ওড়িয়া চলচ্চিত্ৰৰ অভিনেতা
৫ প্ৰবন্ধ
-
মিহিৰ দাস
মিহিৰ দাস (ମିହିର ଦାସ, ১৭ ফেব্ৰুৱাৰী ১৯৫৯ – ১১ জানুৱাৰী ২০২২) এজন উল্লেখযোগ্য অভিনেতা ওড়িয়া চলচ্চিত্ৰ জগতত দীৰ্ঘদিন ধৰি অভিনয় কৰি থকা। মূল চৰিত্ৰ বা নায়কৰ পৰা আৰম্ভ কৰি হাস্য অভিনেতা, খলনায়ক আদি বিভিন্ন চৰিত্ৰত তেখেতে অভিনয় কৰিছে। ওড়িয়াৰ বাহিৰেও তেখেতে বাংলা চলচ্চিত্ৰতো অভিনয় কৰিছে।
-
বাবুশান মহান্তি
বাবুশান মহান্তি (ବାବୁଶାନ୍ ମହାନ୍ତି) ওড়িশাৰ চলচ্চিত্ৰৰ এজন সফল আৰু জনপ্ৰিয় অভিনেতা তথা সঙ্গীতশিল্পী। তেওঁৰ আচল নাম তন্ময় মহান্তি।
-
অনুভৱ মহান্তি
অনুভৱ মহান্তি (ওড়িয়া: ଅନୁଭବ ମହାନ୍ତି) (জন্ম: ২০ জানুৱাৰী ১৯৭৭) ওড়িশাত বাস কৰা এজন ওড়িয়া চলচ্চিত্ৰৰ অভিনেতা, লোকসভাৰ সদস্য আৰু প্ৰাক্তন ৰাজ্যসভাৰ সদস্য। অনুভৱ মহান্তি ওড়িয়া চলচ্চিত্ৰ জগতৰ সৰ্ববৃহৎ ছুপাৰষ্টাৰ। বিশেষকৈ ওড়িশাত মহন্তৰ এক উল্লেখযোগ্য অনুৰাগী অনুসৰণকাৰী আছে।
-
উত্তম মহান্তি
উত্তম মহান্তি (২৩ ডিচেম্বৰ ১৯৫৮ – ২৭ ফেব্ৰুৱাৰী ২০২৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেতা আছিল। তেওঁ নিজৰ অভিনয় জীৱনত ১৩৫খনৰো অধিক ওড়িয়া চলচ্চিত্ৰত অভিনয় কৰাৰ লগতে প্ৰায় ৩০খন বাংলা চলচ্চিত্ৰ আৰু এখন হিন্দী চলচ্চিত্ৰ নয়া জহৰত অভিনয় কৰিছিল।
-
বিজয় মহান্তি
বিজয় মহান্তি (ওড়িয়া: ବିଜୟ ମହାନ୍ତି; ইংৰাজী: Bijay Mohanty; ৮ এপ্ৰিল ১৯৫০ – ২০ জুলাই ২০২০) এগৰাকী ভাৰতীয় অভিনেতা আৰু ৰাজনীতিবিদ আছিল, যি প্ৰধানকৈ ওড়িয়া চলচ্চিত্ৰত কাম কৰিছিল। তেওঁ অভিনয় কৰা চিলিকা তীৰে চলচ্চিত্ৰখনক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰদান কৰা হৈছিল।