অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

তাম

তাম হৈছে এবিধ ৰাসায়নিক মৌল, সংকেত Cu (cuprumৰ পৰা) আৰু পাৰমানৱিক সংখ্যা ২৯। ই অতি উচ্চ তাপ আৰু বিদ্যুৎ পৰিবাহিতা বিশিষ্ট এবিধ কোমল ধাতু। বিশুদ্ধ তাম ৰঙচুৱা-কমলা বৰণৰ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

তাম হৈছে এবিধ ৰাসায়নিক মৌল, সংকেত Cu (cuprumৰ পৰা) আৰু পাৰমানৱিক সংখ্যা ২৯। ই অতি উচ্চ তাপ আৰু বিদ্যুৎ পৰিবাহিতা বিশিষ্ট এবিধ কোমল ধাতু। বিশুদ্ধ তাম ৰঙচুৱা-কমলা বৰণৰ। ইয়াক তাম আৰু বিদ্যুতৰ পৰিবাহী হিচাপে, ঘৰ সজা সামগ্ৰী হিচাপে আৰু বিভিন্ন সংকৰ ধাতুৰ উপাদান, যেনে অলংকাৰত ব্যৱহৃত ষ্টেৰলিং চিলভাৰ, সামুদ্ৰিক যন্ত্ৰপাতি তথা মুদ্ৰাত ব্যৱহৃত কিউপ্ৰনিক, হিচাপে ব্যৱহাৰ কৰা হয়।

প্ৰকৃতিত তাম মুক্ত অৱস্থাত পোৱা যায়, খ্ৰীষ্টপূৰ্ব প্ৰায় ৮০০০ বছৰ আগতেই ধাতুৰ উৎস হিচাপে মানুহে প্ৰথম তামৰ ব্যৱহাৰ কৰিছিল। তাম হৈছে খ্ৰীষ্টপূৰ্ব প্ৰায় ৫০০০ বছৰ আগতেই আকৰিকৰ পৰা নিষ্কাষণ কৰা প্ৰথম ধাতু, খ্ৰীষ্টপূৰ্ব ৪০০০ বছৰ আগতেই খাজত আকাৰ দিয়া প্ৰথম ধাতু, খ্ৰীষ্টপূৰ্ব ৩৫০০ বছৰ আগতেই ব্ৰঞ্জ সাজিবলৈ টিনৰ সংকৰ হিচাপে ব্যৱহাৰ কৰা প্ৰথম ধাতু।১

ক

সকলো জীৱৰ বাবে তাম এবিধ অপৰিহাৰ্য খাদ্যজ লৱণ। মাছ আৰু অন্য মেৰুদণ্ডী শৰীৰত থকা লৌহ-যুক্ত বৰ্ণকণা হিম'গ্লবিনৰ ঠাইত কোমলদেহী আৰু ক্ৰুষ্টাচিয়াৰ শৰীৰত তামযুক্ত ৰক্ত বৰ্ণকণা হিম'চিয়ানিন থাকে। তাম মানুহৰ যকৃৎ, পেশী আৰু হাড়ত বেছিকৈ পোৱা যায়।২ প্ৰাপ্তবয়স্কৰ শৰীৰৰ ওজনৰ প্ৰতি কিলোগ্ৰামত ১.৪ আৰু ২.১ মিলি.গ্ৰাম পৰ্যন্ত তাম থাকে। সেই হিচাপে ৬০ কেজি ওজনৰ এজন ব্যক্তিৰ শৰীৰত প্ৰায় ০.১ গ্ৰাম তাম থাকে। যিকিনহওক, শৰীৰৰ বাবে এই ক্ষুদ্ৰ পৰিমাণো অতি প্ৰয়োজনীয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (1992). The New Encyclopedia Britannica. Encyclopedia Britannica, Inc. পৃ. 612. ISBN 0-85229-553-7
  2. ↑ Johnson, MD PhD. (2008). Copper. Merck Manual Home Health Handbook. Merck Sharp & Dohme Corp., a subsidiary of Merck & Co., Inc
  3. ↑ Copper in human health

সম্পৰ্কিত শ্ৰেণী

ৰাসায়নিক মৌল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাম” প্ৰবন্ধৰ সংশোধন ৩৮১২৩৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।