অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নৰসিংহ (হিন্দু ধৰ্ম)

নৰসিংহ (नरसिंह) হৈছে ভগৱান শ্ৰীবিষ্ণুৰ চতুৰ্থতম অৱতাৰ। হিৰণ্যাক্ষৰ কনিষ্ঠ ভ্ৰাতা হিৰণ্যকশিপুক বধ কৰাৰ বাবে ভগৱান শ্ৰীবিষ্ণু ত্ৰেতা যুগত নৰসিংহ ৰূপত মৰ্ত্তলোকত অৱতীৰ্ণ হৈছিল। পুৰাণ, উপনিষদ লগতে অন্যান্য পৌৰাণিক হিন্দু ধৰ্মগ্ৰন্থত নৰসিংহ অৱতাৰ উল্লেখ পোৱা যায়।

হালনাগাদ: ২৫ জুলাই ২০২৫ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

নৰসিংহ (नरसिंह) হৈছে ভগৱান শ্ৰীবিষ্ণুৰ চতুৰ্থতম অৱতাৰ। হিৰণ্যাক্ষৰ কনিষ্ঠ ভ্ৰাতা হিৰণ্যকশিপুক বধ কৰাৰ বাবে ভগৱান শ্ৰীবিষ্ণু ত্ৰেতা যুগত নৰসিংহ ৰূপত মৰ্ত্তলোকত অৱতীৰ্ণ হৈছিল। পুৰাণ, উপনিষদ লগতে অন্যান্য পৌৰাণিক হিন্দু ধৰ্মগ্ৰন্থত নৰসিংহ অৱতাৰ উল্লেখ পোৱা যায়। তেওঁক দুষ্টৰ দমন আৰু শিষ্টৰ পালনৰ প্ৰতীক বুলি গণ্য কৰা হয়। নৰসিংহ দেৱক অৰ্ধ সিংহ আৰু অৰ্ধ মনুষ্যৰ ৰূপত কল্পনা কৰা হয়। মৎস পুৰাণত নৰসিংহক অষ্টভূজ বুলি উল্লেখ কৰা হৈছে আনদিশে অগ্নিপুৰাণত তেওঁক চতুৰ্ভূজ বুলি বৰ্ণনা কৰা হৈছে। দক্ষিণ ভাৰতত নৰসিংহ দেৱৰ পূজা বিশেষ পৰিলক্ষিত হয়। হিন্দু শাস্ত্ৰত নৰসিংহক মহাৰক্ষক বুলি আখ্যা দিয়া হৈছে কাৰণ তেওঁ সৰ্বদা ভক্তক সংকটৰ পৰা ৰক্ষা কৰে।

সম্পৰ্কিত শ্ৰেণী

বিষ্ণুৰ অৱতাৰহিন্দুধৰ্মৰ দেৱ দেৱীহিন্দুধৰ্মৰ কিংবদন্তি জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰসিংহ (হিন্দু ধৰ্ম)” প্ৰবন্ধৰ সংশোধন ৫২৭৩১৪ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।