অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাঁকে বিহাৰী মন্দিৰ

বাঁকে বিহাৰী মন্দিৰ (Banke Bihari Temple) হৈছে ভাৰতৰ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ বৃন্দাবন চহৰত অৱস্থিত এটি হিন্দু মন্দিৰ। এই মন্দিৰটো বাঁকে বিহাৰীৰ নামত উৎসৰ্গিত, যাক ৰাধা আৰু কৃষ্ণৰ সংযুক্ত ৰূপ বুলি বিশ্বাস কৰা হয়। মূলতঃ বৃন্দাবনৰ নিধিবনত বাঁকে বিহাৰীৰ পূজা কৰা হৈছিল।

হালনাগাদ: ২ আগষ্ট ২০২৫ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

বাঁকে বিহাৰী মন্দিৰ (Banke Bihari Temple) হৈছে ভাৰতৰ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ বৃন্দাবন চহৰত অৱস্থিত এটি হিন্দু মন্দিৰ। এই মন্দিৰটো বাঁকে বিহাৰীৰ নামত উৎসৰ্গিত, যাক ৰাধা আৰু কৃষ্ণৰ সংযুক্ত ৰূপ বুলি বিশ্বাস কৰা হয়। মূলতঃ বৃন্দাবনৰ নিধিবনত বাঁকে বিহাৰীৰ পূজা কৰা হৈছিল। পিছলৈ ১৮৬৪ চনৰ আশে-পাশে যেতিয়া বাঁকে বিহাৰী মন্দিৰ নিৰ্মাণ কৰা হয়, তেতিয়া বাঁকে বিহাৰীৰ প্ৰতিমূৰ্তিটো বৰ্তমানৰ মন্দিৰটোলৈ স্থানান্তৰিত কৰা হয়।১২

বাঁকে বিহাৰী মন্দিৰত ৰাধা কৃষ্ণৰ ঐক্যবদ্ধ ৰূপৰ প্ৰতিমূৰ্তিটো ত্ৰিভংগ ভংগিমাত স্থাপিত কৰা হৈছে। স্বামী হৰিদাসে প্ৰথমে কুঞ্জ বিহাৰী নামেৰে এই মূৰ্তিটোৰ পূজা কৰিছিল। কুঞ্জ বিহাৰীৰ অৰ্থ হৈছে বৃন্দাবনৰ বাগিচা বা কুঞ্জত ভোগ-বিলাস কৰা ব্যক্তি।৩

ইতিহাস

বৃন্দাবনৰ বাঁকে বিহাৰী মন্দিৰত ভক্তবৃন্দ
বৃন্দাবনৰ বাঁকে বিহাৰী মন্দিৰত ভক্তবৃন্দছবি: Aman Kumar · CC BY-SA 4.0

প্ৰথমে স্বামী হৰিদাসে কুঞ্জবিহাৰী নামেৰে বাঁকে বিহাৰীৰ প্ৰতিমূৰ্তিটোৰ পূজা কৰিছিল। প্ৰতিমূৰ্তিটোৰ ত্ৰিভংগ ভংগিমাৰ বাবে তেওঁৰ শিষ্যসকলে বাঁকে বিহাৰী নাম প্ৰদান কৰে। বিহাৰ পঞ্চমীত এই প্ৰতিমূৰ্তিটোৰ আবিৰ্ভাৱ তিথি উদযাপন কৰা হয়। পূৰ্বতে বাঁকে বিহাৰীক নিধিবনত পূজা কৰা হৈছিল যদিও ১৯ শতিকাত সাধু আৰু হৰিদাসৰ গোস্বামী অনুগামীসকলৰ মাজত হোৱা বিবাদৰ বাবে বৰ্তমানৰ স্থানলৈ স্থানান্তৰিত কৰা হয়। গোস্বামীসকলেই বৰ্তমানৰ মন্দিৰটো নিৰ্মাণ কৰিছিল। বৰ্তমান তেওঁলোকে মন্দিৰটোৰ পিছফালে বসবাস কৰে।৪

শাস্ত্ৰত

]]

‘বাঁকে’ মানে ‘বেঁকা’, আৰু বিহাৰী’ মানে ‘ভোগকাৰী’। এইদৰেই 'ত্ৰিভংগ' মূৰ্তি কৃষ্ণৰ নাম "বাঁকে বিহাৰী" হ'ল। শ্ৰীব্ৰহ্ম-সহিতা (শ্লোক ৫/৩১) অনুসৰি ব্ৰহ্মাই কৃষ্ণৰ বিষয়ে তলত দিয়া কথাষাৰ কৈছে,

"যাৰ ডিঙিত চন্দ্ৰ-হাৰৰে সুশোভিত ফুলৰ মালাই দোলা দিয়ে, যাৰ দুখন হাত বাঁহী আৰু ৰত্নখচিত অলংকাৰেৰে সুসজ্জিত, যিয়ে সদায় প্ৰেম লীলাত আমোদিত হয়, যি কৰুণাময় ত্ৰিভংগ ভংগিমাত বিৰাজমান আৰু যাৰ শ্যামসুন্দৰৰ ৰূপ চিৰন্তনভাৱে প্ৰকাশিত মই আদি পুৰুষ ভগৱান গোবিন্দৰ উপাসনা কৰোঁ।" ৫৬

আচাৰ-অনুষ্ঠান

ৰাধা কৃষ্ণৰ পূজা
ৰাধা কৃষ্ণৰ পূজাছবি: Guptaele · CC BY-SA 4.0

বাঁকে বিহাৰী মন্দিৰত বাঁকে বিহাৰীক শিশু ৰূপত পূজা কৰা হয়। এইদৰে পুৱাৰ ভাগত কোনো আৰতি কৰা নহয় আৰু মন্দিৰ চৌহদৰ ভিতৰত ক’তো ঘণ্টা ওলোমাই দিয়া নহয়; কাৰণ ইয়াৰ ফলত বাঁকে বিহাৰীয়ে অশান্তি পাব পাৰে। কেৱল কৃষ্ণ জন্মাষ্টমী উপলক্ষে মঙ্গল আৰতি (পুৱতিনিশাৰ আৰতি) কৰা হয়। বাঁকে বিহাৰীক নীৰৱচ্ছিন্ন দৰ্শন কৰিবলৈ দিয়া নহয়। ইয়াৰ বাবে প্ৰতি পাঁচ মিনিটৰ মূৰে মূৰে পৰ্দা তৰি দিয়া হয়; কাৰণ জনবিশ্বাস অনুসৰি যদি নীৰৱচ্ছিন্ন দৰ্শনত বাধাপ্ৰাপ্ত কৰা নহয়, তেন্তে বাঁকে বিহাৰীয়ে মন্দিৰ শূন্য ৰাখি ভক্তসকলৰ লগত তেওঁলোকৰ ঘৰলৈ গুচি যাব পাৰে। শাৰদ পূৰ্ণিমা উপলক্ষে, প্ৰতি বছৰে মাত্ৰ এবাৰ বাঁকে বিহাৰীয়ে বাঁহীটো তেওঁৰ হাতত লৈ থাকে আৰু বছৰি এবাৰ শাওন মাহতহে বাঁকে বিহাৰীক দোলনাত ৰখা হয়।৭৪

লগতে চাওঁক

  • ৰাধা বল্লভ মন্দিৰ, বৃন্দাবন
  • নিধিবন, বৃন্দাবন
  • ৰাধা ৰমন মন্দিৰ, বৃন্দাবন
  • ৰাধা ৰাণী মন্দিৰ, বৰছানা
  • ৰাধা দামোদৰ মন্দিৰ, বৃন্দাবন
  • ৰাধা মদন মোহন মন্দিৰ, বৃন্দাবন

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Visit Banke Bihari Temple
  2. ↑ Rājaśekhara Dāsa. (2000). The Color Guide to Vṛndāvana: India's Most Holy City of Over 5,000 Temples. Vedanta Vision Publication
  3. ↑ Shri Banke Bihari · District Mathura, Government of Uttar Pradesh · India
  4. ↑ Entwistle, A.W. (1987). Braj: Centre of Krishna Pilgrimage. Egbert Forsten. পৃ. 403
  5. ↑ pnd. (2012-01-01). Bs 5.31. www.vedabase.com
  6. ↑ Brahma Samhita
  7. ↑ Bansal, Sunita Pant. (2008). Hindu Pilgrimage. Pustak Mahal. ISBN 978-81-223-0997-3

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ মঠ-মন্দিৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাঁকে বিহাৰী মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৫২৯৭৭৬ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।