অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰাজাবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়

ৰাজাবালা উচ্চতৰ মাধ্যমিক বিদ্যালয় (Rajabala Higher Secondary School) খন হৈছে মেঘালয় ৰাজ্যৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানখন ১৯৫২ চনত স্থাপিত হৈছিল। ই মেঘালয় স্কুল শিক্ষা পৰিষদৰ লগত যুক্ত আৰু ব্যক্তিগত স

হালনাগাদ: ১ মাৰ্চ ২০২২ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৰাজাবালা উচ্চতৰ মাধ্যমিক বিদ্যালয় (Rajabala Higher Secondary School) খন হৈছে মেঘালয় ৰাজ্যৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানখন ১৯৫২ চনত স্থাপিত হৈছিল। ই মেঘালয় স্কুল শিক্ষা পৰিষদৰ লগত যুক্ত আৰু ব্যক্তিগত স১

ইতিহাস

প্ৰতিষ্ঠানখন ১৯৫২ চনত স্থাপিত হৈছিল ঠিকেই কিন্তু সেই সময়ত কেৱল মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম পঢ়ুৱা হৈছিল। শেষত স্থানীয় শিক্ষা অনুৰাগিসকলৰ ইচ্ছাত ২০০৩ চনত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমৰ পাঠদান আৰম্ভ হয়।১

বিদ্যালয়ৰ ঠিকনা

ৰাজাবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণী ঘৰ
ৰাজাবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণী ঘৰছবি: হানিফ আলী · CC BY-SA 4.0

মেঘালয় ৰাজ্যৰ পশ্চিম প্ৰান্তত অৱস্থিত এই বিদ্যালয়খন মেঘালয়ৰ পশ্চিম গাৰো পাৰ্বত্য জিলাৰ ৰাজাবালা সমষ্টিৰ অন্তৰ্গত শেলশেলা শিক্ষাখণ্ডৰ অন্তৰ্গত। ৰাজ্যখনৰ ৰাজধানী শ্বিলংৰ পৰা প্ৰায় ৩২০ কিলোমিটাৰ দূৰত অৱস্থিত। ফুলবাৰী আৰক্ষী চকীৰ প্ৰায় ২৫ কিলোমিটাৰ দক্ষিণত, শেলশেলাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ পশ্চিমত অৱস্থিত। ইয়াৰে প্ৰায় ২৫-৩০ কিলোমিটাৰ দক্ষিণত আছে অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙীমাৰি বজাৰ।২৩

সুবিধাসমূহ

ৰাজাবালা উচ্চতৰ মধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদাৰ
ৰাজাবালা উচ্চতৰ মধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদাৰছবি: হানিফ আলী · CC BY-SA 4.0

ৰাজাবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে, শিক্ষাবিদ, পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপ, চৌহদৰ ভিতৰত কলা আন্তঃ গাঁ‌থনিৰ অৱস্থাত ক্ৰীড়াৰ ভাৰসাম্য ৰক্ষা কৰি শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশত বিশ্বাস কৰে।

Rajabala HS School 1.jpg
ছবি: হানিফ আলী · CC BY-SA 4.0

নিম্নলিখিত সুবিধাসমূহ প্ৰদান কাৰেঃ

  • খেল-ধেমালিৰ বাবে এখন খেল পথাৰ।
  • খোৱা পানীৰ ব্যৱস্থা।
  • বৈদ্যুতিক লাইনৰ সংযোগ।
  • শিক্ষক আৰু অধ্যক্ষ মহাদয়ৰ বাবে সুকীয়া কোঠা।
  • ছোৱালীসকলৰ বাবে জিৰণী কোঠা।
  • ল'ৰা আৰু ছোৱালীসকলৰ বাবে সুকীয়া শৌচালয়।
  • আৰু অন্যান্য।

তথ্যসূত্ৰ

  1. ↑ RAJABALA HR. SEC. SCHOOL. https://schools.org.in/
  2. ↑ School Address. iCBSE
  3. ↑ Rajabala Hr. Sec. School Meghalaya Source: www.icbse.com. iCBSC

সম্পৰ্কিত শ্ৰেণী

শিক্ষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজাবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩১৫৬৮০ (১ মাৰ্চ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।