ভুৱনেশ্বৰী (भुवनेश्वरी) হিন্দু ধৰ্ম অনুসৰি দহ দশ মহাবিদ্যাৰ চতুৰ্থগৰাকী দেৱী বা বিশ্ব সৃষ্টিৰ বাবে পাৰ্থিৱ ব্ৰাহ্মাণ্ডৰ উপাদান হিচাপে দুৰ্গা। "ভুৱনেশ্বৰী" শব্দটো সংস্কৃত ভুৱন ঈশ্বৰীৰ পৰা আহিছে যাৰ অৰ্থ "বিশ্বসমূহৰ দেৱী"। বিশ্বসমূহে ত্ৰি-ভুৱনক বুজাইছে, ভুঃ (পৃথিৱী), ভুৱঃ (পৰিবেশ) আৰু শ্ব (স্বৰ্গ)। দেৱী ভুৱনেশ্বৰীৰ সগুণ ৰূপ হৈছে পাৰ্বতী আৰু সংগী শিৱ।
মন্দিৰ
ভাৰতৰ ভুৱনেশ্বৰী দেৱীৰ প্ৰতি উৎসৰ্গীকৃত কেইবাটাও মন্দিৰ আছে। দক্ষিণ ভাৰতত শ্ৰীবিদ্যা পৰম্পৰাৰ বেছিভাগ উপাসকে তেওঁক পূজা কৰে। কেৰালাতো শাক্তসকলৰ মাজত তেওঁ জনপ্ৰিয়।
- সকলোতকৈ গুৰুত্বপূৰ্ণ শক্তি পীঠ উত্তৰ শ্ৰীলংকাৰ জাফনা উপদ্বীপৰ ওচৰৰ নাইনাটিৱু (মণিপলৱম)ত অৱস্থিত। তেওঁৰ সংগী শিৱৰ এক অৱতাৰ লিংগৰাজ। তেওঁক ভুৱনেশ্বৰৰ দেৱীৰূপে ওড়িষাৰ উৎকল ব্ৰাহ্মণসকলে পূজা কৰে।
- তামিলনাডুৰ পুডুকটাইত আন এটা মন্দিৰ অৱস্থিত। পুৰী জগন্নাথ মন্দিৰতো তেওঁক সুভদ্ৰাৰ ৰূপত পূজা কৰা হয়।
- ওড়িষাৰ চামলেশ্বৰী মন্দিৰ আৰু কটক চণ্ডী মন্দিৰত তেওঁৰ পূজা কৰা হয়।
- অসমৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ ওচৰতো ভুৱনেশ্বৰীৰ এটা পৃথক মন্দিৰ অৱস্থিত।১
- কৰ্নাটকৰ মহীশূৰৰ ৰাজপ্ৰসাদৰ ওচৰত এটা ভূৱনেশ্বৰী মন্দিৰ আছে।
- গুজৰাটৰ গোন্দাত ১৯৪৬ চনত ভুৱনেশ্বৰী মন্দিৰ স্থাপন কৰা হৈছিল।
- কেৰালাৰ আডুৰৰ চুৰাক'ডুত এটা ভুৱনেশ্বৰী মন্দিৰ আছে।
- মাহাৰাষ্ট্ৰৰ চাংলি জিলাত ভুৱনেশ্বৰী দেৱীৰ মন্দিৰ অৱস্থিত।.
- উত্তৰ আমেৰিকাত পণ্টিআক, মিচিগানৰ পৰশক্তি মন্দিৰত ভুৱনেশ্বৰীৰ উপাসনা কৰা হয়।২
অতিৰিক্ত পঠন
- Tantric Yoga and the Wisdom Goddesses: David Frawley
- Hindu Goddesses: Vision of the Divine Feminine in the Hindu Religious Traditions (ISBN 81-208-0379-5) by David Kinsley
তথ্যসূত্ৰ
- ↑ Bhuvaneswari Temple. ixigo.com
- ↑ Welcome to Parashakthi (Eternal Mother) Amman Temple, Pontiac, Michigan, USA. Parashakthitemple.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভুৱনেশ্বৰী” প্ৰবন্ধৰ সংশোধন ১৬০২৯০ (২৮ মে’ ২০১৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।