আফ্ৰিকান ছোৱাইন ফিভাৰ (African swine fever) হৈছে ঘৰচীয়া আৰু বনৰীয়া গাহৰিৰ শৰীৰত ভাইৰাছৰ পৰা হোৱা এবিধ মাৰাত্মক সংক্ৰামক ৰোগ। এই বেমাৰবিধ গাহৰিৰ শৰীৰত সাধাৰণতে দেখা দিয়া ক্লাছিকেল ছোৱাইন ফিভাৰতকৈ বেলেগ আৰু এই বেমাৰবিধৰ কোনো প্ৰতিষেধক এতিয়ালৈ ওলোৱা নাই। আফ্ৰিকান ছোৱাইন ফিভাৰ আফ্ৰিকা, ইউৰোপ আৰু এছিয়াৰ কেইবাখনো দেশত বিস্তাৰিত হৈ আছে।১ ২০২০ চনৰ মে' মাহৰ প্ৰথম সপ্তাহত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসমতেই পোনপ্ৰথমবাৰৰ বাবে এই বেমাৰ ধৰা পৰে।২ একে মাহৰে মাজভাগলৈ অসমৰ ১০খন জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ ১৪৯১৯টা গাহৰিৰ মৃত্যু হোৱা বুলি অসমৰ কৃষি আৰু পশুপালন মন্ত্ৰী মাননীয় অতুল বৰাদেৱে জানিবলৈ দিয়ে।৩
কাৰক
আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগ আফ্ৰিকান ছোৱাইন ফিভাৰ ভাইৰাছৰ দ্বাৰা হয়। এই ভাইৰাছটো আচফাৰভাইৰিডি (Asfarviridae) পৰিয়ালৰ অন্তৰ্গত এটা ডিএনএ ভাইৰাছ।৪১ উল্লেখযোগ্য যে এই ভাইৰাছবিধে মানুহৰ শৰীৰত কোনোধৰণৰ ৰোগৰ সৃষ্টি নকৰে।৫৬
অসমত প্ৰভাৱ
২০২০ বৰ্ষৰ এপ্ৰিল মাহৰ শেষভাগত আফ্ৰিকান ছোৱাইন ফিভাৰত গাহৰিৰ মৃত্যু উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ ছয়খন জিলাত গাহৰি মাংসৰ বিক্ৰী আৰু বিতৰণ বন্ধ কৰি দিয়ে।৭ জিলাকেইখন হৈছে বিশ্বনাথ, ধেমাজি, ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাট। ইয়াৰ পিছত মৃত গাহৰিৰ নমুনা ভূপালস্থিত নেচনেল ইনষ্টিটিউত অৱ হাই চিকিউৰিটি এনিমেল ডিজিজলৈ প্ৰেৰণ কৰা হয়। আৰু তাতে আফ্ৰিকান ছোৱাইন ফিভাৰ বুলি নিশ্চিত কৰা হয়।৮
তথ্যসূত্ৰ
- ↑ African Swine Fever
- ↑ (May 06, 2020). African swine fever detected in India for 1st time; 2, 500 pigs die in Assam Read more at: economictimes.indiatimes.com/news/politics-and-n
- ↑ (May 14, 2020). African Swine Fever kills 15, 000 domestic pigs in Assam
- ↑ Dixon. (2008). Animal Viruses: Molecular Biology. Caister Academic Press. ISBN 978-1-904455-22-6
- ↑ African swine fever. European Food Safety Authority
- ↑ Smriti Mallapaty. (25 April 2019). Spread of deadly pig virus in China hastens vaccine research. Nature. পৃ. 13–14
- ↑ (April 26, 2020). Assam government bans sale, distribution of pork meat after mysterious virus kills 1, 900 pigs
- ↑ (May 05, 2020). African Swine Fever: After Covid-19, another disease from China hits Assam; 2, 500 pigs dead
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আফ্ৰিকান ছোৱাইন ফিভাৰ” প্ৰবন্ধৰ সংশোধন ২৫৩৭০৬ (৮ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।