পায়ল দেৱ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু সংগীত পৰিচালক, যিয়ে হিন্দী ছবিৰ বাবে গান গায় আৰু সংগীত ৰচনা কৰে। তেওঁ বাজীৰাও মস্তানী ছবিৰ "অব তোহে জানে না দুংগী" আৰু১ লগতে নমস্তে ইংলেণ্ডৰ "ভৰে বজাৰ" শীৰ্ষক গীত দুটা গাইছিল।২৩ দেৱে খন্দানী ছফাখানা ছবিৰ "দিল জানিয়ে" গীতৰ সুৰকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ মৰযাৱাঁ ছবিৰ বাবে “তুম হি আনা” ৰচনা কৰিও তেওঁ সফলতা লাভ কৰে।৪৫ ২০২৩ চনৰ জুন মাহলৈকে ইউটিউবত ৯৫৫ মিলিয়ন ভিউ হোৱা বাদশ্বাহৰ সৈতে "গেণ্ডা ফুল" গীতটোৰ পৰিবেশনৰ বাবেও তেওঁ পৰিচিত। ২০২১ চনত দেৱে "বাৰীছ বন জানা" গীতটো গাইছিল। ইউটিউবত এই গীতটোৱে ৬২২ মিলিয়ন দৰ্শন লাভ কৰে।৬
তথ্যসূত্ৰ
- ↑ Music Review: Bajirao Mastani - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (16 October 2018). Namaste England music review: Mannan Shaah's album is enjoyable but devoid of great recall value
- ↑ (8 October 2018). Payal Dev thoroughly enjoyed singing 'Bhare bazaar'. Business Standard India
- ↑ (15 November 2019). Tum hi aana success feels magical: Composer Payal Dev
- ↑ (8 January 2020). Tum Hi Aana makes me feel lucky as a composer Payal Dev
- ↑ (7 June 2020). Trending Tunes: Badshah and Jacqueline Fernandez's Genda Phool is back on top
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পায়ল দেৱ” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৪২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।