হিন্দুধৰ্মৰ দেৱ দেৱী
৪২ প্ৰবন্ধ
-
ভৱানী
ভৱানী হৈছে এগৰাকী হিন্দু দেৱী। তেওঁক তুলজা, তুৰাজা, ত্বৰীতা, অংবা, জগদম্বা আৰু অম্বে আদি নামেৰেও জনাযায়। তেওঁ আদি শক্তি (দুৰ্গা)ৰ প্ৰকাশ। ভৱানীৰ অৰ্থ হৈছে "জীৱনদাতা", অৰ্থাৎ প্ৰকৃতিৰ শক্তি বা সৃষ্টিশীল শক্তিৰ উৎস।
-
মীনাক্ষী
মীনাক্ষী (সংস্কৃত: मीनाक्षि, ৰোমানীকৃত: Mīnakshi, তামিল: மீனாக்ஷி, Mīnaṭci আৰু Tadhadakai বুলিও জনা যায়) এগৰাকী হিন্দু দেৱী। মাদুৰাইৰ তত্ত্বাৱধায়ক দেৱতা আৰু তেওঁক পাৰ্বতী দেৱীৰ ৰূপ বুলি গণ্য কৰা হয়। তেওঁ শিৱৰ ৰূপ সুন্দৰেশ্বৰৰ ঐশ্বৰিক পত্নী আৰু বিষ্ণুৰ আলাগৰ ৰূপৰ ভগ্নী।
-
সদাশিৱ
সদাশিৱ (सदाशिव) শৈৱবাদৰ শৈৱ সিদ্ধান্ত পৰম্পৰা অনুসৰি পৰম ব্ৰহ্ম বা পৰমেশ্বৰ। তেওঁক পৰমশিৱ নামেৰেও জনা যায়। সদাশিৱ সৰ্বব্যাপী, পৰম আৰু শিৱৰ সৰ্বোচ্চ ৰূপ। তেওঁ অনুগ্ৰহ আৰু বিলয় (বৌদ্ধিক অজ্ঞানতা, কৰ্ম আৰু মায়াৰ পৰা আবুৰ) প্ৰদানেৰে আশিস দান কৰে।
-
অৰ্চি
অৰ্চি ( Archi) এগৰাকী ৰাণী, আৰু হিন্দু পৌৰাণিকত লক্ষ্মী ৰ এগৰাকী পাৰ্থিৱ অৱতাৰ। ভাগৱত পুৰাণ অনুসৰি অৰ্চি ৰজা বেণৰ শৰীৰৰ পৰা উদ্ভৱ হৈছে আৰু তেওঁৰ স্বামী ৰজা পৃথু। তেওঁলোকৰ দুয়েজন ক্ৰমে লক্ষ্মী আৰু বিষ্ণুৰ অৱতাৰ বুলি কোৱা হয়। অৰ্চিই পত্নী হিচাপে স্বামীৰ পিছে পিছে সন্ন্যাসৰ বাবে অৰণ্যলৈ গৈছিল।
-
কল্লিয়ানকট্টু নীলি
কল্লিয়ানকট্টু নীলি ( Kalliyankattu Neeli) হৈছে এজন কু-অভিপ্ৰায়ী আত্মা/যক্ষী যি কেৰেলাৰ লোকগীত, ভিলাটিচ্চন গীত আৰু ট্ৰাভাংকুৰৰ লোককথাত দেখা যায়। চি ভি ৰমন পিল্লাইৰ ঐতিহাসিক উপন্যাস মাৰ্থাণ্ডবৰ্মাতো নীলিৰ অভিনয়।
-
ছিন্নমুণ্ডা
ছিন্নমুণ্ডা এগৰাকী বৌদ্ধ দেৱী। তেওঁক বজ্ৰযোগিনী বা বজ্ৰৱৰাহীৰ এটা ৰূপ হিচাপে ধৰা হয়।
-
পঞ্চমুখ
পঞ্চমুখক (पञ्चमुख,Pañcamukha) পঞ্চমুখী বুলিও কোৱা হৈছে। হিন্দু প্ৰতীকধৰ্মিতাত (Iconography) ই এক ধাৰণা, য'ত এজন দেৱতাক পাঁচটা মূৰ বা পাঁচখন মুখেৰে প্ৰতিনিধিত্ব কৰা হয়। কেইবাজনো হিন্দু দেৱতাক পাঁচটা মুখেৰে চিত্ৰিত কৰা হৈছে; যেনে-হনুমান, শিৱ, ব্ৰহ্মা, গণেশ আৰু গায়ত্ৰী।
-
ভূতমাতা
হিন্দু ধৰ্মত, ভূতমাতা (Bhutamata ) হৈছে এক ভয়ানক আৰু দুৰ্লভ দেৱী যি দেৱীৰে এক ৰূপ। ভূতমাতাৰ সৈতে এটা সিংহ থাকে আৰু তেওঁ মূৰত এটা লিঙ্গ পিন্ধে। ভূতমাতাৰ উৎপত্তিৰ কাহিনী ভৱিষ্য পুৰাণত পোৱা যায়। শ্ৰীকৃষ্ণই কাহিনীটো বৰ্ণনা কৰিছে।
-
মুকাম্বিকা দেৱী
মুকাম্বিকা (मूकाम्बिका, কানাড়া: ಮೂಕಾಂಬಿಕಾ, মালায়ালম: മൂകാംബിക ) এগৰাকী হিন্দু দেৱী। তেওঁ আদি পৰাশক্তিৰ এটা দিশ। হিন্দু ধৰ্মৰ পৰম দেৱী। সৃষ্টিশীলতা আৰু কৌশলক প্ৰতিনিধিত্ব কৰা শক্তি, ঐশ্বৰিক নাৰী শক্তিৰ ৰূপ বুলি গণ্য কৰা হয়।
-
শ্ৰী স্বস্থানী
শ্ৰী স্বস্থানী এগৰাকী হিন্দু দেৱী (পৰমেশ্বৰী)। তেওঁক সৌভাগ্য, কল্যাণ আৰু ক্ষমতাৰ দেৱী বুলি আৰাধনা কৰা হয়। পুহৰ শুক্ল পূৰ্ণিমাৰ পৰা মাঘৰ শুক্ল পূৰ্ণিমালৈকে লোকবিশ্বাসৰ পবিত্ৰ মাহত নেপালত এই দেৱীক বেছিকৈ পূজা কৰা হয়।
-
সিদ্ধিধাত্ৰী
সিদ্ধিধাত্ৰী ( Siddhidhatri) বা সিদ্ধিদাত্ৰী হৈছে হিন্দু দেৱী মহাদেৱীৰ নৱদুৰ্গা (নটা ৰূপ) দিশৰ ভিতৰত নৱম আৰু অন্তিম ৰূপ। তেওঁৰ নামৰ অৰ্থ এনেধৰণৰ- সিদ্ধি মানে অলৌকিক শক্তি বা ধ্যান ক্ষমতা, আৰু ধাত্ৰী মানে দাতা বা দানকাৰী।
-
ৰংগনায়কী
ৰংগনায়কী (ரங்கநாயகி, रङ्गनायकी), তেখেতৰ উপনাম তায়াৰ দ্বাৰাও জনাজাত। (தாயார்) এগৰাকী হিন্দু দেৱী। শ্ৰীৰংগমৰ শ্ৰীৰংগনাথস্বামী মন্দিৰৰ মুখ্য দেৱী। শ্ৰীৰংগমৰ মুখিয়াল দেৱতা ৰংগনাথৰ প্ৰধান পত্নী। দেৱীক লক্ষ্মীৰ প্ৰকাশ হিচাপে গণ্য কৰা হয়, আনহাতে ৰংগনাথক বিষ্ণুৰ প্ৰকাশ হিচাপে গণ্য কৰা হয়।