কুক্কুটধ্বজ (সংস্কৃত ভাষা: कुक्कुटध्वज) বা কুকুৰাৰ পতাকা হিন্দু দেৱতা কাৰ্তিকৰ পতাকা, তামিল পৰম্পৰাত স্কণ্ড১ আৰু মুৰুগান বুলিও কোৱা হয়। তেওঁৰ আইকনগ্ৰাফীত মুৰুগান দেৱতাক এহাতত ঐশ্বৰিক বল্লম আৰু আনখন হাতত কুকুৰাৰ পতাকা লৈ চিত্ৰিত কৰা হৈছে।২
কিংবদন্তি
কন্দ পুৰাণমৰ মতে দেৱতা মুৰুগানে মাতৃ পাৰ্বতীয়ে দিয়া ঐশ্বৰিক বল্লমৰে অসুৰ সুৰপদ্মনৰ লগত যুদ্ধ কৰা বুলি ধৰা হয়। সুৰপদ্মনে গছৰ ৰূপ ধাৰণ কৰাৰ পাছত মুৰুগানে নিজৰ বল্লমৰ সহায়ত অসুৰক দুভাগ কৰিলে। এই দুটা ভাগৰ এটা ময়ূৰ হৈ পৰিল, যাক মুৰুগানে নিজৰ বাহন হিচাপে লৈছিল আৰু এটা কুকুৰা হৈ পৰিছিল, যাক তেওঁ নিজৰ পতাকা হিচাপে গ্ৰহণ কৰিছিল। এই কিংবদন্তি স্কন্দ ষষ্ঠী উপলক্ষ্যে উদ্যাপন কৰা হয়।৩৪
মহাভাৰতত তাৰকাসুৰৰ সৈতে যুদ্ধৰ পূৰ্বে জুইয়ে কুকুৰাক স্কন্দৰ প্ৰতীক হিচাপে আগবঢ়াইছে।৫
তথ্যসূত্ৰ
- ↑ Bonnefoy, Yves. (1993-05-15). Asian Mythologies. University of Chicago Press. পৃ. 125. ISBN 978-0-226-06456-7
- ↑ Krishna, Nanditha. (2014-05-01). Sacred Animals of India. Penguin UK. পৃ. 271. ISBN 978-81-8475-182-6
- ↑ Melton, J. Gordon. (2011-09-13). Religious Celebrations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations (2 volumes): An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations. ABC-CLIO. পৃ. 821. ISBN 978-1-59884-206-7
- ↑ Jackson, Chris; Kozlowski, Frances. (2013-08-21). Driven by the Divine: A Seven-Year Journey with Shivalinga Swamy and Vinnuacharya. BalboaPress. পৃ. 153. ISBN 978-1-4525-7893-4
- ↑ (July 2012). The Mahabharata: Volume 3. Penguin Books India. পৃ. 396. ISBN 978-0-14-310015-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুক্কুটধ্বজ” প্ৰবন্ধৰ সংশোধন ৬৩৩৪১৯ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।