অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

পদাৰ্থৰ অৱস্থা

পদাৰ্থৰ অৱস্থা বুলি ক’লে সম্পূৰ্ণ সুকীয়াকৈ পদাৰ্থৰ ভিন্ন দশাৰ উপস্থিতিকে বুজা যায়। দৈনন্দিন অভিজ্ঞতাৰ পৰা পদাৰ্থৰ: কঠিন, জুলীয়া, আৰু গেছীয় এই তিনিটা অৱস্থাৰ বিষয়ে জনা যায়। পদাৰ্থৰ আন অৱস্থাবোৰ যেনে প্লাজমা বৈজ্ঞানিক কাম-কাজতহে গুৰুত্বপূৰ্ণ।

হালনাগাদ: ৭ ফেব্ৰুৱাৰী ২০১৯ ৩১০ শব্দ · ২ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

পদাৰ্থৰ অৱস্থা বুলি ক’লে সম্পূৰ্ণ সুকীয়াকৈ পদাৰ্থৰ ভিন্ন দশাৰ উপস্থিতিকে বুজা যায়। দৈনন্দিন অভিজ্ঞতাৰ পৰা পদাৰ্থৰ: কঠিন, তৰল পদাৰ্থ, আৰু গেছ এই তিনিটা অৱস্থাৰ বিষয়ে জনা যায়। পদাৰ্থৰ আন অৱস্থাবোৰ যেনে প্লাজমা বৈজ্ঞানিক কাম-কাজতহে গুৰুত্বপূৰ্ণ। পদাৰ্থৰ আন আন অৱস্থাবোৰ যেনে ব’ছ-আইনষ্টাইন ঘনীভৱন, নিউট্ৰন তৰা আৰু কোৱাৰ্ক-গ্লুৱন প্লাজমা, আদি সম্ভৱপৰ বুলি ধাৰণা কৰা হয়; কিন্তু সাধাৰণ পৰিবেশত এই অৱস্থাবোৰৰ উপস্থিতি অনুভৱ কৰা নাযায়। বেৰিয়নিক পদাৰ্থৰ সৰহখিনিয়েই উষ্ণ প্লাজমা অৱস্থাত, অতি পাতল আন্তঃনাক্ষত্ৰিক মাধ্যম আৰু অতি গধুৰ নক্ষত্ৰ হিচাপে বিশ্ব-ব্ৰক্ষ্মাণ্ডত বিদ্যমান।

পুৰণিকালত পদাৰ্থৰ অৱস্থা ইয়াৰ বাহ্যিক আকাৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল। কঠিন অৱস্থাটোত পদাৰ্থৰ আয়তন আৰু আকৃতি সুদৃঢ়; জুলীয়া অৱস্থাটোত পদাৰ্থৰ আয়তন অতি সামান্যভাৱে পৰিবৰ্তনীয় আৰু ই পাত্ৰৰ আকৃতি ধাৰণ কৰে আৰু গেছীয় অৱস্থাটোত পদাৰ্থ বিয়পি গৈ পাত্ৰৰ আয়তন আৰু আকৃতি ধাৰণ কৰে।

যিকোনো পদাৰ্থৰ অৱস্থা বা দশাৰ পৰিবৰ্তন চাপ আৰু উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে, আৰু এই চৰ্ত দুটাৰ বাবেহে আন এটা দশালৈ সংক্ৰমণ ঘটে। উদাহৰণ স্বৰূপে, উষ্ণতা বৃদ্ধিৰ লগে লগে কঠিন পদাৰ্থ জুলীয়া পদাৰ্থলৈ পৰিবৰ্তিত হয়।

পদাৰ্থৰ অৱস্থাক আকৌ দশাৰ পৰিবৰ্তন হিচাপে নামাকৰণ কৰিব পাৰি। এটা দশাৰ পৰিবৰ্তনে পদাৰ্থ এটাৰ আকাৰৰ পৰিবৰ্তন সূচিত কৰে আৰু ইয়াক পদাৰ্থবিধৰ ধৰ্মৰ তাত্‌ক্ষণিক পৰিবৰ্তনৰপৰা জানিব পাৰি।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

ৰসায়ন বিজ্ঞানপদাৰ্থ বিজ্ঞানপদাৰ্থৰ অৱস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদাৰ্থৰ অৱস্থা” প্ৰবন্ধৰ সংশোধন ১৯০০৪০ (৭ ফেব্ৰুৱাৰী ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।