মিথি আছিল প্ৰাচীন ভাৰতীয় উপমহাদেশৰ বিদেহ ৰাজ্যৰ ৰজা। তেওঁ নিমি ৰজাৰ পুত্ৰ আছিল।১ মিথিলাৰ জনক বংশৰ তেওঁ প্ৰথম ৰজা জনক আছিল।২
উল্লেখ
বিষ্ণু পুৰাণ আৰু ভৱিষ্য পুৰাণৰ মতে মিথিলাপুৰী নগৰ প্ৰতিষ্ঠা কৰা ৰজা মিথিৰ পৰা “মিথিলা” নামটো উদ্ভৱ হৈছে।৩ পিতৃৰ শৰীৰৰ পৰা জন্ম হোৱা বাবে তেওঁক জনক বুলিও জনা গৈছিল। পিছলৈ মিথিলাৰ পৰৱৰ্তী ৰজাসকলে জনক উপাধি গ্ৰহণ কৰে।৪৫ বাল্মীকি ৰামায়ণৰ বাল কাণ্ডৰ মতে ৰজা মিথিৰ উদবসু নামেৰে এজন পুত্ৰ আছিল যি তেওঁৰ নামেৰে ৰাজ্যৰ উত্তৰাধিকাৰী হৈছিল।৬
বিৱৰণ
বিষ্ণু পুৰাণ, শ্ৰীমদ্ভাগৱত পুৰাণ, ৰামায়ণ, দেৱী ভাগৱত, মৎস্য পুৰাণ আদিত ৰজা মিথিৰ জন্মৰ কাহিনী বৰ্ণনা কৰা হৈছে।৭৮ ৰজা মিথিক পিতৃপক্ষ উৎসৱত কৰ্মকাণ্ড অনুষ্ঠানৰ প্ৰথম প্ৰচাৰক হিচাপে গণ্য কৰা হয়। কোৱা হয় যে ৰজা মিথিয়ে এসময়ত পিতৃৰ ভালপোৱা বস্তুবোৰ তেওঁৰ গুৰু বশিষ্ঠক দান কৰিছিল। তাৰ পিছত গুৰু বশিষ্ঠই এই দান প্ৰথাক "ঈশ্বৰ প্ৰেৰণা" বুলি অভিহিত কৰে আৰু ইয়াৰ পৰাই ইয়াক পূৰ্বপুৰুষৰ বাবে শ্ৰদ্ধা কৰ্মৰ উৎপত্তি বুলি বিশ্বাস কৰা হয়।৯
জন্ম
দেৱী ভাগৱতৰ ষষ্ঠ অধ্যায় অনুসৰি এবাৰ নিমি ৰজাক বশিষ্ঠ ঋষিয়ে তেওঁৰ অনুপস্থিতিত যজ্ঞ কৰাৰ বাবে মৃত্যুৰ অভিশাপ দিছিল। তাৰ পাছত তাত উপস্থিত থকা আন ঋষিসকলে নিমিৰ প্ৰাণহীন শৰীৰটো লৈ যজ্ঞ ৰীতি-নীতি কৰি দেৱতা পূজা কৰি শৰীৰ মন্থন কৰিবলৈ ধৰিলে। তিনিটা পৰ্ব১০ কিছু সময়ৰ পাছত ইয়াৰ পৰা এজন মহান, উজ্জ্বল, শক্তিশালী আৰু নিপুণ মানুহৰ জন্ম হয়। যিহেতু তেওঁৰ জন্ম মথনৰ (মন্থন)ৰ দ্বাৰা হৈছিল তেওঁৰ নাম মিথি ৰখা হৈছিল।৭
তথ্যসূত্ৰ
- ↑ Debroy, Bibek. (2024-03-21). Brahmanda Purana Vol 2. Penguin Random House India Private Limited. ISBN 978-93-5708-522-9
- ↑ Jha, Makhan. (1997). Anthropology of Ancient Hindu Kingdoms: A Study in Civilizational Prespective. M.D. Publications Pvt. Ltd. পৃ. 49. ISBN 978-81-7533-034-4
- ↑ DK. (2022-12-15). The Illustrated Ramayana: The Timeless Epic of Duty, Love, and Redemption. Dorling Kindersley Limited. ISBN 978-0-241-56053-2
- ↑ Jha, Makhan. (1997). Anthropology of Ancient Hindu Kingdoms: A Study in Civilizational Perspective. M.D. Publications Pvt. Ltd. ISBN 978-81-7533-034-4
- ↑ Kapur, Anu. (2019-03-01). Mapping Place Names of India. Taylor & Francis. ISBN 978-0-429-61421-7
- ↑ www.wisdomlib.org. (2020-09-21). King Janaka gives an account of the succession and his dynasty (Chapter 71). www.wisdomlib.org
- ↑ www.wisdomlib.org. (2019-01-28). Story of Mithi. www.wisdomlib.org
- ↑ राजा जनक के दूसरे नाम विदेह से सीता का नाम वैदेही पड़ा -. Jagran
- ↑ पितरों के ऋृण से मुक्ति का पर्व पितृपक्ष, ऋषि तर्पण के साथ हुआ शुभारंभ - The festival of liberation from the debts of ancestors began with Pitru Paksha, Rishi Tarpan. Jagran
- ↑ Debroy, Bibek. (2024-03-21). Brahmanda Purana Vol 2. Penguin Random House India Private Limited. ISBN 978-93-5708-522-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিথি (পৌৰাণিক ৰজা)” প্ৰবন্ধৰ সংশোধন ৫৫৮৯৮৬ (২৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।