অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

টাইফইড

টাইফ‌ইড জ্বৰ, বা চমুকৈ টাইফ‌ইড (আন অসমীয়া নাম সন্নিপাত জ্বৰ) ছাল্‌ম'নেলা টাইফি বেক্টেৰিয়াই কৰা এবিধ সংক্ৰামক ৰোগ। সংক্ৰমণৰ ছয়ৰ পৰা ত্ৰিছ দিনৰ ভিতৰত পাতলীয়া বা গুৰুতৰ লক্ষণে দেখা দিয়ে। প্ৰায়েই লাহে লাহে কেইবাদিন ধৰি অতিপাত জ্বৰ উঠে। হাগনি কম ক্ষেত্ৰত হ'ব পাৰে আৰু বমি বেছিকৈ নহয়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

টাইফ‌ইড জ্বৰ, বা চমুকৈ টাইফ‌ইড (আন অসমীয়া নাম সন্নিপাত জ্বৰ) ছাল্‌ম'নেলা টাইফি বেক্টেৰিয়াই কৰা এবিধ সংক্ৰমণ। সংক্ৰমণৰ ছয়ৰ পৰা ত্ৰিছ দিনৰ ভিতৰত পাতলীয়া বা গুৰুতৰ লক্ষণে দেখা দিয়ে।১ প্ৰায়েই লাহে লাহে কেইবাদিন ধৰি অতিপাত জ্বৰ উঠে। দুৰ্বলতা, পেটৰ বিষ, কোষ্ঠকাঠিন্য আৰু মূৰৰ বিষো হ'ব পাৰে।১২ হাগনি কম ক্ষেত্ৰত হ'ব পাৰে আৰু বমি বেছিকৈ নহয়।২ কিছুমান মানুহৰ গাত ৰঙচুৱা দাগে (rose colored spots) দেখা দিয়ে১ গুৰুতৰ ৰোগত বিভ্ৰান্তি হ'ব পাৰে।২ চিকিৎসা অবিহনে লক্ষণবোৰ সপ্তাহৰ পৰা মাহ পৰ্যন্ত থাকে।১ কিছুমান মানুহৰ গাত বেক্টেৰিয়া থাকিলেও তেওঁলোক আক্ৰান্ত নহয়, কিন্তু তেওঁলোকে আনলৈ ৰোগ বিয়পাব পাৰে। টাইফ‌ইড জ্বৰ আৰু পাৰাটাইফইড জ্বৰক আন্ত্ৰিক জ্বৰ (enteric fever) বুলি কোৱা হয়।

এই ৰোগৰ কাৰক অন্ত্ৰ আৰু তেজত উপজা ছাল্‌ম'নেলা টাইফি বেক্টেৰিয়া।১২ সংক্ৰমিত ৰোগৰ মলৰে দূষিত পানী বা খুৱাবস্তু গ্ৰহণ কৰিলে এই ৰোগ বিয়পে। নিম্নমানৰ অনাময় ব্যৱস্থা আৰু স্বাস্থ্য বিধি সংশয়ৰ কাৰণ। উন্নয়নশীল দেশলৈ যাত্ৰা কৰা লোকৰো ৰোগৰ আশংকা থাকে।২ কেৱল মানুহৰহে টাইফ‌ইড সংক্ৰমণ হয়। বেক্টেৰিয়া কাল্‌চাৰ বা তেজ, মল, আৰু হাড় মজ্জাত বেক্টেৰিয়াবিধৰ ডি এন এ ধৰা পেলাই ৰোগনিৰ্ণয় কৰা হয়।১৩ বেক্টেৰিয়াবিধৰ কাল্‌চাৰ কৰাটো অলপ টান।৪ হাড় মজ্জাৰ পৰীক্ষা সকলোতকৈ সঠিক। ৩ আন কেইবাটাও সংক্ৰামক ৰোগৰ সৈতে লক্ষণবোৰৰ মিল আছে।২

প্ৰথম দুবছৰৰ ভিতৰত টাইফ‌ইড ছীটাই ৩০% ৰ পৰা ৭০% ৰোগ প্ৰতিৰোধ কৰিব পাৰে।৫ সাতবছৰলৈকে প্ৰতিষেধকে কাম কৰিব পাৰে। The vaccine may have some effect for up to seven years. ৰোগৰ অতিমাত্ৰা সংশয় থকা লোক আৰু ৰোগ বেছি হোৱা ঠাইলৈ যাত্ৰা কৰা মানুহক এই ছীটা ল'বলৈ পৰামৰ্শ দিয়া হয়। ৰোগ প্ৰতিৰোধৰ আন উপায়ৰ ভিতৰত বিশুদ্ধ খোৱা পানীৰ যোগান, ভাল অনাময় আৰু হাত ভালকৈ ধোৱা প্ৰধান।১ ব্যক্তিজনৰ সংক্ৰমণ নাইকিয়া হোৱা বুলি নিশ্চিত নোহোৱালৈকে তেওঁ আনৰ বাবে খোৱা বস্তু ৰান্ধিব নাপায়।১ চিকিৎসাৰ বাবে এজিথ্ৰ'মাইচিন, ফ্ল'ৰ'কুইন'ল'ন বা তৃতীয় প্ৰজন্মৰ চিফাল'স্পৰিন প্ৰতিজৈৱিক ব্যৱহাৰ কৰা হয়। এই প্ৰতিজৈৱিক ঔষধসমূহৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠা বাবে চিকিৎসা আগতকৈ কঠিন হৈ পৰিছে।

২০১৫ চনৰ তথ্য অনুসৰি বিশ্বত এনে ৰোগীৰ সংখ্যা ১.২৫ কোটি। ভাৰততে ৰোগীৰ সংখ্যা সৰ্বাধিক। ডাঙৰতকৈ শিশুসকল বেছিকৈ আক্ৰান্ত হয়। ১৯৪০ৰ দশকত উৎকৃষ্ট অনাময় আৰু প্ৰতিজৈৱিকৰ ব্যৱহাৰৰ ফলত উন্নত দেশবোৰত টাইফ‌ইডৰ প্ৰাবল্য কমি আহে। ২০১৫ চনত বিশ্বজুৰি প্ৰায় ১,৪৯,০০০ গৰাকী ৰোগীৰ মৃত্যু হৈছিল। ১৯৯০ চনত এই সংখ্যা আছিল প্ৰায় ১,৮১,০০০।৬৭ চিকিৎস অবিহনে ২০% পৰ্যন্ত ৰোগীৰ মৃত্যুৰ আশংকা থাকে। চিকিৎসা গ্ৰহণ কৰিলে এই হাৰ প্ৰয় ১ ৰ পৰা ৪%। টাইফ‌ইড শব্দটোৰ অৰ্থ "টাইফাছৰ নিচিনা" কাৰণ দুয়োবিধ ৰোগৰে লক্ষণবিলাক একেই।৮

অতিৰিক্ত পঠন

তথ্যসূত্ৰ

  1. ↑ (May 14, 2013). Typhoid Fever. cdc.gov
  2. ↑ (May 14, 2013). Typhoid Fever. cdc.gov
  3. ↑ Crump, JA; Mintz, ED. (15 January 2010). Global trends in typhoid and paratyphoid Fever.. Clinical Infectious Diseases. পৃ. 241–6
  4. ↑ Alan J. Magill. (2013). Hunter's tropical medicine and emerging infectious diseases. Saunders/Elsevier. পৃ. 568–572. ISBN 9781455740437
  5. ↑ Anwar, E; Goldberg, E; Fraser, A. (2 January 2014). Vaccines for preventing typhoid fever.. The Cochrane database of systematic reviews. পৃ. CD001261
  6. ↑ GBD 2015 Mortality and Causes of Death, Collaborators. (8 October 2016). Global, regional, and national life expectancy, all-cause mortality, and cause-specific mortality for 249 causes of death, 1980–2015: a systematic analysis for the Global Burden of Disease Study 2015.. Lancet. পৃ. 1459–1544
  7. ↑ GBD 2013 Mortality and Causes of Death, Collaborators. (17 December 2014). Global, regional, and national age-sex specific all-cause and cause-specific mortality for 240 causes of death, 1990–2013: a systematic analysis for the Global Burden of Disease Study 2013.. Lancet. পৃ. 117–71
  8. ↑ Oxford English Dictionary (Online). পৃ. typhoid, adj. and n

সম্পৰ্কিত শ্ৰেণী

সংক্ৰামক ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাইফইড” প্ৰবন্ধৰ সংশোধন ৬২৪৩৪৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।