অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিতেশ কুমাৰ

নিতেশ কুমাৰ (Nitesh Kumar; জন্ম: ৩০ ডিচেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত তেওঁ পুৰুষৰ একক এছএল৩ শাখাত সোণৰ পদক লাভ কৰে। ২০১৬ চনত তেওঁৰ প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটিছিল।

হালনাগাদ: ১৩ জুন ২০২৫ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

নিতেশ কুমাৰ (Nitesh Kumar; জন্ম: ৩০ ডিচেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।১ ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত তেওঁ পুৰুষৰ একক এছএল৩ শাখাত সোণৰ পদক লাভ কৰে।২ ২০১৬ চনত তেওঁৰ প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটিছিল। ২০২২ চনৰ ১৪ জুন তাৰিখে এছএল৩ শাখাত তেওঁ বিশ্বৰ ৩ নম্বৰ স্থান দখল কৰিছিল।৩ কুমাৰে ২০১৭ চনত আইৰিছ পেৰা-বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰথম খিতাপ দখল কৰিছিল। ২০১৯ চনত তেওঁ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগত জ্যেষ্ঠ প্ৰশিক্ষক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।৪

প্ৰাৰম্ভিক জীৱন

১৯৯৪ চনৰ ৩০ ডিচেম্বৰ তাৰিখে ৰাজস্থানৰ বচ কীৰ্তনত নিতেশ কুমাৰে জন্মগ্ৰহণ কৰিছিল। ২০০৯ চনত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত ৰেল দুৰ্ঘটনাত তেওঁৰ বাওঁ ভৰিখন হেৰুৱাইছিল। বহু মাহ শয্যাশায়ী হৈ থকাৰ পিছত তেওঁ এবছৰতকৈও অধিক সময় আই আই টি প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। ২০১৪ চনত তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মণ্ডিত যোগদান কৰে। তেওঁ হাৰিয়ানাৰ কৰ্ণালত বসবাস কৰে। ক্ৰীড়া বেচৰকাৰী সংস্থা অলিম্পিক গোল্ড কুৱেষ্টে সাহায্য আগবঢ়ায়।

খেলুৱৈ জীৱন

২০১৬ চনত নিতেশ কুমাৰৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটে। ২০১৭ চনত আইৰিছ পেৰা-বেডমিণ্টন ইণ্টাৰনেশ্যনেলত তেওঁ প্ৰথম খিতাপ দখল কৰে। পিছলৈ তেওঁ বি ডব্লিউ এফ পেৰা বেডমিণ্টন ৱৰ্ল্ড চাৰ্কিটত অংশগ্ৰহণ কৰি জয়ী হয় আৰু ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত সোণৰ পদক লাভ কৰে।

২০২২ চনৰ ১৪ জুনত তেওঁ এছএল৩ শাখাত বিশ্বৰ ৩ নম্বৰ স্থান দখল কৰে৫

২০১৯ চনত হাৰিয়ানাৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগত জ্যেষ্ঠ বেডমিণ্টন প্ৰশিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।৪ ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ সোণৰ পদক লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Player Profile
  2. ↑ Sportstar, Team. (2024-09-02). Paralympics 2024: Nitesh Kumar wins gold in para-badminton men’s singles SL3. sportstar.thehindu.com
  3. ↑ BWF Para-Badminton - BWF Para Badminton World Rankings
  4. ↑ (25 April 2019). Nitesh Kumar: The para shuttler from IIT chasing big dreams
  5. ↑ BWF Para-Badminton – BWF Para Badminton World Rankings. bwfpara.tournamentsoftware.com

সম্পৰ্কিত শ্ৰেণী

ৰাজস্থানৰ ব্যক্তিভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিতেশ কুমাৰ” প্ৰবন্ধৰ সংশোধন ৫১৭৫৪৬ (১৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।