অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ডাইন’চৰ

ডাইন’চৰ বা (भीमसरट, ) হৈছে প্ৰায় ২৩১.৪ নিযুত বছৰ আগতে ট্ৰায়াছিক যুগত পৃথিৱীত থকা Dinosauria গোত্ৰৰ কিছুমান জীৱ। এই স্থলজ মেৰুদণ্ডীবোৰে জুৰাছিক যুগৰ আৰম্ভণিৰ পৰা (প্ৰায় ২০০ নিযুত বছৰ আগতে) ক্ৰিটাচিয়াছ যুগৰ সামৰণিলৈকে (৬৬ নিযুত বছৰ আগতে) প্ৰায় ১৩৫ নিযুত বছৰ কাল পৃথিৱীত আধিপত্য বিস্তাৰ কৰিছিল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

ডাইন’চৰ বা (भीमसरट, ) হৈছে প্ৰায় ২৩১.৪ নিযুত বছৰ আগতে ট্ৰায়াছিক যুগত পৃথিৱীত থকা Dinosauria গোত্ৰৰ কিছুমান জীৱ। এই স্থলজ মেৰুদণ্ডী প্ৰাণীবোৰে জুৰাছিক যুগৰ আৰম্ভণিৰ পৰা (প্ৰায় ২০০ নিযুত বছৰ আগতে) ক্ৰিটাচিয়াছ যুগৰ সামৰণিলৈকে (৬৬ নিযুত বছৰ আগতে) প্ৰায় ১৩৫ নিযুত বছৰ কাল পৃথিৱীত আধিপত্য বিস্তাৰ কৰিছিল। ক্ৰিটাচিয়াছ–পেল'জিন বিলুপ্তিকৰণ পৰিঘটনাৰ দ্বাৰা মেছ'জইক যুগৰ সমাপ্তিৰ লগতে বহু ডাইন’চৰৰ গোট (আৰু পৃথিৱীৰ তিনি-চতুৰ্থাংশ উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি)পৃথিৱীৰ পৰা বিলুপ্ত হৈ যায়। জীৱাশ্মৰ সাক্ষ্যৰ ভিত্তিত চৰাইবোৰ জুৰাছিক যুগত থেৰ'পদ ডাইন’চৰৰ পৰা বিৱৰ্তিত হৈছিল বুলি অনুমান কৰা হয়, সেইবাবে ইহঁতক আধুনিক বৈশিষ্টপূৰ্ণ ডাইন’চৰ বুলি বিবেচনা কৰা হয়।১

তথ্যসূত্ৰ

  1. ↑ Lee, MichaelS.Y.; Cau, Andrea; Naish, Darren; Dyke, Gareth J. (1 August 2014). Sustained miniaturization and anatomical innovation in the dinosaurian ancestors of birds. Science. পৃ. 562–566

সম্পৰ্কিত শ্ৰেণী

সৰীসৃপ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাইন’চৰ” প্ৰবন্ধৰ সংশোধন ৫৯৯০৯৬ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।