শ্বামছুন্নহৰ মাহমুদ (Shamsunnahar Mahmud, প্ৰায় ১৯০৮ — ১০ এপ্ৰিল, ১৯৬৪) ২০ শতিকাৰ আৰম্ভণিৰ সময়ৰ বংগৰ এগৰাকী লেখক, ৰাজনীতিবিদ আৰু শিক্ষাবিদ আছিল। বেগম ৰকেয়াৰ নেতৃত্বত তেওঁ বংগৰ নাৰী অধিকাৰ আন্দোলনৰ এগৰাকী নেত্ৰী আছিল।১ ঢাকা বিশ্ববিদ্যালয় আৰু চিট্টাগং বিশ্ববিদ্যালয়ৰ শ্বামছুন্নাৰ হলৰ নাম তেওঁৰ নামেৰে ৰখা হয়।২
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৯০৮ চনত বাংলাদেশৰ ফেনী জিলাৰ বৰ্তমানৰ পৰশুৰাম উপজিলাৰ উত্তৰ গুথুমা গাঁৱত মাহমুদৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মহম্মদ নুৰুল্লাহ এজন মুনচিফ আছিল। খান বাহাদুৰ আব্দুল আজিজ আছিল তেওঁৰ ককাক। তেওঁৰ ভাতৃ হবিবুল্লাহ বাহাৰ চৌধুৰী এজন ৰাজনীতিবিদ আছিল।২
মাহমুদে চট্টগ্ৰামৰ ড° খস্তাগীৰ চৰকাৰী বালিকা বিদ্যালয়ত পঢ়া-শুনা আৰম্ভ কৰে, আৰু ১৯২৬ চনত ব্যক্তিগত প্ৰাৰ্থী হিচাপে মেট্ৰিক পৰীক্ষাত ঊত্তীৰ্ণ হয়। তেওঁ কলিকতাৰ ডাইচেচন কলেজ পৰা আই.এ. (১৯২৮ চনত) আৰু বি.এ. (১৯৩২ চনত) উত্তীৰ্ণ হয়।৩১৯৪২ চনত বাংলা সাহিত্যত এম.এ. পঢ়াৰ পিছত তেওঁ বেগম ৰকেয়াৰ নেতৃত্বত নাৰী অধিকাৰ আন্দোলনত যোগদান কৰে।২
কৰ্মজীৱন
লেডী ব্ৰাবৰ্ণ কলেজত বাংলা সাহিত্যৰ শিক্ষয়িত্ৰী হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিল৷ তেওঁ নিখিল বংগা মুছলিম মহিলা সমিতি (অল বেংগল মুছলিম মহিলা সমাজ)ৰ সম্পাদিকা হিচাপে কাম কৰিছিল। ১৯৫২ চনত পূব পাকিস্তানৰ প্ৰতিনিধি হিচাপে তুৰস্ক আৰু মধ্যপ্ৰাচ্য ভ্ৰমণ কৰে।১৯৬২ চনত ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য নিৰ্বাচিত হয়।২
১৯৬১ চনত তেওঁ "দি চেণ্টাৰ ফৰ দ্য ৰিহেবিলিটেচন অৱ ডিচেবল চিলড্ৰেন" স্থাপনৰ সূচনা কৰে।২
উত্তৰাধিকাৰ
মাহমুদৰ মৃত্যুৰ পিছত ঢাকা বিশ্ববিদ্যালয়,চট্টগং বিশ্ববিদ্যালয়ৰ মহিলা হলটোৰ নাম শ্বামছুন্নহৰ হল ৰখা হয়।২ সামাজিক কাম-কাজত আগবঢ়োৱা অৱদানৰ বাবে ১৯৮১ চনত বাংলাদেশ চৰকাৰে তেওঁক স্বাধীনতা দিৱসৰ বঁটাৰে সন্মানিত কৰিছিল।
তথ্যসূত্ৰ
- ↑ Banu, U. A. B. Razia Akter. (1992). Islam in Bangladesh. BRILL. পৃ. 135. ISBN 90-04-09497-0
- ↑ AKM Saifuzzaman
- ↑ Amin, Sonia. (1996). The World of Muslim Women in Colonial Bengal, 1876-1939. BRILL. পৃ. 159. ISBN 90-04-10642-1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বামছুন্নহৰ মাহমুদ” প্ৰবন্ধৰ সংশোধন ৬৩০৯৪৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।