হিন্দু ধৰ্মৰ সূৰ্যবংশ বংশৰ ৰজা অংশুমান। অসামঞ্জৰ পুত্ৰ অংশুমান ককাক সাগৰৰ মৃত্যুৰ পাছত অযোধ্যাৰ ৰজা হয়। অংশুমানৰ নাতি ভগীৰথে স্বৰ্গৰপৰা গংগাৰ সোঁত নমাই আনে।
কিংবদন্তি
সংঘাত
সাগৰ ৰজাই অশ্বমেধ যজ্ঞ কৰিলে ইন্দ্ৰই যজ্ঞৰ ঘোঁৰা চুৰি কৰে। সাগৰে অংশুমানৰ পিতৃ অসামঞ্জসকে ধৰি নিজৰ ৬০ হাজাৰ পুত্ৰক লৈ যাবলৈ কয়। পুত্ৰসকলে পাতাললৈ সাহসেৰে গমন কৰে, আৰু ধ্যানশীল কপিল ঋষিৰ কাষত ঘোঁৰাটো বান্ধি থোৱা দেখা পায়। পুত্ৰসকলে নিজৰ আৱিষ্কাৰৰ লগে লগে এক বৃহৎ হাঁহাকাৰৰ সৃষ্টি কৰে, ঋষিৰ তপস্যাত ব্যাঘাত জন্মায়। ফলস্বৰূপে কপিলে অগ্নিময় চকুৰে চাই সেইসকলক জ্বলাই ছাই কৰি পেলায়। যেতিয়া সাগৰৰ পুত্ৰসকল ঘূৰি নাহে, তেতিয়া তেওঁ নাতি অংশুমানক তেওঁলোকক বিচাৰি যাবলৈ অনুৰোধ কৰে।১
আৱিষ্কাৰ
অংশুমানে দেউতাক আৰু খুড়াকহঁতে পাতাললৈ যোৱা পথ অনুসৰণ কৰে। তাতে তেওঁ কপিল ঋষি আৰু ঘোঁৰাটোক দেখা পায়। তেওঁ সন্মানেৰে তেওঁৰ ওচৰলৈ আহে, আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ অৱস্থাৰ বিষয়ে সোধে। ঋষিয়ে তেওঁলোকক জ্বলাই ছাই কৰি পেলোৱা বুলি কোৱাৰ লগে লগে তেওঁ শোকাহত হৈ পৰে, কিয়নো তেওঁৰ পিতৃ আৰু ককাকসকলে সঠিক অন্ত্যেষ্টিক্ৰিয়াৰ ৰীতি-নীতি সম্পন্ন নোহোৱাৰ বাবে এতিয়া স্বৰ্গ লাভ কৰিব নোৱাৰিব। কপিলে অংশুমানক কয় যে, তেওঁৰ এতিয়াও জন্ম নোহোৱা নাতি ভগীৰথেহে স্বৰ্গৰপৰা গংগা নদী নমাই আনিব পাৰিব আৰু তেওঁলোকে মুক্তি পাব। অংশুমানে এই দুৰ্ভাগ্যজনক খবৰবোৰ সাগৰক জনায় আৰু তেওঁ শোকত ভাগি পৰে।২৩
ৰজা সাগৰে গংগা নদীক পৃথিৱীলৈ অনাৰ সমাধান বিচাৰি নাপালে আৰু শেষত ৩০ হাজাৰ বছৰ নিজৰ ৰাজ্য শাসন কৰাৰ পাছত তেওঁৰ মৃত্যু হয়।৪ তাৰ পিছত জনসাধাৰণ আৰু মন্ত্ৰীসকলে অংশুমানক ৰজা হিচাপে নিযুক্তি দিয়ে।৫
অংশুমানৰ পিছত তেওঁৰ পুত্ৰ দিলীপ ৰজা হ'ব।৬
তথ্যসূত্ৰ
- ↑ Mahabharata Vana Parva - Translation by KM Ganguly | Mahabharata Stories, Summary and Characters from Mahabharata
- ↑ Mahabharata Vana Parva - Translation by KM Ganguly | Mahabharata Stories, Summary and Characters from Mahabharata
- ↑ The Vishnu
- ↑ Valmiki Ramayana - reference 1.41.26 i.e. Balakanda, Sarga 41, Sloka 26
- ↑ Valmiki Ramayana reference 1.42.1 i.e. Balakanda, Sarga 42, Sloka 1
- ↑ www.wisdomlib.org. (2012-06-15). Amshuman, Aṃśumān, Anshuman: 4 definitions. www.wisdomlib.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অংশুমান” প্ৰবন্ধৰ সংশোধন ৬০৮৪৫৮ (২৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।