অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ওঁ

ওঁ হৈছে হিন্দু ধৰ্মৰ পৱিত্ৰ আৰু সৰ্বজনীন প্ৰতীক। ইয়াক ওঁ-কাৰ, ওঙ্কাৰ (সংস্কৃত: অ + উ + ম্), প্ৰণৱ, ত্ৰ্যক্ষৰ আদি নামেৰেও জনা যায়। ই হিন্দু দৰ্শনৰ সৰ্বোচ্চ ঈশ্বৰ ব্ৰহ্মৰ বাচক। এই ধৰ্মৰ প্ৰতিটো সম্প্ৰদায় আৰু উপসম্প্ৰদায়ে ইয়াক অতি পৱিত্ৰ বুলি গণ্য কৰে।

হালনাগাদ: ৪ ডিচেম্বৰ ২০২৫ ৪০০ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ওঁ হৈছে হিন্দু ধৰ্মৰ পৱিত্ৰ আৰু সৰ্বজনীন প্ৰতীক। ইয়াক ওঁ-কাৰ, ওঙ্কাৰ (সংস্কৃত: অ + উ + ম্), প্ৰণৱ, ত্ৰ্যক্ষৰ আদি নামেৰেও জনা যায়। ই হিন্দু দৰ্শনৰ সৰ্বোচ্চ ঈশ্বৰ ব্ৰহ্মৰ বাচক।১ এই ধৰ্মৰ প্ৰতিটো সম্প্ৰদায় আৰু উপসম্প্ৰদায়ে ইয়াক অতি পৱিত্ৰ বুলি গণ্য কৰে। স্বামী বিবেকানন্দৰ মতে, ওঁ-কাৰ "সমগ্ৰ ব্ৰহ্মাণ্ডৰ প্ৰতীক তথা ঈশ্বৰৰো প্ৰতীক। "২ ৰামকৃষ্ণ পৰমহংসৰ মতে, "...ওঁ মানেই 'ওঁ শিৱ', 'ওঁ কালী', 'ওঁ কৃষ্ণ' হৈছে। "৩ ওঁ-কাৰ বৌদ্ধ, জৈন, শিখ সকলেও পৱিত্ৰ জ্ঞান কৰে। এই প্ৰতীকৰ দেৱনাগৰী ৰূপ ॐ, চীনা ৰূপ 唵, আৰু তিব্বতীয় ৰূপ ༀ।৪

ব্যুৎপত্তি

ওঁ শব্দ সংস্কৃত ভাষা 'অৱ' ধাতুৰ পৰা উৎপন্ন হৈছে। এই ধাতু একাধাৰে ১৯টা ভিন্ন ভিন্ন অৰ্থত ব্যৱহাৰ হয়। এই বুৎপত্তি অনুযায়ী ওঁ-কাৰ এক প্ৰকাৰৰ সৰ্বজ্ঞ শক্তি, সমগ্ৰ ব্ৰহ্মাণ্ডৰ শাসনকৰ্তা, অমংগলৰ পৰা ৰক্ষাকৰ্তা, ভক্তৰ মনোবাঞ্ছা পূৰ্ণকাৰী, অজ্ঞান নাশক তথা জ্ঞান প্ৰদাতা।৫ ওঁ-কাৰক ত্ৰ্যক্ষৰো বোলা হয়, কাৰণ ওঁ তিনটা মাত্ৰাযুক্ত – 'অ-কাৰ', 'উ-কাৰ' আৰু 'ম-কাৰ'। 'অ-কাৰ' 'আপ্তি' বা 'আদিমত্ত্ব' অৰ্থাৎ সৃষ্টিৰ প্ৰতীক। 'উ-কাৰ' 'উৎকৰ্ষ' বা 'অভেদত্ব'ৰ প্ৰতীক। 'ম-কাৰ' 'মিতি' বা 'অপীতি' অৰ্থাৎ লয়ৰ প্ৰতীক।৬ অন্য ব্যাখ্যা অনুযায়ী, ই সৃষ্টি, স্থিতি আৰু প্ৰলয় সংঘটনকাৰী ঈশ্বৰৰ প্ৰতীক।৫

'প্ৰণৱ' শব্দৰ আক্ষৰিক অৰ্থ, 'যি উচ্চাৰণ কৰি স্তৱ কৰা হয়'। আন এটা অৰ্থ হল 'চিৰনতুন' বা 'চিৰন্তন'।৪

গুৰুত্ব আৰু ব্যাখ্যা

ওঁ-কাৰ ঈশ্বৰৰ সকলো নামৰ প্ৰতিনিধিস্বৰূপ তথা শ্ৰেষ্ঠ নাম।৭ বেদ, উপনিষদ্‌, শ্ৰীমদ্ভগৱতগীতা আৰু অন্যান্য হিন্দুশাস্ত্ৰ সকলোতে ওঁ-কাৰক সৰ্বোচ্চ গুৰুত্ব আৰোপ কৰা হৈছে। অথৰ্ববেদৰ গোপথব্ৰাহ্মণৰ এটি কাহিনী অনুসৰি দেবৰাজ ইন্দ্ৰ ওঁ-কাৰৰ সহায়তাৰে দৈত্য সকলক পৰাস্ত কৰিছিল। এই কাহিনীৰ অন্তৰ্নিহিত অৰ্থ হল, ওঁ-কাৰৰ বাৰংবাৰ উচ্চাৰণত মানুহে তাৰ পাশৱ প্ৰবৃত্তি জয় কৰিবলৈ সক্ষম হয়।৫ কঠোপনিষদ মতে, ওঁ-কাৰ পৰমব্ৰহ্ম।৮ মুণ্ডক উপনিষদত ওঁ-কাৰ অৱলম্বনত ঈশ্বৰোপাসনাৰ কথা কোৱা হৈছে।৯ শ্ৰীকৃষ্ণয়ে গীতাত কৈছে, তেওঁ সকলো অক্ষৰৰ ভিতৰত ওঁ-কাৰ। মৃত্যুকালত ওঁ-কাৰৰ উচ্চাৰণে পৰম সত্য লাভ হয়।১০ পতঞ্জলিৰ যোগসূত্ৰত ওঁ-কাৰক ঈশ্বৰৰ প্ৰতীক হিচাপে বৰ্ণনা কৰা হৈছে আৰু ওঁ-কাৰৰ স্মৰণ আৰু উচ্চাৰণত সমাধি লাভ কৰা যায় বুলিও কোৱা হৈছে।

ব্যৱহাৰ

ধৰ্মীয় চিহ্ন হলেও ব্যৱহাৰিক জীৱনত ওঁ-কাৰৰ প্ৰয়োগ অতি ব্যাপক। প্ৰত্যেকটি মন্ত্ৰ ওঁ-কাৰেৰে আৰম্ভ হয়। চিঠিপত্ৰৰ আৰম্ভণিতে বহুতেই ওঁ-কাৰ লিখে। মঠ- মন্দিৰ, দেৱালয়, পৱিত্ৰ স্থান প্ৰভৃতি ধৰ্মীয় স্থানৰ প্ৰতীকচিহ্ন ৰূপে ওঁ-কাৰ ব্যৱহৃত হয়। যোগ সাধনাত ইয়াৰ ব্যৱহাৰ হয়। তদুপৰি বৰ্তমান সমাজত শব্দৰে কৰা চিকিৎসা প্ৰণালীত ওঁ-কাৰ ব্যৱহাৰ হব ধৰিছে। শৰীৰত কৰা অংকন (টেটু) হিচাপেও ই জনপ্ৰিয়।

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ তৈত্তৰীয় উপনিষদ, প্ৰথম অধ্যায়, অষ্টম অনুবাক, ১ সংখ্যক শ্লোক
  2. ↑ স্বামী বিবেকানন্দৰ বাণী আৰু ৰচনা, চতুৰ্থ খণ্ড, উদ্বোধন কাৰ্যালয়, কলিকতা, ১৯৬৪, পৃ. ১১৪
  3. ↑ শ্ৰী শ্ৰী ৰামকৃষ্ণকথামৃত, অখণ্ড, শ্ৰীম -কথিত, উদ্বোধন কাৰ্যালয়, কলিকতা, ১৯৮৬-৮৭, পৃ. ৩৫৯
  4. ↑ Hindu Symbols, Swami Harshananda, Ramakrishna Math, Bangalore, 2000, p.7
  5. ↑ Hindu Symbols, Swami Harshananda, Ramakrishna Math, Bangalore, 2000, p.8
  6. ↑ মাণ্ডুক্য উপনিষদ, ৮-১১ সংখ্যক শ্লোক
  7. ↑ Hindu Symbols, Swami Harshananda, Ramakrishna Math, Bangalore, 2000, p.11
  8. ↑ কঠোপনিষদ, প্ৰথম অধ্যায়, দ্বিতীয় বল্লী, ১৬ সংখ্যক শ্লোক
  9. ↑ মুণ্ডক উপনিষদ, দ্বিতীয় মুণ্ডক, দ্বিতীয় খণ্ড, ৩ সংখ্যক শ্লোক
  10. ↑ শ্ৰীমদ্ভাগবদ্গীতা, অক্ষৰব্ৰহ্মযোগ, ১-৩ সংখ্যক শ্লোকসমূহ

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্মহিন্দু প্ৰাৰ্থনা আৰু ধ্যান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওঁ” প্ৰবন্ধৰ সংশোধন ৫৬১২৮২ (৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।