অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দেৱী ভাগৱত পুৰাণ

দেৱী ভাগৱত পুৰাণ (সংস্কৃত: देवी भागवतपुराणम्), দেৱী পুৰাণ বা সৰলভাৱে দেৱী ভাগৱত বুলিও কোৱা হয়, হিন্দু ধৰ্মৰ শিৱ পুৰাণ অনুসৰি আঠাইশখন মহাপুৰাণৰ ভিতৰত অন্যতম। বেদ ব্যাসৰ দ্বাৰা সংস্কৃত ভাষাত ৰচনা কৰা এই গ্ৰন্থখন দেৱী উপাসক (শাক্ত)সকলৰ বাবে এক প্ৰধান পুৰাণ হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

দেৱী ভাগৱত পুৰাণ (সংস্কৃত ভাষা: देवी भागवतपुराणम्), দেৱী পুৰাণ বা সৰলভাৱে দেৱী ভাগৱত বুলিও কোৱা হয়, হিন্দু ধৰ্মৰ শিৱ পুৰাণ অনুসৰি আঠাইশখন মহাপুৰাণৰ ভিতৰত অন্যতম।১২৩ বেদ ব্যাসৰ দ্বাৰা সংস্কৃত ভাষাত ৰচনা কৰা এই গ্ৰন্থখন দেৱী উপাসক (শাক্ত)সকলৰ বাবে এক প্ৰধান পুৰাণ হিচাপে গণ্য কৰা হয়। ই মহাদেৱীৰ প্ৰতি ভক্তিক প্ৰসাৰিত কৰে আৰু শাক্তদ্বৈতবাদ পৰম্পৰাৰ (সাংখ্য আৰু অদ্বৈত বেদান্তৰ এক সংমিশ্ৰণ) বিষয়বস্তুসমূহ একত্ৰিত কৰে। ইয়াক সাধাৰণতে শাক্ত পুৰাণ বুলি গণ্য কৰা হয় যদিও ডাউছনৰ দৰে কিছুমান পণ্ডিতেও এই পুৰাণক শৈৱ পুৰাণ বুলি ব্যাখ্যা কৰিছে।৪

দেৱী পুৰাণ ৩১৮টা অধ্যায়ৰ সৈতে বাৰটা কাণ্ডৰে গঠিত।৫ দেৱী মহাত্ম্যৰ লগতে এই পুৰাণ শাক্তবাদৰ অন্যতম গুৰুত্বপূৰ্ণ গ্ৰন্থ, হিন্দু ধৰ্মৰ ভিতৰৰ পৰম্পৰা যিয়ে দেৱী বা শক্তি (দেৱী)ক বিশ্বব্ৰহ্মাণ্ডৰ আদিম সৃষ্টিকৰ্তা আৰু ব্ৰহ্ম (চূড়ান্ত সত্য আৰু বাস্তৱ) হিচাপে শ্ৰদ্ধা কৰে।৬৭৮ সকলো বস্তুৰ সৃষ্টিকৰ্তা, সংৰক্ষক আৰু ধ্বংসকাৰী তথা আধ্যাত্মিক মুক্তিক শক্তিশালী কৰা সকলো অস্তিত্বৰ উৎপত্তি হিচাপে ঐশ্বৰিক নাৰীত্বক উপস্থাপন কৰে।৯১০ হিন্দু ধৰ্মৰ সকলো প্ৰধান পুৰাণতে দেৱীৰ উল্লেখ আৰু শ্ৰদ্ধা কৰা হৈছে যদিও এই গ্ৰন্থখন তেওঁক প্ৰাথমিক দেৱতা হিচাপে কেন্দ্ৰ কৰি ৰচিত হৈছে।১১১২১৩ এই গ্ৰন্থখনৰ অন্তৰ্নিহিত দৰ্শন হৈছে শক্তিৰ ভক্তিমূলক পূজাৰ সৈতে সংযুক্ত অদ্বৈত বেদান্ত শৈলীৰ একতাবাদ।১৪১৫১৬ বিশ্বাস কৰা হয় যে এই গ্ৰন্থখন ব্যাসে পৰীক্ষিতৰ পুত্ৰ ৰজা জন্মেজয়ৰ আগত কৈছিল।১৭

তথ্যসূত্ৰ

  1. ↑ Dalal 2014, পৃ. 117
  2. ↑ The Devi Bhagavatam: The First Book: Chapter 1. www.sacred-texts.com
  3. ↑ Winternitz, M. (1927). A History Of Indian Literature,vol.1
  4. ↑ Dowson, John. (2008). A Classical Dictionary of Hindu Mythology and Religion, Geography, History, and Literature. Trübner & Company. পৃ. 83
  5. ↑ Rocher 1986, পৃ. 168
  6. ↑ C Mackenzie Brown 1990, পৃ. 44-45, 129, 247-248 with notes 57-60
  7. ↑ John Stratton Hawley Donna Marie Wulff 1998, পৃ. 6-14
  8. ↑ Tracy Pintchman 2015, পৃ. 183-188
  9. ↑ Dalal 2014, পৃ. 117
  10. ↑ David Kinsley 1988, পৃ. 133-139
  11. ↑ Tracy Pintchman 2015, পৃ. 128-132
  12. ↑ June McDaniel 2004, পৃ. 89-91, 159-161
  13. ↑ C Mackenzie Brown 1990, পৃ. 142-144
  14. ↑ Tracy Pintchman 2015, পৃ. 128-132
  15. ↑ June McDaniel 2004, পৃ. 89-91, 159-161
  16. ↑ C Mackenzie Brown 1990, পৃ. 142-144
  17. ↑ Doniger, Wendy. (1993). Purāṇa Perennis. State University of New York Press. পৃ. 37. ISBN 9780791413814

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱী ভাগৱত পুৰাণ” প্ৰবন্ধৰ সংশোধন ৬৩২২৬৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।