যোগমায়া (योगमाया, 'মায়াশক্তি'), হৈছে এগৰাকী হিন্দু দেৱী। তেওঁক বিন্ধ্যবাশিনী, মহামায়া আৰু একাংশ নামেৰেও পূজন কৰা হয়।
বৈষ্ণৱ পৰম্পৰাত তেওঁক নাৰায়ণী উপনাম দিয়া হৈছে,১২ আৰু এই নামৰ দেৱী গৰাকীয়ে বিষ্ণুৰ মায়া শক্তিৰ মূৰ্তি হিচাপে কাম কৰে।৩ ভাগৱত পুৰাণত এইগৰাকী দেৱীক দুৰ্গা দেৱীৰ উপকাৰী দিশ হিচাপে গণ্য কৰা হৈছে। তেওঁক শাক্তসকলে আদি শক্তিৰ ৰূপ বুলি গণ্য কৰে। হিন্দু সাহিত্যত তেওঁৰ জন্ম যাদৱ পৰিয়ালত, নন্দ আৰু যশোদাৰ কন্যা হিচাপে হোৱা বুলি উল্লেখ আছে।৪
ব্যুৎপত্তিবিজ্ঞান
যোগমায়াই ভাগৱতত “ভগৱানৰ অভ্যন্তৰীণ শক্তিক বুজায়, যিয়ে তেওঁৰ সকলো মায়াৰ ব্যৱস্থা কৰে আৰু ইয়াৰ বৃদ্ধি কৰে”।৫
দেৱী বিন্ধ্যবাশিনীৰ নামটো বিন্ধ্য পৰ্বতমালাৰ পৰা আহিছে, যাৰ আক্ষৰিক অৰ্থ হৈছে, "যিগৰাকী বিন্ধ্যত বাস কৰে।"
জন্ম

এটা ভৱিষ্যদ্বাণীত কংসক কোৱা হৈছিল যে দৈৱকীৰ অষ্টম সন্তানে তেওঁক হত্যা কৰিব। সেই কথা শুনি তেওঁ দৈৱকীক হত্যা কৰিব বিচাৰিছিল, কিন্তু কংসক বাসুদেৱে নিজেই তেওঁলোকৰ সকলো সন্তানক কংসৰ হাতত তুলি দিব বুলি প্ৰতিশ্ৰুতি দি দৈৱকীৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। কংসই সেই প্ৰতিশ্ৰুতি মানি লৈ দেৱকীক ৰেহাই দিছিল। কাৰাগাৰৰ পৰিসীমাত দৈৱকীয়ে বাৰে বাৰে গৰ্ভধাৰণ কৰে আৰু কংসই প্ৰথম ছটা সন্তানক নিষ্ঠুৰভাৱে হত্যা কৰে।
সপ্তম সন্তান জন্ম হোৱাৰ ঠিক আগতেই বিষ্ণুৱে দেৱী মোহমায়াক দৈৱকীৰ সপ্তম সন্তানক ৰোহিনীৰ গৰ্ভত স্থাপন কৰিবলৈ আদেশ দিয়ে। এইদৰে শেষনাগৰ অৱতৰণ বা অৱতাৰৰ সুবিধা কৰি সপ্তম সন্তান বলোৰামক প্ৰতিনিধি মাতৃ ৰোহিণীয়ে ডাঙৰ-দীঘল কৰিছিল। ইয়াৰ পিছত ভগৱান বিষ্ণু নিজেই, অতি সোনকালে দৈৱকীৰ অষ্টম পুত্ৰ হিচাপে উপস্থিত হয়, তেওঁ যোগমায়ক যশোদাৰ গৰ্ভৰ পৰা জন্ম ল'বলৈ আদেশ দিলে। কৃষ্ণৰ ঠাইত বাসুদেৱে যশোদাৰ এই কন্যাক সলনি কৰি আনিলে। যেতিয়া কংসই তেওঁৰ ভৱিষ্যদ্বাণী কৰা হত্যাকাৰী বুলি বিশ্বাস কৰি এই কেঁচুৱাটোক হত্যা কৰিবলৈ চেষ্টা কৰিলে তেতিয়া কংসৰ কৱলৰ পৰা যোগমায়া নোহোৱাহৈ নিজৰ দুৰ্গা ৰূপলৈ পৰিণত হয় আৰু কংসৰ হত্যাকাৰীজনৰ ইতিমধ্যেই আন ঠাইত জন্ম হৈছে বুলি জনাই অদৃশ্য হৈ পৰে।
ইয়াৰ পিছত স্থানীয় বিশ্বাস অনুসৰি তেওঁ বিন্ধ্যাচল পৰ্বতমালাত বাস কৰিবলৈ লোৱা বুলি ধাৰণা কৰা হয়, য'ত বৰ্তমান তেওঁৰ এটা মন্দিৰ আছে। কিছুমানে বিশ্বাস কৰে যে ধৰ্ম প্ৰতিষ্ঠা কৰাৰ বাবে কৃষ্ণক সহায় কৰিবলৈ সুভদ্ৰা হিচাপে তেওঁৰ পুনৰ জন্ম হৈছিল।
তথ্যসূত্ৰ
- ↑ Sinha, Purnendu Narayana. (1901). A Study of the Bhagavata Purana: Or, Esoteric Hinduism. Freeman & Company, Limited. পৃ. 247
- ↑ Parthasarathy, V. R.; Parthasarathy, Indu. (2009). Devi: Goddesses in Indian Art and Literature. Bharatiya Kala Prakashan. পৃ. 133. ISBN 978-81-8090-203-1
- ↑ Beck, Guy L. (2012-02-01). Alternative Krishnas: Regional and Vernacular Variations on a Hindu Deity. State University of New York Press. পৃ. 170. ISBN 978-0-7914-8341-1
- ↑ Knapp, Stephen. (2012). Hindu Gods & Goddesses. Jaico Publishing House. পৃ. 32. ISBN 978-81-8495-366-4
- ↑ www.wisdomlib.org. (2017-04-30). Yogamaya, Yogamāyā, Yoga-maya: 13 definitions. www.wisdomlib.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগমায়া” প্ৰবন্ধৰ সংশোধন ৪৩৬১৭৯ (৮ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।