ৰাজস্থানৰ ব্যক্তি
২২ প্ৰবন্ধ
-
মহাৰাণা প্ৰতাপ
প্ৰতাপ সিং প্ৰথম (৯ মে' ১৫৪০ – ১৯ জানুৱাৰী ১৫৯৭), লোকসমাজত মহাৰাণা প্ৰতাপ নামেৰে জনাজাত, ১৫৭২ চনৰ পৰা ১৫৯৭ চনত মৃত্যুৰ আগলৈকে বৰ্তমানৰ ৰাজস্থান ৰাজ্যৰ উত্তৰ-পশ্চিম ভাৰতৰ মেৱাৰ ৰাজ্যৰ ৰজা আছিল।
-
বসুন্ধৰা ৰাজে
বসুন্ধৰা ৰাজে সিন্ধিয়া (Vasundhara Raje Scindia; জন্ম ৮ মাৰ্চ ১৯৫৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ দুবাৰকৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
-
অৱনী লেখাৰা
অৱনী লেখাৰা (Avani Lekhara; জন্ম ৮ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় পেৰালিম্পিয়ান আৰু ক্ৰীড়া ৰাইফল শ্বুটাৰ। তেওঁ টকিঅ' ২০২০ পেৰালিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ শাখাত স্বৰ্ণ পদক আৰু আৰ৮ শাখাত ৫০ মিটাৰ এয়াৰ থ্ৰী পজিচন এছএইচ১ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
-
দ্বিতীয় উদয় সিংহ
উদয় সিংহ দ্বিতীয়; (১৫২২ চনৰ ৪ আগষ্ট – ১৫৭২ চনৰ ২৮ ফেব্ৰুৱাৰী) ১৫৪০ চনৰ পৰা ১৫৭২ চনত তেওঁৰ মৃত্যুৰ আগলৈকে মেৱাৰ ৰাজ্যৰ দ্বাদশ মহাৰাণা আছিল। ভাৰতৰ বৰ্তমানৰ ৰাজস্থান ৰাজ্যৰ উদয়পুৰ চহৰৰ প্ৰতিষ্ঠাপক আছিল। ৰাণা ছাংগা আৰু বুণ্ডীৰ ৰাজকুমাৰী ৰাণী কৰ্ণাৱতীৰ চতুৰ্থ পুত্ৰ।
-
জি ডি বিৰলা
ঘনশ্যাম দাস বিৰলা (Ghanashyam Das Birla; জন্ম ১০ এপ্ৰিল ১৮৯৪ – মৃত্যু ১১ জুন ১৯৮৩) এজন ভাৰতীয় ব্যৱসায়ী আৰু বিৰলা পৰিয়ালৰ সদস্য আছিল।
-
পান্না ধাই
পান্না ধাই বা ধাত্ৰী পান্না (Panna Dai) ষোড়শ শতিকাৰ ৰাণা সংগ্ৰাম সিংহৰ চতুৰ্থ পুত্ৰ দ্বিতীয় উদয় সিংহৰ ধাইমাক আছিল আছিল। তেওঁ আছিল খীচি জনগোষ্ঠীৰ ১৫৩৫ চনত ৰাণী কৰ্ণাৱতীয়ে জৌহৰ ব্ৰত ধাৰণ কৰাৰ পিছত উদয় সিংহক পান্নাৰ তত্বাৱধানত এৰি দিয়া হৈছিল।
-
বনবীৰ সিং
বনবীৰ সিং (মৃত্যু ১৫৪০), যাক ৱনবীৰ বুলিও কোৱা হয়, ১৫৩৬ চনৰ পৰা ১৫৪০ চনৰ ভিতৰত মেৱাৰৰ শাসক আছিল। ডাঙৰ ভাতৃ পৃথ্বীৰাজ আৰু উপপত্নীৰ ঘৰত জন্মগ্ৰহণ কৰা ৰাণা সংগ্ৰাম সিংহৰ ভতিজা। ১৫২৮ চনত ছাংগাৰ মৃত্যুৰ পিছত আৰম্ভ হোৱা ৰাজ্যখনৰ ৰাজনৈতিক অস্থিৰতাৰ যুগত বনবীৰ, মেৱাৰৰ সিংহাসনৰ উত্তৰাধিকাৰী হয়।
-
দিয়া কুমাৰী
দিয়া কুমাৰী (Diya Kumari, জন্ম-৩০ জানুৱাৰী ১৯৭১) ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ বৰ্তমান ভজন লাল শৰ্মাৰ মন্ত্ৰালয়ত প্ৰেম চন্দ বৈৰৱাৰ সৈতে ৰাজস্থানৰ ষষ্ঠ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
নিতেশ কুমাৰ
নিতেশ কুমাৰ (Nitesh Kumar; জন্ম: ৩০ ডিচেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত তেওঁ পুৰুষৰ একক এছএল৩ শাখাত সোণৰ পদক লাভ কৰে। ২০১৬ চনত তেওঁৰ প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটিছিল।
-
মোনা আগৰৱাল
মোনা আগৰৱাল (Mona Agarwal, জন্ম: ৮ নৱেম্বৰ, ১৯৮৭) এগৰাকী ভাৰতীয় পেৰা শ্বুটাৰ। তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ শাখাত অংশগ্ৰহণ কৰে। ২০২৪ চনৰ মাৰ্চ মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা ডব্লিউ এছ পি এছ পেৰা শ্বুটিং বিশ্বকাপত স্বৰ্ণ জয় কৰি পেৰিছ পেৰালিম্পিকৰ বাবে স্থান লাভ কৰে।
-
সঞ্জয় মালহোত্ৰা
সঞ্জয় মালহোত্ৰা (Sanjay Malhotra, জন্ম ১৪ ফেব্ৰুৱাৰী ১৯৬৮) এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া আৰু বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৬তম গভৰ্নৰ। ৰিজাৰ্ভ বেংকৰ পদবীত অধিষ্ঠিত হোৱাৰ আগতে তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব (ৰাজহ) পদত অধিষ্ঠিত আছিল।
-
আচৰানী
গোৱৰ্ধন আচৰানী (Govardhan Asrani) (জন্ম: ১ জানুৱাৰী ১৯৪১) জনপ্ৰিয়ভাৱে আছৰানী নামেৰে পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা আৰু পৰিচালক৷ তেওঁৰ বলিউডত কেৰিয়াৰ পাঁচ দশকৰো অধিক দীঘলীয়া। আছৰানীয়ে ৩৫০ খনতকৈও অধিক হিন্দী ছবিত অভিনয় কৰিছে। তেওঁ মুখ্য চৰিত্ৰ, কমেডী চৰিত্ৰ আৰু সহযোগী চৰিত্ৰত অভিনয় কৰিছে।
-
কান্তা কুমাৰী ভাটনাগৰ
কান্তা কুমাৰী ভাটনাগৰ (कान्ता भटनागर ,প্ৰায় ১৯৩০ – ১৩ আগষ্ট ২০১১) ভাৰতৰ এগৰাকী ন্যায়াধীশ আৰু মানৱ অধিকাৰ কৰ্মী আছিল। তেওঁ মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমগৰাকী মহিলাৰ লগতে ৰাজস্থান ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল ভটনগৰ।তেওঁ ৰাজস্থানৰ এগৰাকী বিশিষ্ট মহিলা…
-
জগমল সিংহ
জগমল সিংহ ষোড়শ শতিকাৰ এজন ভাৰতীয় ৰাজকুমাৰ আৰু দৰবাৰী ব্যক্তি আছিল। তেওঁ দ্বিতীয় মহাৰাণা দ্বিতীয় উদয় সিংহ আৰু ৰাণী ধীৰবাঈ ভট্টিয়ানীৰ পুত্ৰ।
-
জানকীলাল ভাণ্ড
জানকীলাল ভাণ্ড (জন্ম ১৯৪৩), “মংকী মেন’’ (অসমীয়াৰ নৰ-বানৰ বুলিব পৰা যায়) আৰু বিৰূপ বাবা নামেৰেও জনাজাত, ৰাজস্থানৰ এজন ভাৰতীয় ছাং শিল্পী আৰু বেহৰুপিয়া শিল্পী। ছদ্মৱেশ আৰু অনুকৰণৰ পৰম্পৰাগত কলা দক্ষতাৰ বাবে বিখ্যাত, আৰু এই লোক পৰম্পৰাক পুনৰুজ্জীৱিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
-
পীযুষ পাণ্ডে
পীযুষ পাণ্ডে (Piyush Pandey,৫ ছেপ্টেম্বৰ ১৯৫৫ – ২৩ অক্টোবৰ ২০২৫) এজন ভাৰতীয় বিজ্ঞাপন পেছাদাৰী আৰু ৱৰ্ল্ডৱাইডৰ মুখ্য সৃষ্টিশীল বিষয়া (২০১৯)৷ তেওঁ অগিলভিৰ কাৰ্যবাহী-ভাৰতৰ অধ্যক্ষ আছিল। ২০২৪ চনত তেওঁ এল আই এ লিজেণ্ড বঁটা, আৰু ২০১৬ চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল।
-
বিপুল গোয়েল
বিপুল গোয়েল (Vipul Goyal) এজন ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান আৰু অভিনেতা। ভাৰতৰ শীৰ্ষ কমেডী অভিনেতাসকলৰ ভিতৰত তেওঁক গণ্য কৰা হয় ৷ ৱেব-ধাৰাবাহিক হিউমাৰাছলি ইউৰছৰ মূল নায়কৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল।
-
বৰ্খা সিং
বৰ্খা সিং (Barkha Singh; জন্ম: ৩ আগষ্ট ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মূলতঃ হিন্দী ছবি আৰু ৱেব শ্ব'ত কাম কৰে। শিশু শিল্পী হিচাপে তেওঁ মুঝছে দস্তী কৰোগেৰ দৰে ছবিত কাম কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ সময়: ৱেন টাইম ষ্ট্ৰাইকছ (২০০৩) তো শিশুশিল্পী হিচাপে কাম কৰে।
-
সাধ্বী প্ৰেম বাইছা
সাধ্বী প্ৰেম বাইছা (Sadhvi Prem Baisa; মৃত্যু ২৮ জানুৱাৰী ২০২৬) পশ্চিম ৰাজস্থানৰ এগৰাকী ভাৰতীয় ধৰ্মীয় গল্পকাৰ আৰু সাধ্বী। ভাগৱত কাহিনীৰ অনুষ্ঠান আৰু গ্ৰামাঞ্চলত ভজন গায়ন-বায়নৰ বাবে তেওঁ পৰিচিত আছিল।
-
সুমন ৰাও
সুমন ৰতন সিং ৰাও (: Suman Ratan Singh Rao; জন্ম ২৩ নৱেম্বৰ ১৯৯৮) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপ দখলকৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ২০১৯ৰ মুকুট পিন্ধিছিল।
-
হাদী ৰাণী
হাদী ৰাণী সাহাল কানৱাৰ ৰাজস্থানৰ এগৰাকী ৰাণী আছিল। তেওঁ হাদা চৌহান ৰাজপুতৰ কন্যা আছিল; সংগ্ৰাম সিংহই মেৱাৰৰ ছালুম্বৰৰ চুণ্ডাৱটৰ মুখিয়াল ৰাৱত ৰতন সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, যিয়ে স্বামীক যুদ্ধলৈ যাবলৈ প্ৰেৰণা দিবলৈ নিজকে উৎসৰ্গা কৰিছিল।
-
ৰাজপাল সিং যাদৱ
ৰাজপাল সিং যাদৱ (Rajpal Singh Yadav; জন্ম ১৯৫৮) ভেক্টৰ ইক'লজি আৰু মেনেজমেণ্টৰ ক্ষেত্ৰৰ এজন ভাৰতীয় বিজ্ঞানী। ২০০৯ চনত তেওঁ বিশ্ব স্বাস্থ্য সংস্থাত যোগদান কৰে। ছুইজাৰলেণ্ডৰ জেনেভাৰ অৱহেলিত ক্ৰান্তীয় ৰোগ নিয়ন্ত্ৰণ বিভাগৰ বিজ্ঞানী হিচাপে ২০২৩ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।