অজ’ন হৈছে অম্লজানৰ এটা অৱৰূপ; নীলাভ ৰঙৰ এবিধ অতি সক্ৰিয় গেছ। ইয়াৰ IUPAC নাম ট্ৰাইঅক্সিজেন। ই এবিধ জাৰক। বায়ুৰ মাজেৰে শব্দহীন বৈদ্যুতিক ডিছচাৰ্জ পঠিয়াই উৎপন্ন কৰিব পৰা এইবিধ গেছৰ অণু একোটা তিনিটা অম্লজান পৰমাণুৰে গঠিত। ১৫ৰ পৰা ৩০ কিল’মিটাৰ উচ্চতাত থকা বায়ুমণ্ডলতহে কিছু অজ’ন থাকে। সূৰ্যৰপৰা অহা অতিবেঙুনীয়া শুহি লৈ এই অজ’নে জীৱজগতক ৰক্ষা কৰে। তাপগতি বিজ্ঞানৰ তত্ত্বমতে অক্সিজেনৰ তুলনাত অ'জন দুঃস্থিত।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজ’ন” প্ৰবন্ধৰ সংশোধন ৪৫৯২৩৬ (২৮ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।