অচিন্ত্য বৰুৱা (Achintya Baruah) অসমৰ এগৰাকী উদ্যোগী, সমাজ সংগঠক আৰু পৰিৱেশ সংৰক্ষক। তেওঁ অসম ইক’ টুৰিজিমৰ এগৰাকী বাটকটীয়া আছিল। মানুহৰ মাজত মঞ্জু দা ৰূপে জনপ্ৰিয় বৰুৱাই বহনক্ষম পৰ্যটন আৰু সংৰক্ষণ ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছিল। কাজিৰঙাত ৱাইল্ড গ্ৰাছ নামে এটি পৰিৱেশ অনুকূল ৰিজৰ্ট আৰম্ভ কৰি তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব মানচিত্ৰত এটি স্থান দিয়াত আগভাগ লৈছিল। বৰুৱা অসমৰ প্ৰখ্যাত সাহিত্যিক বিৰিঞ্চি কুমাৰ বৰুৱাৰ পুত্ৰ।১
জন্ম আৰু শিক্ষা
১৯৫২ চনৰ ২৩ জাবুৱাৰীৰ দিনা অচিন্ত্য বৰুৱাৰ জন্ম হৈছিল। পিতৃ প্ৰখ্যাত সাহিত্যিক আৰু শিক্ষাবিদ বিৰিঞ্চি কুমাৰ বৰুৱা আৰু মাতৃ শান্তিছায়া বৰুৱা। গুৱাহাটীৰ চেইণ্ট মেৰিজ স্কুলত বৰুৱাৰ বৰুৱাৰ শিক্ষাৰম্ভ হৈছিল। তাৰপাছত তেওঁ শ্বিলঙৰ চেইণ্ট এডমাণ্ড স্কুলত পঢ়া-শুনা কৰে আৰু দিল্লীৰ চেইণ্ট ষ্টিফেনচ্ কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।২
কৰ্মজীৱন
১৯৯০ চনত তেওঁ দেশী-বিদেশী পৰ্যটকৰ বাবে কাজিৰঙাৰ বছাগাঁৱত কাজিৰঙাৰ প্ৰথমখন ৰিজৰ্ট ৱাইল্ড গ্ৰাছ স্থাপন কৰি কাজিৰঙাক বিশ্ব মানচিত্ৰত এক বিশেষ স্থান প্ৰদান কৰাত অৰিহণা যোগায়।৩২০০৭ চনৰপৰা বৰুৱাই কাজিৰঙাৰ মাউতসকলক একগোট কৰি প্ৰতিবছৰে ৩০ এপ্ৰিলৰ দিনটোত তেওঁলোকক সম্বৰ্ধনা জনাবৰ বাবে এটি অনুষ্ঠান পাতিছিল। মঞ্জু বৰুৱাক কাজিৰঙা পৰ্যটনৰ বাটকটীয়া বুলি কোৱা হয়।৪ কেৱল পৰিৱেশ সংৰক্ষক আৰু উদ্যোপগপতি ৰূপেই নহয়, এগৰাকী সমাজ সংগঠক ৰূপেও অচিন্ত্য বৰুৱাই আদৰ লাভ কৰিছিল। তেওঁৰ উদ্যোগতেই বৃহত্তৰ কাজিৰঙা অঞ্চলৰ বহু নিবনুৱা যুৱকে তেওঁৰ ৰিজৰ্টত হয় পৰ্যটক গাইড হিচাপে নহয় ৰিজৰ্টৰ কৰ্মচাৰী হিচাপে কাম কৰাৰ সুযোগ পাইছিল। তেওঁৰ পৰামৰ্শ আৰু নিৰ্দেশনাত বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত বহুতো কাৰ্যসূচী আৰম্ভ কৰা হয়, এনে কাৰ্যসূচীৰ অংশ হিচাপে কাজিৰঙাৰ জনসাধাৰণক আগবাঢ়ি আহি বনাঞ্চল আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কাম কৰিবলৈ প্ৰেৰণা যোগাবলৈ প্ৰশিক্ষণ আৰু গণ সজাগতা আৰম্ভ হৈছিল।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ জৰিয়তে ভাৰত চৰকাৰৰ লগত আলোচনা কৰি বৰুৱাই বহিঃৰাজ্যৰ পৰ্যটকক অসম, বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটনৰ বাবে আহিবলৈ পদক্ষেপ গ্ৰহণ কৰিছিল। এই পদেক্ষেপেই বিদেশী পৰ্যটকৰ বাবে অসম আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাট মুকলি কৰিছিল।২
মৃত্যু
বোকাখাট চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যোৱা অৱস্থাত অচিন্ত্য বৰুৱাৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ।২
তথ্যসূত্ৰ
- ↑ (May 18, 2026). Assam eco-tourism pioneer Achintya Barua passes away at 74. www.indiatodayne.in
- ↑ (18 May 2026). Assam eco-tourism pioneer Achintya Barua passes away at 74. assamtribune.com
- ↑ (5 June 2026). অচিন্ত্য বৰুৱা কাজিৰঙাক বিশ্ব মানচিত্ৰত স্থান দিয়া এগৰাকী প্ৰকৃতিপ্ৰেমী।. thecriticalscript.com
- ↑ (17 May 2026). কাজিৰঙা পৰ্যটনৰ বাটকটীয়া অচিন্ত্য কুমাৰ বৰুৱা (মঞ্জু বৰুৱা)ৰ দেহাৱসান. www.kazirangalive.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অচিন্ত্য বৰুৱা” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৪৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।