অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অসমৰ জনজাতীয় ধৰ্ম

অসমৰ জনজাতীয় ধৰ্মই (Assamese folk religion) অসমৰ মংগোলীয়সকলৰ পৰম্পৰাগত ধৰ্মীয় পদ্ধতিসমূহক সামৰি লয়। ইয়াৰ ভিতৰত চেং (আত্মা) আৰু পূৰ্বপুৰুষৰ পূজা,, প্ৰকৃতি পূজা আদি সামৰি লোৱা হয়। এই ধৰ্মীয় বিশ্বাস সমুহত তিব্বতীয় আৰু টাই প্ৰভাৱ পৰা দেখা যায়।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৩৭২ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

অসমৰ জনজাতীয় ধৰ্মই (Assamese folk religion) অসমৰ মংগোলীয়সকলৰ পৰম্পৰাগত ধৰ্মীয় পদ্ধতিসমূহক সামৰি লয়। ইয়াৰ ভিতৰত চেং (আত্মা) আৰু পূৰ্বপুৰুষৰ পূজা,, প্ৰকৃতি পূজা আদি সামৰি লোৱা হয়। এই ধৰ্মীয় বিশ্বাস সমুহত তিব্বতীয় আৰু টাই প্ৰভাৱ পৰা দেখা যায়। আহোম ৰাজ্বকালত এই প্ৰথাসমূহ তাওবাদী শিক্ষাৰ সৈতে মিহলি হৈ পৰিছিল।১আহোম সকলে বানফি-ফুৰালুং প্ৰথা মানি চলে যত প্ৰাচীন চীনত চলা তাওধৰ্ম, কুনফুছিয়ান ধৰ্ম আৰু কিছু চীনা বুদ্ধ ধৰ্ম মিলিত হৈছে। মান- তিব্বতীয় বড়ো-কছাৰী সকলে বাথৌ ধৰ্ম মানি চলে আনহাতে টানি মূলীয় মিচিং জনগোষ্ঠীয়ে ডনি পল ধৰ্ম মানি চলে।

ফুৰালুং ধৰ্ম

ফুৰালুং ধৰ্ম আহোম সকলৰ পৰম্পৰাগত ধৰ্ম। এই ধৰ্ম প্ৰধানকৈ ফি আৰু ডাম (পূৰ্বপুৰুষ আত্মা)ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। পূৰ্বপুৰুষ পূজা আৰু খ্ৱানৰ জীৱবাদী ধাৰণাটো ইয়াৰ অন্যান্য টাই লোকধৰ্মৰ সৈতে একেই।২আনহাতে ব্যক্তিগত দ্বৈততা হান (ফু) আৰু পু চীনা তাওধৰ্মৰ য়িন আৰু ইয়াঙৰ পৰা আহিছে। ২ স্বৰ্গৰ সমান্তৰাল ধাৰণা মু'ঙ-ফী আছে যাক চীনৰ টিয়ানৰ এটা অংশৰ সৈতে চিনাক্ত কৰা হয়।৩ নৰকৰ কোনো ধাৰণা নাই।২আহোমৰ বিশ্বাস মতে পৰম, নিৰাকাৰ, সৰ্বশক্তিমান সত্তা, সৃষ্টিকৰ্তা, ৰক্ষক আৰু ধ্বংসকাৰী হৈছে ফা তু চিং।২আন দেউ আৰু বিশ্বব্ৰহ্মাণ্ড তেওঁৰ সৃষ্টি। সাধাৰণতে বলিদান গ্ৰহণ কৰা ফুৰালু'ঙৰ দেউসকল হল লেংডন, খাও খাম, আই লেং দিন, জন চাই হুং, জাছিং ফা, চিত লাম চাম, মুত-কুম টাই কুম, ৰা-খিন, বা-খিন আৰু চাও ফি ডাম আদি।২

ডনি-প'ল'

মূল প্ৰবন্ধ: ডনি-প'ল'

ডনি-প'ল' অসমৰ টানি জাতিৰ মিচিং জনগোষ্ঠীৰ থলুৱা ধৰ্ম। ৪ ডনি-প'ল' নামটোৰ অৰ্থ হৈছে "বেলি-জোন"। ডনি–প'ল' প্ৰাচীন কালৰে পৰাই টানি মূলীয় মিচিং জনগোষ্ঠীৰ মাজত আছে।৫

এই ধৰ্ম পৰম্পৰাগত লোক গীত; জনগোষ্ঠীয় নীতি নিয়ম আদিত দেখা পোৱা যায়।৬এওঁলোকৰ পৰম্পৰাগত দেউশাল আছে।৫ এই ধৰ্মৰ পুনৰ উদ্ধাৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল টালম ৰুকবো নামৰ গৱেষকজনে।৬ ডনি-প'লো ধৰ্ম কাৰ্বিসকলৰ হেম্ফু-মুক্ৰং ধৰ্ম আৰু হ্ৰুছ'ৰ নেজি-নো ধৰ্মৰ সৈতে জড়িত।৪

হেম্ফু-মুক্ৰং আচ'

হেম্ফু-মুক্ৰং আচ' কাৰ্বি জনগোষ্ঠীৰ মূলতঃ এক প্ৰকাৰৰ ধৰ্মীয় ধাৰণা যিটো তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ দ্বাৰা প্ৰভাৱিত হয়।৭ এই ধৰ্মৰ অনুগামীসকলে পুনৰ্জন্মত বিশ্বাস কৰে আৰু নিজৰ পূৰ্বপুৰুষক সন্মান কৰে।৭ কাৰ্বিসকলৰ ধৰ্ম তথা বিশ্বাস পদ্ধতিত পূৰ্বপুৰুষ উপাসনা, ঘৰুৱা আৰু থলুৱা দেউসকলৰ উপাসনা আৰু নিজৰ পূৰ্বপুৰুষৰ বাবে কৰা আচাৰ-অনুষ্ঠানৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, যাক ‘কৰহী’ নামেৰে জনা যায়।৭ ব্যবহাৰিকভাবে ক’ব পাৰি যে কাৰ্বিসকলৰ ধৰ্মত ‘হেম্ফু-মুক্ৰং’ই আধিপত্য বিস্তাৰ কৰিছে।৭ এইদৰে পৰম্পৰাগত পদ্ধতি অনুসৰণ কৰা কাৰ্বিসকলক ‘হেম্ফু-মুক্ৰং’ৰ অনুগামী হিচাপে জনা যায়, যাৰ বাবে তেওঁলোকে নিজকে ‘হেম্ফু-মুক্ৰং আছ’, যাৰ অৰ্থ হেম্ফু.আৰু মুক্ৰংৰ পুত্ৰ বুলি কয়।৮ কাৰ্বি দেউসকলক তেওঁলোকৰ কাৰ্য্য অনুসৰি তিনিটা ভাগত ভাগ কৰিব পাৰি আৰু এইবোৰ হ’ল হেম-আংটাৰ, ৰংকাৰ আৰু থেংপি-থেংছ’।৯

বাথৌধর্ম

মূল প্ৰবন্ধ: বাথৌ ধৰ্ম

অসমৰ বড়ো-কছাৰী সকলৰ লোকধর্ম বাথৌধর্ম। বড়ো ভাষাত বাথৌ নামটোৰ অৰ্থ পাঁচটা নীতি।১০ এই পাঁচটা নীতি হ'ল- বাৰ (বায়ু), অৰ (জুই), হা (পৃথিৱী), দ্বী (পানী) আৰু ওখ্ৰাং (ইথাৰ)। বাথৌব্ৰাই নামৰ মূল দেউজনে সৰ্বব্যাপী, সৰ্বজ্ঞানী আৰু সৰ্বশক্তিমান আৰু পাঁচটা নীতিৰ সৃষ্টি কৰা বুলি কোৱা হয়। যদিও আন সৰু সৰু দেউসকল আছে, বাথৌবাৰাইক পৰম দেউ বুলি গণ্য কৰা হয়। বাথৌব্ৰাই অদৃশ্য। দ্বিতীয় গুৰুত্বপূৰ্ণ দেউ হৈছে বাথৌব্ৰাইৰ জীয়েক মাইনাও, যাক "ধাননি পথাৰ ৰখীয়া" বুলি গণ্য কৰা হয়।১১১০

পৰম্পৰাগত বাথৌ ধৰ্মত কোনো লিখিত পুথি আৰু দেউশাল নাছিল। ছিজৌছালিত পূজা কৰা হয়, আৰু ইয়াত জীৱ-জন্তু আৰু চৰাইৰ উৎসৰ্গা কৰা হয় আৰু চাউলৰ পানীয়ৰ প্ৰসাদ কৰা হয়। উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠান সমুহ হল: খেৰাই, গৰ্জা আদি। এই অনুষ্ঠানসমূহ দৌৰী (পুৰুষ পুৰোহিত) আৰু দৌডিনি (মহিলা পুৰোহিত) নামৰ পুৰোহিতসকলে কৰে। এই ধৰ্ম সংগঠিত নাছিল। ছিজৌ গছক (বৈজ্ঞানিক নাম:ইউফৰ্বিয়া) বাথৌব্ৰেৰ জীৱন্ত প্ৰতীক বুলি বিশ্বাস কৰা হয়।১১ বাথৌ অনুশীলন কৰা পৰিয়ালবোৰে নিজৰ চোতালৰ উত্তৰ-পূব কোণত থকা চিজৌছালি নামৰ ভেটি এটাত ছিজৌৰ জোপোহা পুলি ৰোপণ কৰে যাৰ চাৰিওফালে পাঁচটা খুটি আৰু আঠাইশ যোৰ বাঁহৰ কামি থাকে।১০

লগতে চাওক

উৎস প্ৰসংগ

তথ্যসূত্ৰ

  1. ↑ Again according to some scholars the influence of Tao religious thought is also discernible in the Ahom religion, particularly the concept ofthe duality ofreality.In Taoism it is believed that the imperceptible Tao shapes the universe continuously out of primordial chaos; the perpetual transformation of the universe by the alternations of Yin and Yang, or complementary energies, is nothing but the external aspect ofthe same Tao...গগৈ শ্ৰুতস্বিনি ২০১১
  2. ↑ Gogoi, Shrutashwinee (2011). Tai ahom religion a philosophical study (PhD). hdl:10603/116167. Retrieved January 31, 2019
  3. ↑ Gogoi, Padmeshwar (1976). Tai Ahom Religion and Customs. Publication Board, Gauhati, Assam.
  4. ↑ Rikam, Nabam Tadar (2005). Emerging Religious Identities of Arunachal Pradesh. A Study of Nyishi Tribe. Mittal Publication. ISBN 9-788-183-24032-1
  5. ↑ Dalmia, Vasudha; Sadana, Rashmi (2012). The Cambridge Companion to Modern Indian Culture. Cambridge University Press. ISBN 9-781-139-82546-7
  6. ↑ Chaudhuri, Sarit Kumar (2013). "The Institutionalization of Tribal Religion. Donyi-Polo Movement in Arunachal Pradesh". Asian Ethnology. Nanzan Institute. 72 (2): 259–277. JSTOR i23595456
  7. ↑ Teron, D. (2011). Karbi Studies (Vol-2). Guwahati: Assam Book Hive
  8. ↑ Hanse, H.M. (2007). Traditional Dwelling Process of Karbis. In P.C. Patniak & D.Borah (Eds), Tribes of India: Identity, Culture, and Lore (pp.61-79) Guwahati: Angik Prakashan
  9. ↑ Phangcho, P.C. (2003). The Karbis of North-East India. Guwahati: AngGik Prakashan
  10. ↑ Narzary, Nareswar (2014). Bathou Religion and Its impact on Boro Society a Folkloristic Study (PhD). hdl:10603/114601
  11. ↑ Endle, Sidney (1911). The Kacharis. London: Macmillan and Co

সম্পৰ্কিত শ্ৰেণী

ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ জনজাতীয় ধৰ্ম” প্ৰবন্ধৰ সংশোধন ৫০১৯৩১ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।