অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰুণ গোবিল

অৰুণ গোবিল (Arun Govil, জন্ম: ১২ জানুৱাৰী ১৯৫৮) এগৰাকী ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। তেওঁ হিন্দী, ভোজপুৰী, ব্ৰজ ভাষা, ওড়িয়া আৰু তেলেগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণ (১৯৮৭) -ত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে অধিক জনাজাত।

হালনাগাদ: ১৫ নৱেম্বৰ ২০২৪ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অৰুণ গোবিল (Arun Govil, জন্ম: ১২ জানুৱাৰী ১৯৫৮) এগৰাকী ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ।১২৩ তেওঁ হিন্দী, ভোজপুৰী, ব্ৰজ ভাষা, ওড়িয়া আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণ (১৯৮৭) -ত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে অধিক জনাজাত। তেওঁ প্ৰশান্ত নন্দৰ “পহেলী” (১৯৭৭) -ৰ যোগেদি বলীউডত আত্মপ্ৰকাশ কৰিছিল।৪ তেওঁ কনক মিশ্ৰাৰ চাৱান কো আনে দো (১৯৭৯) আৰু সত্যেন বসুৰ চাঞ্চ কো আঞ্চ নেহী (১৯৭৯) -ত অভিনয় কৰিছিল।৫৬ তেওঁ ৰামানন্দ সাগৰৰ বিক্ৰম ঔৰ বেতাল (১৯৮৫) -ত এটি সৰু চৰিত্ৰৰে আত্মপ্ৰকাশ কৰিছিল।৭ ৰামানন্দ সাগৰৰ ৰামায়ণ ধাৰাবাহিকত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ ১৯৮৮ চনত মুখ্য ভূমিকা শিতানত শ্ৰেষ্ঠ অভিনেতাৰ আপট্ৰ’ন বঁটা (Uptron Award) লাভ কৰিছিল। তেওঁ ৰামানন্দ সাগৰৰ লৱ কুশত পুনৰ ৰামৰ চৰিত্ৰত অভিনয় কৰিছিল।৮

ৰাজনৈতিক জীৱন

অৰুণ গোবিলক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে ২৫ মাৰ্চ ২০২৪-ত উত্তৰ প্ৰদেশৰ মীৰাট লোকসভা সমষ্টিৰ পৰা মনোনীত কৰা হয়।৯ ৪ জুন ২০২৪-ত তেওঁ মীৰাট লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰি লোকসভালৈ নিৰ্বাচিত হয়।১০

তথ্যসূত্ৰ

  1. ↑ (2012-10-30). Birthday wishes for Amit, Navina, Yash and Arun. Tellychakkar Dot Com
  2. ↑ Arun Govil movies, filmography, biography and songs - Cinestaan.com. Cinestaan
  3. ↑ Arun Govil - BollywoodMDB. www.bollywoodmdb.com
  4. ↑ Paheli (1977) - Review, Star Cast, News, Photos · Cinestaan. Cinestaan
  5. ↑ Sawan Ko Aane Do (1979) - Review, Star Cast, News, Photos · Cinestaan. Cinestaan
  6. ↑ Saanch Ko Aanch Nahin (1979) - Review, Star Cast, News, Photos · Cinestaan. Cinestaan
  7. ↑ (2016-05-12). Vikram Aur Betaal: It was great storytelling with a twist. www.hindustantimes.com
  8. ↑ Luv Kush, Uttar Ramayan episodes. www.youtube.com
  9. ↑ The Hindu. (24 March 2024). Kangana Ranaut, Arun Govil, Maneka Gandhi in BJP fifth list; Varun Gandhi dropped
  10. ↑ Arun Govil To Rachana Banerjee, Celebrity Winners Of Lok Sabha Elections 2024. ABP news

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণ গোবিল” প্ৰবন্ধৰ সংশোধন ৪৪৫২৩১ (১৫ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।