অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

টাও টে চিং

টাও টে চিং (Tao Te Ching, চীনা ভাষাত: 道德经; পিন্যিন: Dàodé Jīng), বা লাও ত্‌জে/ লাও জে, এখন চীনা শাস্ত্ৰীয় গ্ৰন্থ, খ্ৰীষ্টপূৰ্ব ৬থ শতিকাৰ লাওজেই লিখা বুলি জনা। এই গ্ৰন্থ কোনে লিখা, কেতিয়া লিখা আৰু কেতিয়া সংগৃহীত, সেই কথা স্পষ্ট নহয়।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৪ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

টাও টে চিং (Tao Te Ching, চীনা ভাষাত: 道德经; পিন্যিন: Dàodé Jīng), বা লাও ত্‌জে/ লাও জে,১ এখন চীনা শাস্ত্ৰীয় গ্ৰন্থ, খ্ৰীষ্টপূৰ্ব ৬থ শতিকাৰ লাওজেই লিখা বুলি জনা। এই গ্ৰন্থ কোনে লিখা, কেতিয়া লিখা আৰু কেতিয়া সংগৃহীত, সেই কথা স্পষ্ট নহয়। আতাইতকৈ পুৰণি অংশ, যাক পুৰাতাত্ত্বিক পদ্ধতিৰে প্ৰাপ্ত কৰা হৈছে, খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাৰ, কিন্তু আধুনিক গৱেষকসকলে এই গ্ৰন্থৰ অন্য অংশ ঝুৱাংজেৰ প্ৰথম অংশৰ পাছতহে লিখা বা অন্ততঃ সংগ্ৰহ কৰা বুলি বিশ্বাস কৰে।

প্ৰভাৱ

ঝুৱাংজেৰ সৈতে টাও টে চিং টাওবাদী দৰ্শন আৰু ধৰ্মৰ মৌলিক গ্ৰন্থ। এই গ্ৰন্থৰ প্ৰভাৱ চীনৰ অন্য দাৰ্শনিক প্ৰথাৰ ওপৰতো দেখা যায়, যেনে ন্যায়বাদ, কনফুচিয়ানবাদ আৰু বৌদ্ধ দৰ্শন, যাক চীনত প্ৰথম পৰিচয় হওঁতে টাওবাদী শব্দ আৰু ধাৰণাৰ ব্যৱহাৰেৰেই বুজা গৈছিল। অনেক শিল্পী, যেনে কবি, চিত্ৰকাৰ, হস্তাক্ষৰ-শিল্পী আৰু মালী টাও টে চিঙেৰে প্ৰভাৱিত হৈছিল। এই গ্ৰন্থৰ প্ৰভাৱ চীনৰ বাহিৰতো বিয়পি পৰিছে আৰু এই গ্ৰন্থ বিশ্বৰ আতাইতকৈ অধিক অনুবাদ হোৱা সাহিত্যৰ অন্যতম।২

তথ্যসূত্ৰ

  1. ↑ Ellwood. (2008). The Encyclopedia of World Religions. Infobase Publishing. পৃ. 262. ISBN 978-1-4381-1038-7
  2. ↑ চান, আলান (২০১৩), "Laotze", Stanford Encyclopedia of Philosophy

সম্পৰ্কিত শ্ৰেণী

ধৰ্ম গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাও টে চিং” প্ৰবন্ধৰ সংশোধন ৪১৮৯১৪ (১৯ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।