অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

শক্তি (দেৱী)

হিন্দু ধৰ্মত শক্তি (দেৱনাগৰী: शक्ति; আক্ষৰিক অৰ্থ: 'শক্তি, ক্ষমতা, প্ৰচেষ্টা, বল, সামৰ্থ্য') হৈছে সকলো অস্তিত্বৰ অন্তৰ্নিহিত আৰু আধাৰস্বৰূপ "সাৰ্বজনীন শক্তি"। মূলতঃ নাৰীসুলভ বুলি ধাৰণা কৰা শক্তিয়ে পুৰুষ দেৱতাৰ ব্যক্তিত্ব বা শক্তিক বুজায় আৰু প্ৰায়ে হিন্দু দেৱতাৰ পত্নী হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ১৩ ফেব্ৰুৱাৰী ২০২৫ ২৮৩ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

হিন্দু ধৰ্মত শক্তি (দেৱনাগৰী: शक्ति; আক্ষৰিক অৰ্থ: 'শক্তি, ক্ষমতা, প্ৰচেষ্টা, বল, সামৰ্থ্য')১ হৈছে সকলো অস্তিত্বৰ অন্তৰ্নিহিত আৰু আধাৰস্বৰূপ "সাৰ্বজনীন শক্তি"। মূলতঃ নাৰীসুলভ বুলি ধাৰণা কৰা শক্তিয়ে পুৰুষ দেৱতাৰ ব্যক্তিত্ব বা শক্তিক বুজায় আৰু প্ৰায়ে হিন্দু দেৱতাৰ পত্নী হিচাপে গণ্য কৰা হয়।২৩৪

তান্ত্ৰিক শক্তিবাদত শক্তি হৈছে ব্ৰহ্মৰ সৈতে মিল থকা অগ্ৰণী দেৱী।৫ পৌৰাণিক হিন্দু ধৰ্মত শিৱ আৰু শক্তি হৈছে এজন আনজনৰ পৰিপূৰক পুৰুষ আৰু নাৰী। বিশুদ্ধ চেতনা স্বৰূপ পুৰুষ দেৱতািু শক্তি স্বৰূপা নাৰী দেৱী প্ৰকৃতিৰ সৈতে সন্মিলিত হৈ সৃষ্টিশীল শক্তিৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰে।৬৭

শক্তি পূজাৰ লগত জড়িত লোকৰ বৰ্ণনাৰ বাবে শাক্ত শব্দ ব্যৱহাৰ কৰা হয়। শাক্ত পীঠবোৰ হৈছে তীৰ্থ, যিবোৰ শক্তিৰ পবিত্ৰ স্থান বুলি বিশ্বাস কৰা হয়।

পৌৰাণিক বিশ্বাস

পৌৰাণিক হিন্দু ধৰ্মত শক্তি হৈছে হিন্দু দেৱতাসকলৰ "শক্তিশালী পাৰ্থিৱ শক্তি"।৮ "ঈশ্বৰ আৰু তেওঁৰ শক্তি একেলগে নিৰপেক্ষতাক প্ৰতিনিধিত্ব কৰে, দেৱতাসকল অসক্ৰিয় অনন্তকাল, দেৱীসকল সক্ৰিয় কালৰ প্ৰতীক।"৯ শক্তিক সাধাৰণতে কোনো নিৰ্দিষ্ট হিন্দু দেৱতা বিশেষকৈ শিৱৰ পত্নী হিচাপে চিহ্নিত কৰা হয়, বিভিন্ন সময়ত শক্তিয়ে দুৰ্গা, কালি আৰু পাৰ্বতী হিচাপে অৱতাৰ লয়।১০১১ "বিষ্ণুৰ সৈতে মিল থকা ঐশ্বৰিক শক্তিৰ প্ৰকাশ হিচাপে শক্তিৰ এটা ৰূপ হৈছে লক্ষ্মী।"১২ হিন্দু প্ৰথাত পুৰুষৰ পত্নীক তেওঁৰ শক্তি বুলি গণ্য কৰা হয়। ৰামায়ণত ৰামৰ পত্নী সীতা আছিল তেওঁৰ শক্তি; মহাভাৰতত দ্ৰৌপদী পাণ্ডৱসকলৰ শক্তি আছিল।১৩

পুৰাণসমূহত শক্তি দেৱীক গুৰুত্ব আৰোপ কৰা হৈছে। মাৰ্কণ্ডেয় পুৰাণত শক্তিক সৃষ্টি, পালন আৰু ধ্বংসৰ তদাৰক কৰা "বিশুদ্ধ চেতনা" হিচাপে ধাৰণা কৰা হৈছে; আৰু শক্তিক প্ৰকৃতিৰ ৰূপত চিত্ৰিত কৰা হৈছে।১৪

দেৱী ভাগৱত পুৰাণত ব্ৰহ্মক পুৰুষ আৰু নাৰী উভয়, পুৰুষ আৰু প্ৰকৃতি, শিৱ আৰু দেৱী হিচাপে উপস্থাপন কৰা হৈছে।১৫ দেৱী ভাগৱত পুৰাণত প্ৰকৃতিৰ শক্তিক তিনিটা গুণ: সত্ত্ব (শান্ত আৰু সুষম), ৰজ (আবেগিক আৰু সক্ৰিয়), আৰু তম (অলস আৰু নিষ্ক্ৰিয়) আৰোপ কৰা হৈছে।১৬

দেৱী ভাগৱত পুৰাণ, কালিকা পুৰাণ, মাৰ্কণ্ডেয় পুৰাণ, মহাভাগৱত পুৰাণ আদি শাস্ত্ৰসমূহে শক্তিক সকলো দেৱতাৰ ওপৰত সৰ্বোচ্চ স্থান দিছিল আৰু তেওঁৰ পূজাৰ প্ৰচাৰ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Monier-Williams 2017
  2. ↑ www.merriam-webster.com/dictionary/Shakti
  3. ↑ Jones, Constance; Ryan, James D. (2006). Encyclopedia of Hinduism. Infobase Publishing. ISBN 978-0-8160-7564-5
  4. ↑ Chandra, Suresh. (1998). Encyclopaedia of Hindu Gods and Goddesses. Sarup & Sons. ISBN 978-81-7625-039-9
  5. ↑ Vanamali 2008, পৃ. "Brahman is static Shakti"
  6. ↑ Vanamali 2008, পৃ. "The Devi herself is both Shakti and Prakriti"
  7. ↑ EB
  8. ↑ Leeming 2014, পৃ. 1646
  9. ↑ Leeming 2014, পৃ. 1647
  10. ↑ Rosen 2006, পৃ. 166
  11. ↑ Leeming 2014, পৃ. 1646-1647
  12. ↑ Leeming 2014, পৃ. 1646
  13. ↑ Leeming 2014, পৃ. 1647
  14. ↑ Jones Ryan 2007, পৃ. 399
  15. ↑ Vanamali 2008, পৃ. "The Devi herself is both Shakti and Prakriti"
  16. ↑ Jones Ryan 2007, পৃ. 399

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শক্তি (দেৱী)” প্ৰবন্ধৰ সংশোধন ৪৭৬৬৭৯ (১৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।