ভাৰতৰ পেৰা-শ্বুটাৰ
৪ প্ৰবন্ধ
-
অৱনী লেখাৰা
অৱনী লেখাৰা (Avani Lekhara; জন্ম ৮ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় পেৰালিম্পিয়ান আৰু ক্ৰীড়া ৰাইফল শ্বুটাৰ। তেওঁ টকিঅ' ২০২০ পেৰালিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ শাখাত স্বৰ্ণ পদক আৰু আৰ৮ শাখাত ৫০ মিটাৰ এয়াৰ থ্ৰী পজিচন এছএইচ১ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
-
মনীষ নাৰৱাল
মনীষ নাৰৱাল (Manish Narwal; জন্ম ১৭ অক্টোবৰ ২০০১) এজন ভাৰতীয় পেৰা পিষ্টল শ্বুটাৰ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত শ্বুটিং প্ৰতিযোগিতাৰ মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ শাখাত স্বৰ্ণ পদক অৰ্জন কৰে। ২০২০ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।
-
মোনা আগৰৱাল
মোনা আগৰৱাল (Mona Agarwal, জন্ম: ৮ নৱেম্বৰ, ১৯৮৭) এগৰাকী ভাৰতীয় পেৰা শ্বুটাৰ। তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ শাখাত অংশগ্ৰহণ কৰে। ২০২৪ চনৰ মাৰ্চ মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা ডব্লিউ এছ পি এছ পেৰা শ্বুটিং বিশ্বকাপত স্বৰ্ণ জয় কৰি পেৰিছ পেৰালিম্পিকৰ বাবে স্থান লাভ কৰে।
-
ৰুবিনা ফ্ৰান্সিছ
ৰুবিনা ফ্ৰান্সিছ (Rubina Francis, জন্ম: ১৯৯৯ চন) এগৰাকী ভাৰতীয় পেৰা পিষ্টল শ্বুটাৰ। ২০২৪ চনৰ জুলাই মাহত দ্বিপাক্ষিক নীতিৰ অধীনত পেৰিছ পেৰালিম্পিকৰ বাবে তেওঁ যোগ্যতা লাভ কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত পেৰালিম্পিকত তেওঁ পি২ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।