অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নেপালত হিন্দুধৰ্ম

হিন্দুধৰ্ম হৈছে নেপালৰ প্ৰধান আৰু সৰ্ববৃহৎ ধৰ্ম। খ্ৰীষ্টাব্দ ২০০৬ চনত ৰাজতন্ত্ৰৰ উচ্ছেদৰ পিছত নেপালে নিজকে ধৰ্মনিৰপেক্ষ দেশ হিচাপে ঘোষণা কৰে। নেপালৰ লোকপিয়ল অনুসৰি নেপালত হিন্দু ধৰ্মালম্বীৰ সংখ্যা প্ৰায় ২ কোটি ৩৬ লাখ ৭৭ হাজাৰ ৭৪৪ জন, যি দেশখনৰ জনসংখ্যাৰ প্ৰায় ৮১.১৯ শতাংশ।

হালনাগাদ: ২৪ নৱেম্বৰ ২০২৫ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

হিন্দুধৰ্ম হৈছে নেপালৰ প্ৰধান আৰু সৰ্ববৃহৎ ধৰ্ম। খ্ৰীষ্টাব্দ ২০০৬ চনত ৰাজতন্ত্ৰৰ উচ্ছেদৰ পিছত নেপালে নিজকে ধৰ্মনিৰপেক্ষ দেশ হিচাপে ঘোষণা কৰে। নেপালৰ লোকপিয়ল অনুসৰি নেপালত হিন্দু ধৰ্মালম্বীৰ সংখ্যা প্ৰায় ২ কোটি ৩৬ লাখ ৭৭ হাজাৰ ৭৪৪ জন, যি দেশখনৰ জনসংখ্যাৰ প্ৰায় ৮১.১৯ শতাংশ। বিক্ৰম সম্বত হ'ল নেপালত ব্যৱহৃত দুখন চৰকাৰী পঞ্জিকাৰ এখন, আনখন সূৰ্যভিত্তিক হিন্দু পঞ্জিকা, যাৰ উৎপত্তি উত্তৰ ভাৰতৰ ধৰ্মীয় পঞ্জিকাৰপৰা হোৱা। নেপালৰ প্ৰায় সকলো অঞ্চলত হিন্দু ধৰ্মই ৯০% বা তাতকৈ অধিক জনসংখ্যাৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিছে। হিন্দুধৰ্মৰদ্বাৰা সৰ্বাধিক প্ৰভাবিত নেপালী জাতিসমূহ হ’ল বাহুন, ক্ষেত্ৰী, মধেশী, নেৱাৰ, আৰু ঠকুৰী।

ইতিহাস

ইতিহাসবিদ আৰু স্থানীয় পৰম্পৰাৰ মতে প্ৰাগৈতিহাসিক সময়ত 'নে' নামৰ এজন হিন্দু ঋষিয়ে কাঠমাণ্ডু উপত্যকাত আশ্ৰয় লৈছিল। "নেপাল" শব্দৰ অৰ্থ সংস্কৃতত “নে ঋষিয়ে ৰক্ষা কৰা স্থান” বুলি কোৱা হয়। বাগমতী আৰু বিষ্ণুমতী নদীৰ সংগমত তেওঁ ধৰ্মীয় আচাৰ অনুষ্ঠান কৰিছিল বুলি কিংবদন্তি আছে। তেওঁ গোপাল বংশৰ প্ৰথম ৰাজা হিচাপে পৱিত্ৰ গোৱালীয়া ‘‘ভুক্তমান’’ক বাছনি কৰিছিল। গোপাল বংশই প্ৰায় ৬২১ বছৰ শাসন কৰিছিল, যক্ষ গুপ্ত আছিল শেষ ৰাজা।১

স্কন্দ পুৰাণৰ মতে, হিমালয়ত ‘‘নে’’ বা ‘‘নেমুনি’’ নামৰ ঋষি আছিল। পশুপতি পুৰাণত তেওঁক সাধু আৰু ৰক্ষক হিচাপে বৰ্ণনা কৰা হৈছে। তেওঁ বাগমতী আৰু কেশৱতী নদীৰ তীৰত তপস্যা কৰিছিল আৰু উপদেশ দিছিল বুলি কোৱা হয়।২

ঐতিহাসিক জনসংখ্যা

বছৰপ্ৰতিশতবৃদ্ধি/হ্ৰাস
১৯৫২/৫৪৮৮.৮৭%-
১৯৬১৮৭.৬৯%-১.১৮%
১৯৭১৮৯.৩৯%+১.৭০%
১৯৮১৮৯.৫০%+০.১১%
১৯৯১৮৬.৫১%-২.৯৯%
২০০১৮০.৬২%-৫.৮৯%
২০১১৮৫.০২%+৪.৪%

তথ্যসূত্ৰ

  1. ↑ W.B., P. 34 Land of the Gurkhas
  2. ↑ Prasad, P. 4 The life and times of Maharaja Juddha Shumsher Jung Bahadur Rana of Nepal

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্মনেপাল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেপালত হিন্দুধৰ্ম” প্ৰবন্ধৰ সংশোধন ৫৫৬৪৯৫ (২৪ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।