অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দনু

হিন্দু কিংবদন্তি মতে দনু (সংস্কৃত: दनु) হৈছে দানৱসকলৰ মাতৃ। ঋকবেদতো দনু নামৰ এগৰাকী হিন্দু প্ৰাথমিক দেৱীৰ কথা উল্লেখ কৰা হৈছে। ঋকবেদত দনুক ইন্দ্ৰ বধ কৰা বৃত্ৰ নামৰ এটা পৈশাচিক সৰ্পৰ মাতৃ বুলি কোৱা হৈছে।

হালনাগাদ: ১৮ এপ্ৰিল ২০২৩ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

হিন্দু কিংবদন্তি মতে দনু (সংস্কৃত: दनु) হৈছে দানৱসকলৰ মাতৃ। ঋকবেদতো দনু নামৰ এগৰাকী হিন্দু প্ৰাথমিক দেৱীৰ কথা উল্লেখ কৰা হৈছে। ঋকবেদত দনুক ইন্দ্ৰ বধ কৰা বৃত্ৰ নামৰ এটা পৈশাচিক সৰ্পৰ মাতৃ বুলি কোৱা হৈছে।১ পৰৱৰ্তী কালত তেওঁক প্ৰজাপতি দক্ষ আৰু তেওঁৰ পত্নী পাঞ্চজানী কন্যা আৰু ঋষি কাশ্যপৰ সহধৰ্মিনী বুলি কোৱা হৈছে।২৩ দনুৰ তিনিজন উল্লেখযোগ্য পুত্ৰ হৈছে শুম্ভ, নিশুম্ভ, নমুছি।৩

নাম

“বৰষুণ” বা “তৰল”ৰ বাবে ব্যৱহাৰ কৰা শব্দ হিচাপে দনু শব্দটো আবেস্তা ভাষাৰ (Avestan) দনু (dānu) অৰ্থাৎ "নদী", আৰু লগতে ডন, ডানুবি, ডিনিপাৰ, ডিনিষ্ট্ৰ আদি নদীৰ নামৰ সৈতে তুলনা কৰা হয়। নেপালত দনু নামৰ এখন নদী আছে। "তৰল" শব্দটো সাধাৰণতে নিৰপেক্ষ, কিন্তু ঋকবেদত ইয়াক স্ত্ৰীবাচক শব্দ হিচাপে ব্যৱহাৰ কৰা দেখা যায়।

তথ্যসূত্ৰ

  1. ↑ Kinsley, David (1987, reprint 2005). Hindu Goddesses: Visions of the Divine Feminine in the Hindu Religious Tradition, Delhi: Motilal Banarsidass, . p. 16
  2. ↑ The European discovery of India; key indological sources of romanticism. Ganesha Publishing. "Danu, d. of Daksha, w. of Kasyapa.”
  3. ↑ ৰুচিনাথ বিপ্ৰ. শ্ৰীশ্ৰীচণ্ডী. নবীনচন্দ্ৰ ভট্টাচাৰ্য্য. পৃ. ৪৯

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তিহিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দনু” প্ৰবন্ধৰ সংশোধন ৩৫৪৬৬৮ (১৮ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।