অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইউৰি বেজমেনভ

ইউৰি আলেকজেণ্ডাৰভিচ বেজমেনভ (Yuri Alexandrovich Bezmenov; ১১ ডিচেম্বৰ, ১৯৩৯ – ৫ জানুৱাৰী, ১৯৯৩; ওৰফে: টমাছ ডেভিদ শ্বুমান ১৯৮০ৰ দশকত প্ৰকাশিত মাৰ্ক্সবাদী, ছোভিয়েট বিৰোধী আৰু নাস্তিক বিৰোধী বক্তৃতা আৰু কিতাপৰ বাবে বেজমেনভক বেছিকৈ স্মৰণ কৰা হয়।

হালনাগাদ: ১০ মে’ ২০২৫ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ইউৰি আলেকজেণ্ডাৰভিচ বেজমেনভ (Yuri Alexandrovich Bezmenov; ১১ ডিচেম্বৰ, ১৯৩৯ – ৫ জানুৱাৰী, ১৯৯৩; ওৰফে: টমাছ ডেভিদ শ্বুমান) আছিল নভোষ্টি প্ৰেছ এজেন্সী (APN)ৰ এজন ছোভিয়েট সাংবাদিক। ১৯৭০ চনত ভাৰতৰ নতুন দিল্লীত ছোভিয়েট মিছনৰ সদস্য হিচাপে বেজমেনভ পশ্চিমলৈ পলায়ন কৰে আৰু আমেৰিকা আৰু কানাডাৰ নিৰাপত্তা সংস্থাৰ মাজত হোৱা ব্যৱস্থা অনুসৰি কানাডাত পুনৰ বসতি স্থাপন কৰে।১

১৯৮০ৰ দশকত প্ৰকাশিত মাৰ্ক্সবাদী, ছোভিয়েট বিৰোধী আৰু নাস্তিক বিৰোধী বক্তৃতা আৰু কিতাপৰ বাবে বেজমেনভক বেছিকৈ স্মৰণ কৰা হয়।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষাৰ্থীৰ সময়ছোৱা(১৯৩৯–১৯৬৩)

১৯৩৯ চনত মস্কোৰ ওচৰৰ মিটিছ্চিত ৰাছিয়ান পিতৃ-মাতৃৰ ঘৰত বেজমেনভে জন্মগ্ৰহণ কৰিছিল। বেজমেনভে কয় যে তেওঁৰ পিতৃ ছোভিয়েট সেনাৰ এজন উচ্চ পদস্থ বিষয়া আছিল৷ পিছলৈ তেওঁক মংগোলীয় গণৰাজ্য আৰু কিউবাৰ দৰে বিদেশী দেশত ছোভিয়েট সৈন্য পৰিদৰ্শনৰ দায়িত্ব দিয়া হয়।২ ১৯৭০ৰ দশকত বেজমেনভৰ পিতৃৰ মৃত্যু হয়। বেজমেনভৰ বয়স সোতৰ বছৰ বয়সত তেওঁ ইনষ্টিটিউট অৱ অৰিয়েণ্টেল লেংগুৱেজত নামভৰ্তি কৰে। ভাষাৰ উপৰিও তেওঁ ইতিহাস, সাহিত্য, সংগীত আদি অধ্যয়ন কৰি ভাৰতীয় সংস্কৃতিৰ বিশেষজ্ঞ হৈ পৰে। দ্বিতীয় বৰ্ষত বেজমেনভে ভাৰতৰ এজন ব্যক্তিৰ দৰে নিজকে দেখুৱাবলৈ বিচাৰিছিল। তেওঁৰ শিক্ষকসকলে ইয়াক উৎসাহিত কৰিছিল কাৰণ বিদ্যালয়খনৰ স্নাতকসকলক কূটনীতিবিদ, বিদেশী সাংবাদিক বা চোৰাংচোৱা হিচাপে নিযুক্তি দিয়া হৈছিল।২

ছোভিয়েট ছাত্ৰ হিচাপে বেজমেনভে এটা সাক্ষাৎকাৰত কয় যে তেওঁ বাধ্যতামূলক সামৰিক প্ৰশিক্ষণ ল'ব লাগিছিল য'ত তেওঁক বিদেশী দেশৰ মানচিত্ৰ ব্যৱহাৰ কৰি কেনেকৈ "কৌশলগত যুদ্ধৰ খেল" খেলিব লাগে, লগতে যুদ্ধবন্দীসকলক কেনেকৈ জেৰা কৰিব লাগে সেই বিষয়ে শিকোৱা হৈছিল।২

ভাৰতৰ জীৱন, অপপ্ৰচাৰৰ কাম, আৰু মোহভংগ (১৯৬৩–১৯৭০)

১৯৬৩ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত বেজমেনভে ভাৰতত দুবছৰ ধৰি শোধনাগাৰ কমপ্লেক্স নিৰ্মাণ কৰা ছোভিয়েট অৰ্থনৈতিক সাহায্য গোট ছোভিয়েট ৰিফাইনেৰী কনষ্ট্ৰাকচনছত অনুবাদক আৰু জনসংযোগ বিষয়া হিচাপে কাম কৰে।

১৯৬৫ চনত বেজমেনভক মস্কোলৈ পুনৰ মাতি অনা হয়৷ তেওঁ নভোষ্টি প্ৰেছ এজেন্সীত তেওঁলোকৰ গোপনীয় ৰাজনৈতিক প্ৰকাশন বিভাগ (জি আৰ পি পি)ৰ এপ্ৰেণ্টিছ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। বেজমেনভে অভিযোগ কৰে যে নভোষ্টিৰ কৰ্মচাৰীসকলৰ প্ৰায় তিনি চতুৰ্থাংশ প্ৰকৃততে কেজিবি বিষয়া, বাকীসকল সহযোগী বা তেওঁৰ দৰে কেজিবিৰ ফ্ৰীলান্স লেখক আৰু তথ্যদাতা।৩ কিন্তু বেজমেনভে প্ৰকৃত ফ্ৰীলান্স ৰাইটিং কৰা নাছিল। বৰঞ্চ তেওঁ উল্লেখ কৰে যে তেওঁ বিদেশী সংবাদ মাধ্যম আৰু ছোভিয়েট ইউনিয়ন ভ্ৰমণ বা ছোভিয়েট ইউনিয়নত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত বিদেশী দেশৰ পৰা নভষ্টিৰ অতিথিসকলৰ প্ৰতিনিধি দলত অপপ্ৰচাৰ সামগ্ৰী সম্পাদনা কৰি ৰোপণ কৰে।২

কেইবামাহৰ পিছত বেজমেনভে কয় যে তেওঁ নভোষ্টিৰ সাংবাদিক হিচাপে নিজৰ স্থান বজাই ৰাখি তথ্যদাতা হিচাপে কাম কৰিবলৈ বাধ্য হৈছিল২ আৰু ছোভিয়েট অপপ্ৰচাৰ আৰু বিধ্বংস কৰাৰ (subversion) উদ্দেশ্যে তথ্য সংগ্ৰহত সহায় কৰিবলৈ আৰু বিদেশলৈ ভুল তথ্য বিয়পাই দিবলৈ তেওঁৰ সাংবাদিকতাৰ কৰ্তব্য ব্যৱহাৰ কৰিছিল।২

ইয়াৰ পিছত তেওঁ দ্ৰুত পদোন্নতি লাভ কৰে আৰু ১৯৬৯ চনত বেজমেনভক পুনৰবাৰ ভাৰতত নিযুক্তি দিয়া হয়৷ তেওঁ এইবাৰ ছোভিয়েট প্ৰেছ অফিচাৰ হিচাপে নিযুক্তি লাভ কৰে।তেওঁ নতুন দিল্লীত নভোষ্টিৰ অপপ্ৰচাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল, আৰু ছোভিয়েট দূতাবাসত কাম কৰিছিল।

বেজমেনভে অভিযোগ কৰিছিল যে তেওঁক আদৰ্শবাদী বাওঁপন্থীসকলৰ লগত সময় নষ্ট নকৰিবলৈ নিৰ্দেশ দিয়া হৈছিল, কাৰণ বেজমেনভে ছোভিয়েট কমিউনিজমৰ প্ৰকৃত স্বৰূপ বুলি ভবা কথাটো উপলব্ধি কৰিলে তেওঁলোক মোহভংগ, তিক্ত আৰু বিৰোধী হৈ পৰিব।

সেই সময়ছোৱাত বেজমেনভ ছোভিয়েট ব্যৱস্থাৰ প্ৰতি অসন্তুষ্ট হৈ পৰে। তাৰ পিছত তেওঁ পশ্চিমলৈ পলায়ন কৰাৰ সযতনে পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰে।৪৫

তথ্যসূত্ৰ

  1. ↑ Barrera, Jorge. (2022-02-05). Chaos agent: A Soviet defector's toxic relationship with Canada's intelligence services. CBC News
  2. ↑ Bezmenov, Yuri. (1984). Soviet Subversion of the Free-World Press: A Conversation with Yuri Bezmenov*(November 24, 2008). Interview with Yuri Bezmenov: Part One. Useless Dissident
  3. ↑ Bezmenov, Yuri. (1985). No "Novosti" is Good News. Almanac. ISBN 978-0-935090-17-8
  4. ↑ Bezmenov, Yuri. (1986). World Thought Police. NATA. ISBN 978-0-935090-14-7
  5. ↑ (January 6, 1993). Soviet defector held passion for homeland. The Windsor Star. পৃ. 5

সম্পৰ্কিত শ্ৰেণী

ৰাছিয়াৰ ব্যক্তিসাহিত্যিকসাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউৰি বেজমেনভ” প্ৰবন্ধৰ সংশোধন ৫০৭৩৩৩ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।