বৰাহ (वराह) হৈছে হিন্দু ধৰ্মৰ ভগৱান শ্ৰীবিষ্ণুৰ তৃতীয় অৱতাৰ।১ ত্ৰেতা যুগত ভগৱান শ্ৰীবিষ্ণু মহাদৈত্য হিৰণ্যাক্ষক বধ কৰাৰ বাবে মৰ্ত্তলোকত বৰাহ ৰূপত অৱতীৰ্ণ হৈছিল।২৩ পুৰাণত উল্লেখ কৰা মতে হিৰণ্যাক্ষ নামৰ মহাদৈত্য পৃথিৱী অৰ্থাৎ ধৰিত্ৰীদেৱীক মহাজাগতিক নামৰ মহাসমুদ্ৰৰ তলত নিমজ্জিত কৰি ৰাখিছিল। ভগৱান শ্ৰীবিষ্ণু বৰাহৰ ৰূপত মৰ্ত্তলোকত অৱতীৰ্ণ হৈ হিৰণ্যাক্ষক বধ কৰি ধৰিত্ৰীদেৱীক মহাসমুদ্ৰৰ পৰা উদ্ধাৰ কৰিছিল। তেওঁ ধৰিত্ৰীদেৱীক পত্নী ৰূপত গ্ৰহণ কৰিছিল। শাস্ত্ৰত বৰ্ণিত প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰ তেওঁলোকৰ পুত্ৰ।
শিল্পকলাত বৰাহক অৰ্ধ মনুষ্য, অৰ্ধ গাহৰিৰ ৰূপত কল্পনা কৰা হয়। তেওঁৰ চতুৰ্ভূজত শঙ্খ-চক্ৰ-গদা-পদ্ম ধাৰণ আৰু মুখত উদ্ধাৰকৃত পৃথিৱীৰ চিত্ৰত চিত্ৰাঙ্কিত কৰা হয়। বৰাহ পুৰাণ গ্ৰন্থত বৰাহৰ পূৰ্ণাঙ্গ উপখ্যান লিপিবদ্ধ কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ J.L.Shastri. (1951). Linga Purana - English Translation - Part 2 of 2. পৃ. 774
- ↑ Shastri Bhatt Gangadharan, পৃ. 7
- ↑ Rao 1914, পৃ. 131-2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰাহ” প্ৰবন্ধৰ সংশোধন ২৮৫৯৮৫ (১২ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।