অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

মাম্প্‌ছ

মাম্প্‌ছ বা পিঠা খোৱা মাম্প্‌ছ ভাইৰাছে কৰা এক ভাইৰেল ৰোগ। ইয়াৰ পাছত এটা বা দুয়োটা লালটী গ্ৰন্থি বিষেৰে ফুলি উঠে। নিশাহৰ কণিকাৰ (respiratory droplet) যোগেদি বা ৰোগীৰ লগত প্ৰত্যক্ষ সংযোগেৰে ভাইৰাছবিধ বিয়পে। এবাৰ সংক্ৰমণ হোৱাৰ পাছত ব্যক্তিজনৰ জীৱনজোৱা অনাক্ৰম্যতা গঢ়ি উঠে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩১০ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মাম্প্‌ছ বা পিঠা খোৱা মাম্প্‌ছ ভাইৰাছে কৰা এক ভাইৰেল ৰোগ। ৰোগৰ আৰম্ভণিতে জ্বৰ, পেশীৰ বিষ, মূৰৰ বিষ, আভোক, গা বেয়া লগা আদি হয়।১ ইয়াৰ পাছত এটা বা দুয়োটা লালটী গ্ৰন্থি বিষেৰে ফুলি উঠে।২১ ভাইৰাছ সংষ্পৰ্শৰ ১৬-১৮ দিনৰ পাছত লক্ষণে দেখা দিয়ে আৰু ৭-১০ দিনৰ পাছত আঁতৰি যায়। শিশুতকৈ বয়স্ক লোকৰ ক্ষেত্ৰত লক্ষণৰ প্ৰাবল্য বেছি। প্ৰায় এক-তৃতীয়াংশ লোকৰ একেবাৰে সামান্য লক্ষণ থাকে বা নাথাকেই। জটিলতাৰ ভিতৰত মেনিঞ্জাইটিছ (১৫%), পেন্‌ক্ৰিয়াটাইটিছ (৪%), মায়'কাৰ্ডাইটিছ, স্থায়ী বধিৰতা, আৰু অৰ্কাইটিছ মুখ্য,- শেহৰটোৰ ফলত কেতিয়াবা অনুৰ্বৰতাই দেখা দিয়ে।১ ম্হিলাৰ ক্ষেত্ৰতো ডিম্বাশয় ফুলিব পাৰে, কিন্তু ই অনুৰ্বৰতাৰ আশংকা নবঢ়ায়।২

মাম্প্‌ছ এক অতি সোঁচৰা ৰোগ। ওচৰে ওচৰে থকা লোকৰ মাজত ই ক্ষিপ্ৰভাৱে বিয়পে।৩ নিশাহৰ কণিকাৰ (respiratory droplet) যোগেদি বা ৰোগীৰ লগত প্ৰত্যক্ষ সংযোগেৰে ভাইৰাছবিধ বিয়পে। কেৱল মানুহহে এই ৰোগত আক্ৰান্ত হয় আৰু ৰোগ বিয়পায়। লক্ষণ আৰম্ভ হোৱাৰ প্ৰায় ৭ দিনৰ আগৰে পৰা ৮ দিনৰ পাছলৈকে ৰোগীৰ পৰা ভাইৰাছ বিয়পে।৪ এবাৰ সংক্ৰমণ হোৱাৰ পাছত ব্যক্তিজনৰ জীৱনজোৱা অনাক্ৰম্যতা গঢ়ি উঠে। পুনৰবাৰ সংক্ৰমণ হোৱা সম্ভৱ, কিন্তু তেতিয়া ৰোগৰ প্ৰাবল্য সামান্য হয়।৫ লালটী গ্ৰন্থি ফুলিলে ৰোগৰ সন্দেহ কৰা হয় আৰু লালটী নলীকাৰ পৰা লোৱা নমুনাত ভাইৰাছৰ উপস্থিতি ধৰা পেলাই ৰোগ নিৰ্ণয় কৰা হয়। তেজত IgM প্ৰতিদেহ ধৰা পেলোৱাটো উজু, কিন্তু প্ৰতিষেধক লোৱা থকা লোকৰ ক্ষেত্ৰত ই মিছাকৈ ধৰা নপৰিব পাৰে।

মাম্প্‌ছক মাম্প্‌ছ প্ৰতিষেধকৰ দুটা বেজীৰে প্ৰতিৰোধ কৰিব পাৰি। ভাৰততো সৰুআই আৰু ৰুবেলাৰ লগত একেলগে মাম্প্‌ছৰ প্ৰতিষেধক (MMR) দিয় হয়। টীকাকৰণ কমকৈ হোৱা দেশত বয়স্ক লোকৰ ক্ষেত্ৰত ৰোগৰ হাৰ বেছি হ'ব পাৰে।২ ইয়াৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। পেৰাচিতামলৰ দৰে জ্বৰ আৰু বিষৰ ঔষধেৰে সমৰ্থক চিকিৎসা প্ৰদান কৰা হয়।২ কোনো কোনো জটিলতাত ইন্‌ট্ৰাভেনাছ ইম্যুন'গ্ল'বুলিনে কাম দিব পাৰে।২ মেনিঞ্জাইটিছ আৰু পেন্‌ক্ৰিয়াটাইটিছে দেখা দিলে চিকিৎসালয়ত ভৰ্তি কৰোৱা আৱশ্যক।৩৫ সংক্ৰমণ হোৱা প্ৰতি ১০,০০০ জন লোকৰ প্ৰায় এজনৰ মৃত্যু ঘটে।

ছীটা নল'লে প্ৰতি বছৰে সমূহ লোকৰ প্ৰায় ০.১ৰ পৰা ১% লোক ৰোগত ভুগে। বহুল প্ৰতিষেধকৰ ব্যৱহাৰে ৰোগৰ হাৰ ৯০%তকৈও অধিক কম কৰিছে। ছীটাকৰণ কম হোৱা উন্নয়নশীল দেশত ৰোগৰ হাৰ বেছি। প্ৰতিষেধক লোৱা অঞ্চলতো ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে।২ টীকাকৰণৰ প্ৰচলনৰ আগতে গোটেই পৃথিৱীতে শিশুকালত প্ৰায়েই মাম্প্‌ছ হৈছিল। আগতে প্ৰতি ২ বছৰৰ পৰা ৫ বছৰৰ পাছত ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছিল। ৫ৰ পৰা ৯ বছৰীয়া শিশু অধিক আক্ৰান্ত হৈছিল। প্ৰতিষেধক লোৱাসকলৰ মাজতো কুৰি বছৰৰ আগছোৱাৰ লোক অধিক আক্ৰান্ত হয়।২ বিষুব ৰেখাৰ ওচৰে-পাজৰে প্ৰায় গোটেই বছৰ জুৰি ৰোগ দেখা যায়, আনহাতে উত্তৰ বা দক্ষিণৰ অঞ্চলসমূহত শীত আৰু বসন্তকালি ৰোগ বেছিকৈ দেখা যায়। [হিপ'ক্ৰেটিছ|হিপ'ক্ৰেটিছে]] খী:পূ: পঞ্চম শতিকাতে লালটী গ্ৰন্থি আৰু অণ্ডাশয়ৰ বিষজনক ফুলা বৰ্ণনা কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2013). Bailey's head and neck surgery--otolaryngology. Wolters Kluwer Health /Lippincott Williams & Wilkins. ISBN 9781609136024
  2. ↑ (March 2008). Mumps. The Lancet. পৃ. 932–44
  3. ↑ Gupta, RK; Best, J; MacMahon, E. (14 May 2005). Mumps and the UK epidemic 2005.. BMJ (Clinical Research Ed.). পৃ. 1132–5
  4. ↑ (15 June 2010). Guidance for isolation precautions for mumps in the United States: a review of the scientific basis for policy change. Clinical Infectious Diseases. পৃ. 1619–28
  5. ↑ Sen2008 SN. (2008). Mumps: a resurgent disease with protean manifestations. Med J Aust. পৃ. 456–9

সম্পৰ্কিত শ্ৰেণী

সংক্ৰামক ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাম্প্‌ছ” প্ৰবন্ধৰ সংশোধন ৬৩১৭৬৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।