991). Shaikhul Islam Maulana Hussain Ahmad Madani: Ek Sawanihi O Tareekhi Mutala'a. কৌমি কিতাব ঘৰ. পৃ. 828
- ↑ হানীফ, এন. (2000). Biographical Encyclopaedia of Sufis: South Asia. সৰুপ আৰু পুত্ৰ. পৃ. 357. ISBN 9788176250870
- ↑ কাছমী 2010, পৃ. 17–21
- ↑ কাছমী 2000, পৃ. 3–4
- ↑ বদৰপুৰী 1992, পৃ. 18–21
- ↑ কাছমী 2010, পৃ. 17–21
- ↑ কাছমী 2000, পৃ. 3–4
- ↑ বদৰপুৰী 1992, পৃ. 18–21
- ↑ বদৰপুৰী 1992, পৃ. 1–8, 13
- ↑ আহমদ 2000, পৃ. 6–7, 54–55
- ↑ কাছমী 2010, পৃ. 10–14
- ↑ বদৰপুৰী 1996, পৃ. 7
- ↑ কাছমী 2010, পৃ. 20–23, 39–42
- ↑ ৰাঘিবী মুস্তফী 2000, পৃ. 41–47, 51
- ↑ ইছলাম 2000, পৃ. 9
- ↑ কাছমী 2010, পৃ. 20–23, 39–42
- ↑ ৰাঘিবী মুস্তফী 2000, পৃ. 41–47, 51
- ↑ ইছলাম 2000, পৃ. 9
- ↑ কাছমী 2010, পৃ. 20–23, 39–42
- ↑ ৰাঘিবী মুস্তফী 2000, পৃ. 41–47, 51
- ↑ ইছলাম 2000, পৃ. 9
- ↑ ৰঘিবী 1994, পৃ. 4–6
- ↑ বদৰপুৰী 1992, পৃ. 4–5
- ↑ ৰঘিবী মুস্তফী 2000, পৃ. 11–17, 51
- ↑ (12 June 2000). চিৰনিদ্ৰায় মৌলানা আহমেদ আলি... Dainik Sonar Cachar. পৃ. 1
- ↑ আহমদ 2000, পৃ. 15, 38–39
- ↑ আলী, ছায়িদ ইয়াছিন. (1998). Khanqah–A brief introduction. Sayid Yasin Ali. পৃ. 2–5
- ↑ কাছমী 2010, পৃ. 29–32
- ↑ ৰাঘিবী মুস্তফী 2000, পৃ. 27, 54
- ↑ বদৰপুৰী 1998, পৃ. 21–38
- ↑ (নৱেম্বৰ–ডিচেম্বৰ 2013). فضيلة الشيخ أحمد علي رحمه الله وجهوده التربوية والإصلاحية بولاية "آسام" الهندية؛ بقلم فريد الدين أحمد. আদ-দাই. দাৰুল উলুম দেওবন্দ
- ↑ কাছমী 2010, পৃ. 23–24, 98–100
- ↑ (2 March 2016). Ahmed Ali Baskandi Award presented. www.sentinelassam.com. The Sentinel
- ↑ খোছা, আছা. (3 জুলাই 2022). Assam revives awards in the name of historic Muslim personalities. www.awazthevoice.in. Awaz The Voice
- ↑ (2010-09-15). CM presents Ahmed Ali Baskandi Award. assamtribune.com
- ↑ কাছমী 2010, পৃ. 23–24, 98–100
- ↑ বদৰপুৰী 1992, পৃ. 26
- ↑ কাছমী, মুহাম্মাদুল্লাহ. (অক্টোবৰ 2020). Darul Uloom Deoband Ki Jame O Mukhtasar Tareekh. শইখুল হিন্দ একাডেমী. পৃ. 736–737
- ↑ ৰাঘিবী মুস্তফী 2000, পৃ. 65–66
- ↑ কাছমী 2010, পৃ. 171–175
- ↑ ইছলাম 2000, পৃ. 4
- ↑ আসামী 2016, পৃ. 221
- ↑ বদৰপুৰী 1996, পৃ. 5
- ↑ কাছমী 2010, পৃ. 119
- ↑ ইছলাম 2000, পৃ. 11
- ↑ ৰাঘিবী মুস্তফী 2000, পৃ. 1
- ↑ আহমদ 2000, পৃ. 92
- ↑ কাছমী, তয়িব আহমেদ. (2016). Khanquah. খানকুৱা শইখুল হাদীছ হজৰত মৌলানা আহমদ আলী. পৃ. 3
- ↑ (7 এপ্ৰিল 2013). Markazul Maarif Mumbai Holds its 18th Convocation. deoband.net
- ↑ কাছমী 2000, পৃ. 20–21
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহমদ আলী বদৰপুৰী” প্ৰবন্ধৰ সংশোধন ৫৭০৩৪৪ (১৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।