মাতৃকা (मातृका) অৰ্থাৎ দৈৱিক মাতৃসকল১ হৈছে কেইবাগৰাকী মাতৃৰূপী দেৱী আৰু হিন্দু ধৰ্মত তেওঁলোকক সদায়েই একেলগে উপস্থাপন কৰা হয়। তেওঁলোক আদি পৰাশক্তিৰে বিভিন্ন স্বৰূপ। তেওঁলোক হৈছে দেৱতাসকলৰ শক্তিৰ বিমূৰ্ত ৰূপ। ব্ৰহ্মাণীৰ উৎপত্তি ব্ৰহ্মাৰ পৰা। একেদৰে বৈষ্ণৱী বিষ্ণুৰ পৰা। মহেশ্বৰী শিৱৰ পৰা, ইন্দ্ৰাণী ইন্দ্ৰৰ পৰা, কৌমাৰী স্কন্দ অৰ্থাৎ কাৰ্ত্তিকৰ পৰা, বৰাহী বৰাহৰ পৰা আৰু চামুণ্ডা দেৱীৰ পৰা উৎপন্ন।২ ইয়াৰ উপৰিও আন দুগৰাকী মাতৃকা হৈছে নৰসিংহী আৰু বিনায়কী।
মাতৃকাসকলক প্ৰায়েই সাতগৰাকীৰ গোট বা সপ্তমাতৃকা হিচাপে উপস্থাপন কৰা দেখা পোৱা যায়।৩ অষ্টমাতৃকা বা আঠগৰাকী দেৱীৰ গোট হিচাপেও তেওঁলোকক চিত্ৰায়িত কৰা হয়।৪ দক্ষিণ ভাৰতত মূলতঃ সপ্তমাতৃকাৰ উপাসনা বিৰাজমান হোৱাৰ বিপৰীতে নেপালৰ লগতে আনবোৰ ঠাইত অষ্টমাতৃকাৰ পূজা দেখা যায়।৫
হিন্দু ধৰ্মৰ দেৱীপূজা কৰা পন্থা অৰ্থাৎ তন্ত্ৰত মাতৃকাসকলৰ অপৰিসীম গুৰুত্ব আছে।৬ শাক্ত পন্থাত তেওঁলোকক দানৱৰ সৈতে হোৱা যুঁজসমূহত পৰম শাক্ত দেৱীক সহযোগ কৰাৰ কথা কোৱা হয়।৭ কোনো কোনো পণ্ডিতে মাতৃকাসকলক শৈৱ পন্থাৰ দেৱী বুলিও মত প্ৰকাশ কৰে।৮ সমৰ দেৱতা স্কন্দ (মুৰুগান) বা কাৰ্ত্তিকৰ পূজাৰ সৈতেও তেওঁলোকৰ সম্পৰ্ক দেখা যায়।৯ প্ৰাচীনতম সূত্ৰসমূহত মাতৃকাসকলক অশুভ আৰু ভয়ংকৰ হিচাপে বৰ্ণনা কৰা হৈছে। তেওঁলোক ভয়লগা দেৱী, শিশু হৰণকাৰী তথা ভক্ষণকাৰী বা অন্য অৰ্থত শিশুকালৰ ফোঁহা, জ্বৰ, ক্ষুধাপীড়ণ আৰু ৰোগসমূহৰ কাৰক। প্ৰাপ্তবয়স্ক অৱস্থা প্ৰাপ্ত হোৱাৰ পূৰ্বেই বহু শিশুৰ প্ৰাণ কাঢ়ি নিয়া এই ৰোগসমূহৰ নিবাৰণৰ হকে তেওঁলোকৰ উপাসনা কৰা হয়।১০ পৰৱৰ্তী কালৰ আখ্যানসমূহত মাতৃকাসকলে ৰক্ষাকৰ্তা দেৱীৰ ভূমিকা পালন কৰিবলৈ লয় যদিও তেওঁলোকৰ অশুভ চাৰিত্ৰিক বৈশিষ্ট্য অটুট থাকে।১১ এনেদৰে তেওঁলোকে প্ৰকৃতিৰ সৃষ্টিশীল আৰু ধ্বংসকাৰী দুয়োটা চৰিত্ৰকে প্ৰতিফলিত কৰে।১২
বৰাহমিহিৰৰ বৃহৎ সংহিতাত কোৱা হৈছে যে মাতৃকাসকলক তেওঁলোকৰ নামানুসাৰে হিন্দুসকলৰ প্ৰধান দেৱতাসমূহৰ সৈতেহে পূৰ্ণ ৰূপ হিচাপে গণ্য কৰিব লাগে।১৩ তেওঁলোক অৰ্ধাংগিণী বা শক্তি হিচাপে এই দেৱতাসকলৰ সৈতে জড়িত হৈ আছে।১২ আদিতে কৃত্তিকা নক্ষত্ৰপুঞ্জৰ বিমূৰ্ত ৰূপ হিচাপে পৰিচিত মাতৃকাসকলে সপ্তম শতিকাৰ পৰাই জনপ্ৰিয়তা লাভ কৰে আৰু নৱম শতিকালৈ দেৱী মন্দিৰৰ এক বিশেষ বৈশিষ্ট্য হিচাপে আত্মপ্ৰকাশ কৰে।১৪
ব্যুৎপত্তি

জগদীশ নাৰায়ণ তিৱাৰী আৰু জগদীশ চক্ৰৱৰ্তীৰ মতে বৈদিক যুগ আৰু সিন্ধু সভ্যতাৰ সময়ৰে পৰা মাতৃকাসমূহৰ স্থিতি বিদ্যমান। ইয়াৰ প্ৰমাণ হিচাপে সিন্ধু সভ্যতাৰ প্ৰত্নতাত্বিক স্থানসমূহত উদ্ধাৰ হোৱা শাৰী পাতি থকা সাতগৰাকী নাৰী বা দেৱী সম্বলিত ছীল-মোহৰৰ কথাকে কোৱা হয়।১৫১৬ ঋকবেদত সোমৰস প্ৰস্তুতকৰণ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰা সাতগৰাকী মাতৃৰ উল্লেখ আছে যদিও মহাভাৰততহে ইয়াৰ স্পষ্ট বৰ্ণনা পোৱা যায়।১৭১৮
পঞ্চম শতিকালৈ এই দেৱীসকল তান্ত্ৰিক দেৱী হিচাপে কঠোৰপন্থী হিন্দুধৰ্মৰ মাজত সোমাই পৰে।১৯২০
তথ্যসূত্ৰ
- ↑ Monier-Williams, Monier. (1872). Sanskrit-English Dictionary. Clarendon. পৃ. 765
- ↑ Leeming, David; Fee, Christopher. (2016). The Goddess: Myths of the Great Mother. Reaktion Books. পৃ. part 33. ISBN 9781780235387
- ↑ Berkson 1992, পৃ. 134
- ↑ Mantras to the Aṣṭamātṛkās. Cambridge Digital Library
- ↑ Van den Hoek 1993, পৃ. 362
- ↑ Wangu 2003, পৃ. 41
- ↑ Bhattacharyya 1974, পৃ. 126
- ↑ Wangu 2003, পৃ. 75
- ↑ Collins 1988, পৃ. 143
- ↑ www.art-and-archaeology.com/india/jagat/jagat13.
- ↑ Kinsley 1998, পৃ. 151
- ↑ Jain Handa 1995, পৃ. 162
- ↑ Brihat Samhita, Ch.57, v.56. Panda, S. S. (September 2004). Sakti Cult in Upper Mahanadi Valley. Orissa Review. Government of Orissa
- ↑ Wangu 2003, পৃ. 187, Glossary
- ↑ Jagdish Narain Tiwari, "Studies in Goddess Cults in Northern India, with Reference to the First Seven Centuries AD" p.215-244; as cited in Kinsley 1998, পৃ. 151
- ↑ Dilip Chakravati in Archaeology and World Religion By Timothy Insoll, 2001, Routledge,, pp.42–44
- ↑ Kinsley 1998, পৃ. 151
- ↑ Pal 1997, পৃ. 1835-1858
- ↑ Zimmer 2001, পৃ. B4C, 257, 135
- ↑ Harper Brown 2002, পৃ. 48
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাতৃকা” প্ৰবন্ধৰ সংশোধন ২৯৫৩৩৯ (৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।