পানীয়
১৬ প্ৰবন্ধ
-
চাহ
চাহ (Tea) হৈছে সুগন্ধযুক্ত আৰু স্বাদবিশিষ্ট এবিধ পানীয়। গৰম পানী আৰু চাহ গছৰ পাতৰ পৰা তৈয়াৰ কৰা হয়। ব্যক্তিবিশেষৰ সোৱাদ অনুসৰি ইয়াৰ লগত আন সামগ্ৰী, যেনে: চেনি, গাখীৰ আদিও সংযোগ কৰা হয়। পানীৰ পিছতে চাহ হৈছে বিশ্বৰ আটাইটকৈ বেছি সেৱন কৰা পানীয়।
-
গাখীৰ
গাখীৰ (Milk) হ’ল স্তন্যপায়ী প্ৰাণীৰ ওহাৰ বা স্তনৰ পৰা নিৰ্গত এবিধ বগা জুলীয়া পদাৰ্থ। এই পদাৰ্থ বিধেই হ’ল সদ্য জন্ম স্তন্যপায়ী প্ৰাণীৰ প্ৰাথমিক আহাৰ। যি কোনো ধৰণৰ অন্য আহাৰ হজম কৰিব পৰা নোহোৱা পৰ্যন্ত শিশুৱে গাখীৰ খাই ডাঙৰ দীঘল হয়।
-
কফি
কফি (Coffee) বিশ্বব্যাপী খুব জনপ্ৰিয় পানীয়। পানীৰ লগত ভিজাই তৈয়াৰ কৰা "কফি বীজ" নামে পৰিচিত এক প্ৰকাৰ বীজ পুৰিলৈ গুড়ি কৰি কফি তৈয়াৰ কৰা হয়। এই বীজ কফি চেৰি নামৰ এক ধৰণৰ ফলৰ বীজ। প্ৰায় ৭০খন দেশত এই ফলৰ গছ হয়। সেউজীয়া কফি বিশ্বৰ সকলোতকৈ বেছি বিক্ৰীত কৃষিপণ্যৰ মাজত এটা।
-
অসম চাহ
অসম চাহ ভাৰতৰ অসমত উৎপাদিত এক প্ৰকাৰৰ ৰঙা চাহ। অসমৰ চাহ বিশেষকৈ Camellia sinensis var. assamica (Masters) নামৰ এবিধ চাহ গছৰ পৰা তৈয়াৰ কৰা হয়। এই চাহ, যিবোৰৰ অধিকাংশ সমুদ্ৰ পৃষ্ঠৰ উচ্চতাত বৃদ্ধি হয়, ইয়াৰ গঠন, স্ফুৰ্টিদায়ক, সুগন্ধ, আৰু অধিক উজ্জ্বল ৰঙৰ বাবে জনাজাত।
-
মছলা চাহ
মছলা চাহ বুলিলে সচৰাচৰ সুগন্ধিযুক্ত একপ্ৰকাৰ উষ্ণ পানীয়ক বুজায়, যি ক'লা চাহ পাতৰ লগত বিভিন্ন ধৰণৰ মছলা আৰু ভেষজৰ লগত পানীত গৰম কৰি প্ৰস্তুত কৰা হয়। যি মূলতঃ ভাৰতীয় উপমহাদেশত উদ্ভাৱিত, কিন্তু বিশ্বব্যাপী সমাদৃত হৈছে। মছলা চাহ ৰেস্তোৰাঁ বা কফি হাউজৰ এটি আৱশ্যক বা জনপ্ৰিয় বৈশিষ্ট্য।
-
লচ্চি
লচ্চি (lassi) ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ পৰম্পৰাগত পানীয়। ই ভাৰতৰ জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু পঞ্জাবৰ স্থানীয় পানীয়। সাধাৰণতে দৈৰ সৈতে ক্ৰীম, পানী, সোৱাদ অনুসৰি নিমখ বা চেনি, ফল আৰু মছলা ব্যৱহাৰ কৰি মিশ্ৰণ তৈয়াৰ কৰি বৰফ দি বা নিদিয়াকৈ চেঁচা উষ্ণতাত লচ্চি পৰিবেশন কৰা হয়।
-
কোকাকোলা
কোকাকোলা (Coca-Cola) বিশ্বৰ জনপ্ৰিয় শীতল পানীয়বোৰৰ ভিতৰত অন্যতম। এই পানীয়বিধ জৰ্জিয়াৰ আটলাণ্টাত অৱস্থিত কোকাকোলা কোম্পেনী (The Coca-Cola Company)য়ে প্ৰস্তুত কৰে। এই পানীয়বিধক প্ৰায়ে 'ক'ক'( 'Coke') নামেৰে জনা যায়।
-
গ্ৰীণ টী
গ্ৰীণ টী বা সেউজ চাহ হৈছে এক প্ৰকাৰৰ চাহ। ইয়াক কেমেলিয়া চাইনেনচিছৰ (Camellia sinensis) অ'লং চাহ আৰু ৰঙা চাহ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা শুষ্ককৰণ আৰু অক্সাইড প্ৰক্ৰিয়া প্ৰয়োগ নকৰা পাত আৰু কোঁহৰ পৰা প্ৰস্তুত কৰা হয়।
-
ঘোল
গাখীৰ, দৈ আৰু চেকি লোৱাৰ পাছত বাকী থকা তৰল পদাৰ্থটোৱেই হৈছে ঘোল, যাক গাখীৰৰ ছিৰাম বুলিও কোৱা হয়। ই পনিৰ বা কেচিন নিৰ্মাণৰ উপজাত আৰু ইয়াৰ কেইবাটাও বাণিজ্যিক ব্যৱহাৰ। মিঠা ঘোল হৈছে ৰেনেটপ্ৰকাৰৰ কঠিন পনিৰ তৈয়াৰ কৰাৰ উপজাত, যেনে চেডাৰ বা চুইছ চীজ।
-
ৰঙা চাহ
ৰঙা চাহ বা লাল চাহ (Black Tea) হৈছে এক প্ৰকাৰৰ চাহ যি উলং, হালধীয়া, বগা আৰু সেউজীয়া চাহতকৈ অধিক অক্সিডাইজ যুক্ত। সাধাৰণতে আন চাহতকৈ লাল চাহৰ সোৱাদ অধিক শক্তিশালী।
-
মানৱ দুগ্ধ বেংক
মানৱ দুগ্ধ বেংক বা মাতৃদুগ্ধ বেংক (Human milk bank) প্ৰাপক শিশুৰ সৈতে জৈৱিকভাৱে সম্পৰ্কিত নোহোৱা দুগ্ধৱতী মাতৃসকলে দান কৰা মানৱ দুগ্ধ সংগ্ৰহ, সংৰক্ষণ, সংসাধন আৰু বিতৰণ কৰা একপ্ৰকাৰৰ সেৱা। নৱজাতক শিশুৰ বাবে সৰ্বোত্তম পুষ্টিৰ উৎস হৈছে মাতৃদুগ্ধ।
-
চিলন চাহ
চিলন চাহ (Ceylon tea) শ্ৰীলংকাত উৎপাদিত চাহৰ এবিধ ব্ৰেণ্ড। এই শব্দটোৱে ঐতিহাসিকভাৱে সেই দেশৰ চাহকো সূচায়। চিলন চাহক কেৱল ভৌগোলিক বৰ্ণনাকাৰী হিচাপেই নহয়, শ্ৰীলংকাৰ সংস্কৃতি, ঐতিহ্য আৰু পৰিচয়ৰ ঘাইখুঁটা হিচাপেও বৰ্ণনা কৰা হৈছে।
-
চৰবৎ
শৰ্বট বা চৰবৎ বা চৰ্বত ( ফাৰ্চী: شربت) ফল বা ফুলৰ পাহিৰ পৰা প্ৰস্তুত কৰা এবিধপানীয় ইয়াক মিঠা সোৱাদত আৰু সাধাৰণতে ঠাণ্ডা কৰি পৰিবেশন কৰা হয়। ইয়াক ঘনীভূত ৰূপত পৰিবেশন কৰি চামুচেৰে খালে বা পানীৰে পাতল কৰি পানীয় সৃষ্টি কৰিব পাৰি।
-
নুন চায় (কাশ্মীৰৰ চাহ)
নুন চায় (কাশ্মীৰী উচ্চাৰণ: [nuːnɨ t͡ʃaːj]) বা শীৰ চায় (কাশ্মীৰী চাহ, গোলাপী চাহ আৰু গুলাবি চাহ বুলিও জনা যায়। এয়া কাশ্মীৰৰপৰা উৎপত্তি হোৱা এটা পৰম্পৰাগত চাহ পানীয়। ইয়াক বাৰুদৰ চাহ (সেউজীয়া চাহৰ পাত সৰু সৰু বলত গুটিয়াই লোৱা), গাখীৰ আৰু বেকিং চোডাৰপৰা তৈয়াৰ কৰা হয়।
-
ফলৰ ৰস
ফলৰ ৰস বা জুছ বুলিলে বিভিন্ন ফল-মূল আৰু পাচলিত মজুত হৈ থকা প্ৰাকৃতিক জুলীয়া পদাৰ্থ বা ৰসকে বুজা যায়। ফল বা অন্যান্য জৈৱিক উপাদান যেনে মাংস আৰু সাগৰীয় খাদ্যসামগ্ৰীৰ সোৱাদযুক্ত পানীয়কো জুছ বোলা হয়। জুছসমূহ শীতল পানীয় অথবা আন খাদ্যৰ উপকৰণ হিচাপে ব্যৱহৃত হয়।
-
মাখন চাহ
মাখন চাহ ইয়াক "ভোজা " তিব্বতী চাহক "চা ছুমা",চীনা ভাষাত: ছুয়ু চা (酥油茶), জোংখাত ছু জা (মাখনযুক্ত চাহ), লাডাখী ভাষাত চা ছু-কান বা গুৰ গুৰ চা, আৰু শ্বেৰপা ভাষাত ছু চায়া বা ফে চায়া, নেপাল, ভূটান, ভাৰত, পাকিস্তান, বিশেষকৈ খাইবাৰ পখতুনখোৱা আৰু গিলগীত-বাল্টিস্তান, আফগানিস্তান, কাজাখস্তান, তাজিকিস্তান,…