মাজুআই, (chickenpox বা varicella) ভেৰিচেলা জ'ষ্টাৰ ভাইৰাছে কৰা এক অত্যাধিক সংক্ৰামক ৰোগ। ৰোগৰ ফলত ছালত ৰঙচুৱা দাগ পৰি পানীজোলা বান্ধে আৰু শেষত শুকাই যায়। ই সাধাৰণতে বুকু, পিঠি আৰু মুখত আৰম্ভ হৈ গোটেই গাতে বিয়পি পৰে।অন লক্ষণৰ ভিতৰত জ্বৰ, ভাগৰ লগা আৰু মূৰৰ বিষ প্ৰধান। লক্ষণবোৰ পাঁচৰ পৰা সাত দিনলৈকে থাকে। কেতিয়াবা জটিলতাৰ সৃষ্টি হৈ নিম'নিয়া, এন্কেফেলাইটিছ আৰু বেক্টেৰিয়াজনিত ছালৰ ৰোগ হয়।১ শিশুতকৈ বয়স্ক মানুহতহে ৰোগৰ প্ৰাবল্য বেছি হয়।২ ভাইৰাছবিধৰ সংস্পৰ্শলৈ অহাৰ ১০ৰ পৰা ২১ দিনৰ পাছত লক্ষণবোৰে দেখা দিয়ে।৩
মাজুআই এক বায়ুবাহিত ৰোগ; ৰোগীৰ কাহ আৰু হাঁচিৰ পৰা বীজাণু সহজতে বিয়পি পৰে।৩ ছালৰ ৰঙচুৰা দাগ হোৱাৰ দুদিন আগৰে পৰা সকলো পানীজোলা শুকোৱালৈকে বীজাণু বিয়পিব পাৰে।৩ পানীজোলাৰ সংস্পৰ্শলৈ আহিলেও ৰোগ সোঁচৰে।৩ হাৰ্পিছ জ'ষ্টাৰ হোৱা লোকে পানীজোলাৰ জৰিয়তে অনাক্ৰম্যতা নথকা লোককৈ ৰোগ নিয়পাব পাৰে।৩ লক্ষণলৈ চাই প্ৰায় সকলো ক্ষেত্ৰতে ৰোগ নিৰ্ণয় কৰিব পাৰি;৪ কিন্তু কেতিয়াবা পানীজোলাৰ পানী বা ক্ষতস্থানৰ শুকাল ছালৰ polymerase chain reaction (PCR) পৰীক্ষাৰে ৰোগ ধৰা পেলাব লাগে।২ লোকজনৰ প্ৰতিৰোধ ক্ষমতা আছেনে নাই চাবলৈ প্ৰতিদেহৰ পৰীক্ষা কৰিব পাৰি।২ মানুহৰ সাধাৰণতে এবাৰেই মাজুআই হয়।৩ ভাইৰাছবিধে আকৌ সংক্ৰমণ কৰিলেও তেতিয়া সাধাৰণতে কোনো লক্ষণ নোলায়।৫
১৯৯৫ চনত ভেৰিচেলা প্ৰতিষেধক আৰম্ভ কৰাৰে পৰা মাজুআইৰ ৰোগীৰ সংখ্যা আৰু জটিলতা কমি আহিছে।৬ প্ৰতিষেধকটোৱে ৭০-৯০% লোকক ৰোগৰ পৰা সুৰক্ষা দিয়ে।২ বহু দেশত শিশুক এই প্ৰতিষেধক দিয়াটো বাঞ্চনীয়।৭ ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ তিনিদিনৰ ভিতৰত শিশুক প্ৰতিষেধক দিলেও ৰোগৰ প্ৰাবল্যৰ কমাৰ আশা অধিক।৮ চিকিৎসা হিচাপে খজুৱতিৰ বাবে কালামিনা লোচন, খজুৱাওঁতে আঘাত নালাগিবলৈ নাখ চুটিকৈ ৰখা, জ্বৰৰ বাবে পেৰাচিতামল আদি প্ৰধান।৩ জটিলতাৰ আশংকা থাকিলে এচাইক্ল'ভিৰৰ দৰে এণ্টিভাইৰেল ঔষধ ব্যৱহাৰ কৰা হয়।৩
পৃথিৱীৰ সকলো ঠাইতে মাজুআই দেখা যায়।২ ২০১৩ চনত বিশ্বজুৰি ১৪ কোটি লোকৰ মাজুআই আৰু হাৰ্পিছ জ'ষ্টাৰ হৈছিল।৯ প্ৰতিষেধক প্ৰচলনৰ আগতে ৰোগীৰ সংখ্যা আৰু প্ৰতি বছৰে জন্মলাভ কৰা লোকৰ সংখ্যা প্ৰায় একেই আছিল।২ ২০১৫ চনত মাজুআইৰ ফলত বিশ্বজুৰি ৬,৪০০ লোকৰ মৃত্যু হৈছিল – ১৯৯০ চনত এই সংখ্যা আছিল ৮,৯০০।১০১১ প্ৰতি ৬০,০০০ ৰোগীৰ প্ৰায় এজনৰ মৃত্যু ঘটে।২ ঊনবিংশ শতিকাৰ শেষভাগলৈকে বৰআই আৰু মাজুআইক পৃথক ৰোগ হিচাপে গণ্য কৰা নহৈছিল।২ ১৯৮৮ চনত হাৰ্পিছ জ'ষ্টাৰৰ লগত ইয়াৰ সম্পৰ্ক ধৰা পৰে।২ ১৬৫৮ চনত প্ৰথমবাৰৰ বাবে chicken pox নামটো ব্যৱহৃত হৈছিল।১২ নামটোত "chicken" শব্দ থকাক লৈ নানা ব্যাখ্যা আছে- ৰোগৰ প্ৰাবল্য আপেক্ষিকভাৱে কম হোৱাটো এটা যুক্তি।i১২
বাহ্যিক সংযোগ
- (12 July 1996). Prevention of Varicella: Recommendations of the Advisory Committee on Immunization Practices (ACIP). Centers for Disease Control and Prevention (CDC)
- (December 2011). Management of Varicella Zoster Virus (VZV) Infections. Federal Bureau of Prisons: Clinical Practice Guideline
- John W. Gnann Jr. (2007). Chapter 65 Antiviral therapy of varicella-zoster virus infections
- Sarah McSweeney-Ryan; Megan Sandel. The Health Care of Homeless Persons - Part I - Varicella (Chickenpox. Boston Health Care for the Homeless Program
- Hamborsky, Jennifer. Epidemiology and Prevention of Vaccine-Preventable Diseases: Varicella. CDC
তথ্যসূত্ৰ
- ↑ (November 16, 2011). Chickenpox (Varicella) Complications. cdc.gov
- ↑ Atkinson, William. (2011). Epidemiology and Prevention of Vaccine-Preventable Diseases. Public Health Foundation. পৃ. 301–323. ISBN 9780983263135
- ↑ (November 16, 2011). Chickenpox (Varicella) Prevention & Treatment. cdc.gov
- ↑ (June 19, 2012). Chickenpox (Varicella) Interpreting Laboratory Tests. cdc.gov
- ↑ (2010). VZV molecular epidemiology. Current Topics in Microbiology and Immunology. পৃ. 15–42. ISBN 978-3-642-12727-4
- ↑ (2012). Routine vaccination against chickenpox?. Drug Ther Bull. পৃ. 42–5
- ↑ Flatt, A; Breuer, J. (September 2012). Varicella vaccines.. British Medical Bulletin. পৃ. 115–27
- ↑ Macartney, K; Heywood, A; McIntyre, P. (23 June 2014). Vaccines for post-exposure prophylaxis against varicella (chickenpox) in children and adults.. The Cochrane Database of Systematic Reviews. পৃ. CD001833
- ↑ Global Burden of Disease Study 2013, Collaborators. (22 August 2015). Global, regional, and national incidence, prevalence, and years lived with disability for 301 acute and chronic diseases and injuries in 188 countries, 1990-2013: a systematic analysis for the Global Burden of Disease Study 2013.. Lancet. পৃ. 743–800
- ↑ GBD 2015 Mortality and Causes of Death, Collaborators. (8 October 2016). Global, regional, and national life expectancy, all-cause mortality, and cause-specific mortality for 249 causes of death, 1980-2015: a systematic analysis for the Global Burden of Disease Study 2015.. Lancet. পৃ. 1459–1544
- ↑ GBD 2013 Mortality and Causes of Death, Collaborators. (17 December 2014). Global, regional, and national age-sex specific all-cause and cause-specific mortality for 240 causes of death, 1990-2013: a systematic analysis for the Global Burden of Disease Study 2013.. Lancet. পৃ. 117–71
- ↑ Oxford University Press. (December 2014). chickenpox, n.. oed.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাজুআই” প্ৰবন্ধৰ সংশোধন ৩৫৪৮৯৭ (২১ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।