অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বানপ্ৰস্থম

বানপ্ৰস্থম: দ্য লাষ্ট ডান্স (ফৰাচী: Vanaprastham: La Dernière Danse) হৈছে শাজী এন. কৰুণ পৰিচালিত ১৯৯৯ চনৰ এখন মালয়ালম ভাষাৰ মনস্তাত্ত্বিক কালপৰ্বভিত্তিক নাট্যধৰ্মী চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন ফৰাচী সাহিত্যিক পিয়েৰ আসুলিনৰ প্ৰযোজনাত ভাৰত-ফ্ৰান্সৰ এক যৌথ প্ৰযোজনা হিচাপে নিৰ্মাণ কৰা হৈছিল।

হালনাগাদ: ৪ আগষ্ট ২০২৬ ৩৮৮ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বানপ্ৰস্থম: দ্য লাষ্ট ডান্স (ফৰাচী: Vanaprastham: La Dernière Danse) হৈছে শাজী এন. কৰুণ পৰিচালিত ১৯৯৯ চনৰ এখন মালয়ালম ভাষাৰ মনস্তাত্ত্বিক কালপৰ্বভিত্তিক নাট্যধৰ্মী চলচ্চিত্ৰ।১ এই চলচ্চিত্ৰখন ফৰাচী সাহিত্যিক পিয়েৰ আসুলিনৰ প্ৰযোজনাত ভাৰত-ফ্ৰান্সৰ এক যৌথ প্ৰযোজনা হিচাপে নিৰ্মাণ কৰা হৈছিল। চলচ্চিত্ৰখনৰ সহ-প্ৰযোজক মোহনলাল।

চলচ্চিত্ৰখনৰ চিত্ৰনাট্য শাজী এন. কৰুণ আৰু ৰঘুনাথ পালেৰীয়ে পিয়েৰ আসুলিনৰ কাহিনীৰ আধাৰত লিখিছিল। সংলাপো ৰঘুনাথ পালেৰীয়েই ৰচনা কৰিছিল। চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত মোহনলালে অভিনয় কৰাৰ লগতে সুহাসিনী মণিৰত্নম, মট্টান্নুৰ শংকৰনকুট্টি মাৰাৰ, কলামণ্ডলম গোপী, ভেণ্মণি হৰিদাস আৰু কুক্কু পৰমেশ্বৰনে গুৰুত্বপূৰ্ণ সহায়ক চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা জাকিৰ হুছেইনে কৰিছিল।

চলচ্চিত্ৰখনৰ বিশ্বপ্ৰদৰ্শন ১৯৯৯ চনৰ ২১ মে'ত ১৯৯৯ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত হৈছিল, য'ত ইয়াক Un Certain Regard শাখাৰ বাবে নিৰ্বাচিত কৰা হৈছিল। পিছত ১৯৯৯ চনৰ ১৩ অক্টোবৰ তাৰিখে ফ্ৰান্সত আৰু ২০০০ চনৰ জানুৱাৰী মাহত ভাৰতত বাণিজ্যিকভাৱে মুক্তি দিয়া হয়। চলচ্চিত্ৰখন আমেৰিকান ফিল্ম প্ৰতিষ্ঠানৰ ১৯৯৯ চনৰ AFI Fest (লছ এঞ্জেলেছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-ত Grand Jury Prize-ৰ বাবে মনোনীত হৈছিল।

চলচ্চিত্ৰখনে ৪৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত তিনিটা বঁটা লাভ কৰে৷ সেইকেইটা হৈছে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ, শ্ৰেষ্ঠ অভিনেতা (মোহনলাল) আৰু শ্ৰেষ্ঠ সম্পাদনা (এ. শ্ৰীকৰ প্ৰসাদ)। ইয়াৰ উপৰিও, ১৯৯৯ চনৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাত চলচ্চিত্ৰখনে মুঠ ছটা বঁটা লাভ কৰে, যাৰ ভিতৰত শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ অভিনেতা (মোহনলাল) উল্লেখযোগ্য। ২০১৪ চনত বানপ্ৰস্থমক ৪৫সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ "Celebrating Dance in Indian Cinema" শাখাত পুনৰালোচনামূলক (retrospective) প্ৰদৰ্শনৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছিল।

বঁটা

কান চলচ্চিত্ৰ মহোৎসৱ

  • Un Certain Regard শাখাত প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ — পিয়েৰ আসুলিন আৰু মোহনলাল (প্ৰযোজক)
  • শ্ৰেষ্ঠ অভিনেতা — মোহনলাল
  • শ্ৰেষ্ঠ সম্পাদনা — এ. শ্ৰীকৰ প্ৰসাদ আৰু জোচেফ গুইনভাৰ্চ২

কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা

  • শ্ৰেষ্ঠ অভিনেতা — মোহনলাল৩৪
  • শ্ৰেষ্ঠ পৰিচালক — শাজী এন. কৰুণ
  • শ্ৰেষ্ঠ সম্পাদক — এ. শ্ৰীকৰ প্ৰসাদ আৰু জোচেফ গুইনভাৰ্চ
  • শ্ৰেষ্ঠ শব্দগ্ৰহণকাৰী — এ. এছ. লক্ষ্মী নাৰায়ণন আৰু ব্ৰুনো তাৰিয়ে
  • শ্ৰেষ্ঠ প্ৰচেছিং লেব — প্ৰসাদ কালাৰ লেব
  • শ্ৰেষ্ঠ ৰূপসজ্জা শিল্পী — এম. অ'. দেৱাস্যা আৰু ছলিম

কেৰালা চলচ্চিত্ৰ সমালোচক সন্থাৰ বঁটা

  • শ্ৰেষ্ঠ চলচ্চিত্ৰ — শাজী এন. কৰুণ (পৰিচালক)
  • শ্ৰেষ্ঠ পৰিচালক — শাজী এন. কৰুণ
  • শ্ৰেষ্ঠ অভিনেতা — মোহনলাল
  • শ্ৰেষ্ঠ শব্দগ্ৰহণকাৰী — এ. এছ. লক্ষ্মী নাৰায়ণন

ফিল্মফেয়াৰ বঁটা দক্ষিণ

  • শ্ৰেষ্ঠ অভিনেতা (মালয়ালম) — মোহনলাল
  • শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ (দক্ষিণ) — সন্তোষ শিৱন

অন্যান্য বঁটা

  • মথ্ৰুভূমি চলচ্চিত্ৰ বঁটা – শ্ৰেষ্ঠ অভিনেতা — মোহনলাল ৫
  • মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ – FIPRESCI বঁটা — শাজী এন. কৰুণ
  • ইস্তানবুল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ – জুৰীৰ বিশেষ বঁটা — শাজী এন. কৰুণ
  • আমেৰিকান ফিল্ম ইনষ্টিটিউট মহোৎসৱ – গ্ৰেণ্ড জুৰী বঁটাৰ বাবে মনোনীত — শাজী এন. কৰুণ

তথ্যসূত্ৰ

  1. ↑ Panicker, Prem. Illusion vs reality. www.rediff.com
  2. ↑ Variety staff. (11 July 2000). Film faves win kudos. Variety
  3. ↑ (2020-10-17). Film Critics Awards Complete List From 1977 Till 2012. Kerala Film Critics Association
  4. ↑ (6 January 2020). 15th Film Critics Award - 1991
  5. ↑ Festival awards 2000. Fipresci.org

সম্পৰ্কিত শ্ৰেণী

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ভাৰত) বিজয়ীশ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বানপ্ৰস্থম” প্ৰবন্ধৰ সংশোধন ৬২৩২৪৩ (৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।