কুষ্ঠ বা হেন্ছেনৰ ৰোগ (আন অসমীয়া নাম কুঠ আৰু বৰৰোগ) মাইক'বেক্টেৰিয়াম লেপ্ৰি বা মাইক'বেক্টেৰিয়াম লেপ্ৰ'মেট'চিছ বেক্টেৰিয়াৰ ফলত হোৱা এক দীৰ্ঘম্যাদী সংক্ৰামক ৰোগ। আৰম্ভণিতে ৫ৰ পৰা ২০ বছৰলৈ সংক্ৰমণৰ কোনো লক্ষণ নাথাকে। দেখা দিয়া লক্ষণৰ ভিতৰত প্ৰান্তীয় স্নায়ু তন্ত্ৰ, শ্বাস তন্ত্ৰ, ছাল আৰু চকুৰ গ্ৰেনুল'মা প্ৰধান। ইয়াৰ ফলত বিষৰ অনুভৱ কমকৈ হৈ শৰীৰত বাৰে বাৰে আঘাত বা সংক্ৰমণ হ'ব পাৰে আৰু অংগ হেৰুৱাবলগীয়া হ'ব পাৰে। দুৰ্বলতা আৰু চকুৰে কমকৈ দেখাও এই ৰোগৰ আন লক্ষণ।
কুষ্ঠ ৰোগ মানুহৰ মাজতে সোঁচৰে। সংক্ৰমিত লোকৰ কাঁহ বা নাকৰ পানীৰ পৰা ই বিয়পে বুলি ভবা হয়।১ দুখীয়া, অস্বাস্থ্যকৰ পৰিবেশত বাস কৰা লোক বেছিকৈ কুষ্ঠত ভোগে। মানুহৰ ধাৰণাৰ বিপৰীতে কুষ্ঠ অতিপাত সংক্ৰামক নহয়। বেক্টেৰিয়াৰ সংখ্যাক ভিত্তি কৰি ইয়াক পচিবেচিলাৰী (paucibacillary) আৰু মাল্টিবেচিলাৰী (multibacillary) বুলি ভাগ কৰা হয়। পচিবেচিলাৰীত ছালৰ শেঁতা পৰা, অসংবেদনশীল দাগৰ সংখ্যা পাঁচ বা তাতকৈ কম আৰু মাল্টিবেচিলাৰীত পাঁচটাতকৈ বেছি।২ ছালৰ বায়প্সীত এচিড-ফাষ্ট বেক্টেৰিয়া (acid-fast bacilli) ধৰা পেলাই বা পলিমাৰেছ চেইন ৰিয়ক্চনৰে(PCR) ডি এন এ উলিয়াই ৰোগনিৰ্ণয় কৰা হয়।
মাল্টি ড্ৰাগ থেৰাপী (এম ডি টি) নামৰ চিকিৎসা পদ্ধতিৰে কুষ্ঠৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। পচিবেচিলাৰী কুষ্ঠত ডেপ্চন আৰু ৰিফাম্পিচিন ছমাহ দিয়া হয়। মাল্টিবেচিলাৰী কুষ্ঠত ৰিফাম্পিচিন, ডেপ্চন আৰু ক্লোফাজিমিন ১২ মাহলৈ দিয়া হয়। ইয়াৰ বাহিৰে অন্য প্ৰতিজৈৱিকো (antibiotic) কেতিয়াবা ব্যৱহাৰ কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাই এই চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰে। বিশ্বজুৰি আধীৰ দশকত ৫২ লাখ দীৰ্ঘম্যাদী ৰোগীৰ পৰা ২০১২ চনত ১,৮৯,০০০০লৈ সংখ্যা কমিছে।৩৪ The number of new cases was 230,000. বেছিভাগ নতুন ৰোগী ১৬খন দেশত ধৰা পৰে যাৰ আধাতকৈ বেছি ৰোগী ভাৰতৰ। বিগত ২০ বছৰত বিশ্বজুৰি ১.৬ কোটি ৰোগীয়ে আৰোগ্য লাভ কৰিছে।
কুষ্ঠ ৰোগে হাজাৰ হাজাৰ বছৰ ধৰি মানুহক আক্ৰান্ত কৰি আহিছে। ইংৰাজী নাম leprosy আহিছে লেটিন ভাষা শব্দ lepraৰ পৰা যাৰ অৰ্থ "scaly" বা বাকলিৰে আৱৰা। "হেন্ছেনৰ ৰোগ" নামটো চিকিৎসক জেৰাৰ্ড আৰ্মাৰ হেন্ছেনৰ পৰা আহিছে। ৰোগীসকলক পৃথককৈ কুষ্ঠ কলনীত ৰখা প্ৰথা এতিয়াও ভাৰত,৫ চীন,৬ আৰু আফ্ৰিকাত প্ৰচলিত।৭ কুষ্ঠ বেছিকৈ সংক্ৰামক নোহোৱা বাবে বেছিভাগ কলনীয়েই বন্ধ হৈছে।৭ ৰোগৰ বিষয়ে জনোৱা আৰু ততালিকে চিকিৎসা লোৱাৰ ক্ষেত্ৰত সামাজিক কলংক এক অন্তৰায় হৈ আহিছে। কিছুমানে "leper" বা "কুঠীয়া মানুহ" শব্দটো অসন্মানজনক বুলি কৈ "কুষ্ঠ ৰোগত আক্ৰান্ত মানুহ" বাক্যংশহে পছন্দ কৰে।৮ কুষ্ঠই "অৱহেলিত ক্ৰান্তীয় ৰোগ"তো (neglected tropical disease) স্থান পাইছে।৯ কুষ্ঠ ৰোগৰ প্ৰতি সজাগতা আনিবলৈ ১৯৫৪ চনৰ পৰা বিশ্ব কুষ্ঠ দিৱস পালন কৰা হৈছে।১০
বাহ্যিক সংযোগ
- Links and resources বিশ্ব স্বাস্থ্য সংস্থাই বাছনি কৰা কুষ্ঠ ৰোগ সম্পৰ্কীয় তথ্যৰ লিংক
তথ্যসূত্ৰ
- ↑ (April 29, 2013). Hansen's Disease (Leprosy) Transmission. cdc.gov
- ↑ Leprosy. World Health Organization
- ↑ (August 2012). Global leprosy situation, 2012. Wkly. Epidemiol. Rec.. পৃ. 317–28
- ↑ Rodrigues LC; Lockwood DNj. (June 2011). Leprosy now: epidemiology, progress, challenges, and research gaps.. The Lancet infectious diseases. পৃ. 464–70
- ↑ Walsh F. (2007-03-31). The hidden suffering of India's lepers. BBC News
- ↑ Lyn TE. (2006-09-13). Ignorance breeds leper colonies in China. Independat News & Media
- ↑ Byrne, Joseph P. (2008). Encyclopedia of pestilence, pandemics, and plagues. Greenwood Press. পৃ. 351. ISBN 978-0-313-34102-1
- ↑ editors, Enrico Nunzi, Cesare Massone,. (2012). Leprosy a practical guide. Springer. পৃ. 326. ISBN 978-88-470-2376-5
- ↑ (June 6, 2011). Neglected Tropical Diseases. cdc.gov
- ↑ McMenamin, Dorothy. (2011). Leprosy and stigma in the South Pacific: a region-by-region history with first person accounts. McFarland. পৃ. 17. ISBN 978-0-7864-6323-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুষ্ঠ” প্ৰবন্ধৰ সংশোধন ৫৬৬৩৬০ (২৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।