সুবৰ্ণা মুস্তাফা (ইংৰাজী ভাষা: Suborna Mustafa; জন্ম: ২ ডিচেম্বৰ ১৯৫৯)১ এগৰাকী বাংলাদেশী টেলিভিছন, চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী।২ তেওঁ ২০১৯ চনৰপৰা ২০২৪ চনলৈকে সংৰক্ষিত মহিলা আসন–৪ৰপৰা প্ৰতিনিধিত্ব কৰা এজন প্ৰাক্তন জাতীয় সংসদ সদস্য। তেওঁ বাংলাদেশ আৱামী লীগ দলৰ এগৰাকী সক্ৰিয় সদস্য।৩
মুস্তাফা তেওৰ টেলিভিছন ধাৰাবাহিকসমূহ যেনে কোথাও কেউ নেই (১৯৯০), আজ ৰবিবাৰ (১৯৯৯) আৰু অয়োময় (১৯৯১)ত কৰা অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত।৪ তেওঁ নতুন বহু (১৯৮৩) আৰু গহীন বালুচৰ (২০১৭) ছবিৰ বাবে দুবাৰকৈ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান লাভ কৰিছে।৫ ২০১৯ চনত বাংলাদেশ চৰকাৰে তেওঁক সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে একুশে পদক প্ৰদান কৰে।৬
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
সুবৰ্ণা মুস্তাফাৰ জন্ম ১৯৫৯ চনৰ ২ ডিচেম্বৰত ঝালকাঠি জিলাৰ নলছিটী উপজিলাৰ দপদপীয়া ইউনিয়নত হৈছিল। তেওঁৰ পিতৃ গোলাম মুস্তাফা এজন প্ৰখ্যাত চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা আছিল। তেওঁৰ মাতৃ হুচনে আৰা মুস্তাফা অল ইণ্ডিয়া ৰেডিঅ', ৰেডিঅ' পাকিস্তান আৰু বাংলাদেশ বেতাৰৰ এগৰাকী ৰেডিঅ' প্ৰযোজক আছিল।৭ তেওঁৰ কেমেলিয়া মুস্তাফা নামৰ এগৰাকী ভগ্নী আছে।৮ সুবৰ্ণা মুস্তাফাই শৈশৱৰ বেছিভাগ সময় ঢাকাৰ এলিফেণ্ট ৰোডত থকা মোমায়েকৰ ঘৰত কটাইছিল আৰু ভিকাৰুন্নিছা নুন স্কুলত পঢ়িছিল।৯
কেৰিয়াৰ
সুবৰ্ণা মুস্তাফাই জহিৰ ৰায়হানৰ উপন্যাসৰ আধাৰত নিৰ্মিত টেলিভিছন নাটক বৰফ গলা নদীৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।৪ তেওঁ অফজল হোচেইনৰ সৈতে ৰক্তে আঙুৰ লতা নাটকত অভিনয় কৰিছিল।১০ ইয়াৰ উপৰি তেওঁ মামুনুৰ ৰছিদৰ নিৰ্দেশনাত বাংলাদেশ টেলিভিছনৰ প্ৰথমটো পেকেজ ড্ৰামা ধাৰাবাহিক শিল্পীত অভিনয় কৰিছিল।১০
মঞ্চ জগতত মুস্তাফাই অল মনচুৰৰ জণ্ডিচ ও বিবিধ বেলুনৰ জৰিয়তে ভৰি দিছিল।১১ ২০০৯ চনত তেওঁ এটিএন বাংলাৰ বাবে আকাশ কুসুম নামৰ এটা একক খণ্ডৰ নাটকৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।১২
চলচ্চিত্ৰ জগতত সুবৰ্ণা মুস্তাফাই ১৯৮০ চনত ঘুড্ডিৰ জৰিয়তে অভিষেক ঘটায়।১০ ১৯৮৪ চনত তেওঁ জফৰ ইকবালৰ সৈতে নয়নৰ আলোত অভিনয় কৰে।১০ পৰৱৰ্তী সময়ত তেওঁ লাল সবুজেৰ পালা, পালাবি কোথায়, সূৰুজ মিঞা, অপহৰণ, দূৰত্ব, হেডমাষ্টাৰ, কমাণ্ডাৰ, খণ্ড গল্প ৭১, আঁখি ও তাৰ বন্ধুৰা আৰু শংখনীল কাৰাগাৰৰ দৰে বহুতো ছবিত অভিনয় কৰিছে।১০
এগৰাকী দীৰ্ঘদিনীয়া ক্ৰিকেট অনুৰাগী হিচাপে মুস্তাফাই ২০১৫ চনৰপৰা 'ৰেডিঅ' ভূমি'ত ক্ৰিকেট ধাৰাভাষ্যকাৰ হিচাপে কাম কৰি আহিছে।১৩১৪ চেন্সৰবোৰ্ডৰ সদস্য হিচাপে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা নিৰ্বাচন প্ৰক্ৰিয়াতো অংশগ্ৰহণ কৰে।
২০২৪ চনৰ জুলাই বিপ্লৱৰ সময়ত মুস্তাফাই আৱামী লীগৰ নেতৃত্বত থকা চৰকাৰৰপক্ষ লৈছিল।১৫ সেই সময়ত তেওঁ ফেৰদৌচ আহমেদকে ধৰি চৰকাৰ পন্থী অন্য শিল্পীসকলৰ সৈতে মিলি 'আলো আসবেই' নামৰ এটা হোৱাটছএপ গ্ৰুপ খুলিছিল।১৬
আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত ২০২৪ চনৰ ৩ ছেপ্টেম্বৰত সেই হোৱাটছএপ গ্ৰুপটোৰ বাৰ্তালাপৰ কিছু স্ক্ৰীনশ্বট ছচিয়েল মিডিয়াত বিয়পি পৰে।১৭ নৱেম্বৰ মাহত বাংলাদেশ আৰক্ষীয়ে মুস্তাফা আৰু তেওঁৰ স্বামীক বিদেশ ভ্ৰমণৰপৰা বাধা প্ৰদান কৰে।১৮
ব্যক্তিগত জীৱন
১৯৮৪ চনত মুস্তাফাই বাংলাদেশী অভিনেতা হুমায়ুন ফৰিদীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০০৮ চনৰ ১৮ মাৰ্চত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।৮ পৰৱৰ্তী সময়ত ২০০৮ চনৰ জুলাই মাহত তেওঁ বদ্ৰুল আনাম সৌদৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১৯
তথ্যসূত্ৰ
- ↑ (2008-07-09). Actress Subarna Mustafa marries TV play director Soud. The Daily Star
- ↑ Kamol, Ershad. (16 June 2006). Illuminating the Small Screen Subarna Mustafa on Contemporary Entertainment. The Daily Star
- ↑ (2019-02-08). Aroma, Suborna to become MP as Awami League names 41 for reserved seats. bdnews24.com
- ↑ (2016-08-27). bn:ইণ্ডাষ্ট্ৰিতে সবচেয়ে কাছেৰ বন্ধু. The Daily Star Bangla
- ↑ National Film Award-2017 and 2018. Ministry of Information
- ↑ (2019-02-07). 21 named for Ekushey Padak. The Daily Star
- ↑ Naziba Basher. (15 May 2017). The person I am today is because of my mother - Suborna Mustafa. The Daily Star
- ↑ (12 March 2013). bn:মিডিয়া পাড়াৰ কিছু ২য় বিয়েৰ গল্প. banglanews24.com
- ↑ (2010-12-10). Going back in time with Suborna Mustafa. The Daily Star
- ↑ (2019-12-02). bn:পঞ্চম যুগে সুবৰ্ণা. The Daily Star Bangla
- ↑ (2013-06-16). Golam Mustafa: Father extraordinaire. The Daily Star
- ↑ (2010-07-23). Suborna Mustafa: Expanding horizons. The Daily Star
- ↑ (18 February 2015). Suborna to give live commentary during Bangladesh-Afghanistan match. The New Nation
- ↑ (22 July 2015). Living the dream: Suborna Mustafa. The Daily Star
- ↑ (September 2024). Shock and surprise grip entertainment arena after chats discovery. daily-sun
- ↑ Alo Ashbei WhatsApp group message leaked. The Daily Star
- ↑ (2024-09-03). 'Throw hot water on protesters': 'Alo Ashbei' artistes' WhatsApp group under fire. The Daily Star
- ↑ (30 November 2024). Suborna Mustafa, husband not allowed to fly aboard. New Age (Bangladesh)
- ↑ (7 July 2008). Suborna ties the knot again. bdnews24.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুবৰ্ণা মুস্তাফা” প্ৰবন্ধৰ সংশোধন ৬১৬৮১১ (১২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।