অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

জীৱন দক্ষতা

জীৱন দক্ষতা (Life skill) এক অভিযোজিত আৰু ইতিবাচক আচৰণৰ ক্ষমতা, যিয়ে মানুহক জীৱনৰ দাবী আৰু প্ৰত্যাহ্বানৰ সৈতে ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ সক্ষম কৰি তোলে। এই ধাৰণাটোক মানসিক-সামাজিক দক্ষতা বুলিও কোৱা হয়।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৬৯৫ শব্দ · ৪ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

জীৱন দক্ষতা (Life skill) এক অভিযোজিত আৰু ইতিবাচক আচৰণৰ ক্ষমতা, যিয়ে মানুহক জীৱনৰ দাবী আৰু প্ৰত্যাহ্বানৰ সৈতে ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ সক্ষম কৰি তোলে।১ এই ধাৰণাটোক মানসিক-সামাজিক দক্ষতা বুলিও কোৱা হয়।২ সামাজিক নীতি আৰু সম্প্ৰদায়ৰ প্ৰত্যাশাৰ ওপৰত নিৰ্ভৰ কৰি বিষয়টো বহু পৰিমাণে বেলেগ হয় যদিও, যিবোৰ দক্ষতাই মংগলৰ বাবে কাম কৰে আৰু কোনো ব্যক্তিক তেওঁলোকৰ সম্প্ৰদায়ৰ সক্ৰিয় আৰু উৎপাদনশীল সদস্য হিচাপে গঢ়ি তোলাত সহায় কৰে, সেইবোৰকে জীৱন দক্ষতা হিচাপে গণ্য কৰা হয়।

গণনা আৰু শ্ৰেণীবিভাজন

ইউনিচেফ(UNICEF)ৰ মূল্যায়ন কাৰ্যালয়ৰ মতে মানসিক-সামাজিক দক্ষতাৰ "কোনো নিৰ্দিষ্ট তালিকা নাই"; ৩ তথাপি ইউনিচেফে ব্যক্তিৰ মানসিক-সামাজিক আৰু আন্তঃব্যক্তিগত দক্ষতাসমূহ গণনা কৰে, যিবোৰ সাধাৰণতে মংগলমুখী, আৰু ই স্বাক্ষৰতা আৰু সংখ্যাৰ দক্ষতাৰ সমান্তৰালভাৱে অপৰিহাৰ্য। যিহেতু ইয়াৰ অৰ্থ সংস্কৃতিৰ পৰা সংস্কৃতি আৰু জীৱনৰ স্থিতিলৈ সলনি হয়, সেয়েহে ইয়াক নমনীয় প্ৰকৃতিৰ ধাৰণা হিচাপে গণ্য কৰা হয়। কিন্তু ইউনিচেফে কল'বেৰেটিভ ফৰ একাডেমিক, ছ'চিয়েল এণ্ড ইমোচনেল লাৰ্নিং (CASEL) দ্বাৰা চিনাক্ত কৰা সামাজিক আৰু আৱেগিক জীৱন দক্ষতাক স্বীকাৰ কৰে।৪ জীৱন দক্ষতা সংশ্লেষণৰ উৎপাদন: বহুতো দক্ষতা একেলগে কৰা অনুশীলনৰ জৰিয়তে বিকশিত হয়, যেনে হাস্যৰস, যাৰ ফলত ব্যক্তিয়ে কোনো পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ অনুভৱ কৰিব পাৰে আৰু দৃষ্টিকোণৰ পৰা ইয়াক অধিক পৰিচালনযোগ্য কৰি তোলে। ই ব্যক্তিজনক ভয়, খং আৰু মানসিক চাপ মুক্ত কৰিবলৈ আৰু গুণগত জীৱন লাভ কৰিবলৈ উৎসাহী কৰি তোলে।৫

উদাহৰণস্বৰূপে, সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত প্ৰায়ে সমালোচনাত্মক চিন্তাধাৰা (“মোৰ বিকল্প কি?’’) আৰু মূল্যবোধৰ স্পষ্টীকৰণ (“মোৰ বাবে কি গুৰুত্বপূৰ্ণ?’’; “এই বিষয়ে মই কেনে অনুভৱ কৰোঁ?’’) আদি জড়িত হৈ থাকে। শেষত দক্ষতাসমূহৰ মাজৰ আন্তঃক্ৰিয়াই শক্তিশালী আচৰণৰ ফলাফল উৎপন্ন কৰে, বিশেষকৈ য’ত এই পদ্ধতি অন্য কৌশলৰ দ্বাৰা সমৰ্থিত হয়।৬

জীৱন দক্ষতা আৰ্থিক স্বাৱলম্বিতাৰ পৰা,৭ দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিৰোধ আৰু অটিজিমৰ দৰে অক্ষমতাৰ সৈতে মোকাবিলা কৰিবলৈ কৰা চিকিৎসা কৌশললৈকে ভিন্ন হ’ব পাৰে।

মূল দক্ষতা

১৯৯৯ চনত বিশ্ব স্বাস্থ্য সংস্থাই জীৱন দক্ষতাৰ তলত দিয়া মূল ক্ৰছ-কলচাৰেল ক্ষেত্ৰসমূহ চিনাক্ত কৰে:৮ ৯

  • সিদ্ধান্ত গ্ৰহণ আৰু সমস্যা সমাধান;
  • সৃষ্টিশীল চিন্তাধাৰা (এইটোও চাওক: পাৰ্শ্বীয় চিন্তাধাৰা) আৰু সমালোচনাত্মক চিন্তাধাৰা;
  • যোগাযোগ আৰু আন্তঃব্যক্তিগত দক্ষতা;
  • আত্মসচেতনতা আৰু সহানুভূতি;
  • আত্মবিশ্বাসীতা আৰু সমতা; আৰু
  • স্থিতিস্থাপকতা আৰু আৱেগৰ সৈতে মোকাবিলা কৰা আৰু মানসিক চাপৰ সৈতে মোকাবিলা কৰা।

ইউনিচেফে ২০১২ চনৰ প্ৰতিবেদনত একেধৰণৰ দক্ষতা আৰু আনুষংগিক শ্ৰেণীসমূহৰ তালিকা প্ৰস্তুত কৰিছিল।৩

দ্বাদশ শ্ৰেণী পৰ্যন্ত শিক্ষাৰ্থীৰ বাবে প্ৰস্তুত কৰা জীৱন দক্ষতাৰ পাঠ্যক্ৰমত প্ৰায়ে সফল স্বাধীন জীৱনৰ বাবে প্ৰয়োজনীয় যোগাযোগ আৰু ব্যৱহাৰিক দক্ষতাৰ লগতে ব্যক্তিগতকৃত শিক্ষা কাৰ্যসূচী(আইইপি) থকা উন্নয়নমূলক-অক্ষমতা থকা আৰু বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবেও গুৰুত্ব দিয়া হয়।১০

ইউএনএফপিএৰ দ্বাৰা সমৰ্থিত ডব্লিউ এইচ অ’ৰ তালিকাৰ ভিত্তিত বিভিন্ন পাঠ্যক্ৰম চলি আছে। ভাৰতৰ মধ্যপ্ৰদেশত চৰকাৰী বিদ্যালয়ৰ জৰিয়তে এইবোৰ শিকোৱাৰ বাবে চৰকাৰৰ সৈতে এই কাৰ্যসূচী চলোৱা হৈছে।১১

কৰ্ম আৰু জীৱনৰ বাবে দক্ষতা

কৰ্ম আৰু জীৱনৰ বাবে দক্ষতা, যাক কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ (টিভিইটি/TVET) বুলি জনা যায়, ইয়াত বৃত্তিগত ক্ষেত্ৰ, উৎপাদন, সেৱা আৰু জীৱিকাৰ বিস্তৃত পৰিসৰৰ সৈতে জড়িত শিক্ষা, প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ অন্তৰ্ভুক্ত কৰা হৈছে। আজীৱন শিক্ষণৰ অংশ হিচাপে টিভিইটি মাধ্যমিক, মাধ্যমিকৰ পিছৰ আৰু তৃতীয় পৰ্যায়ত হ’ব পাৰে, আৰু ইয়াত কৰ্মভিত্তিক শিক্ষণ আৰু অবিৰত প্ৰশিক্ষণ আৰু পেছাদাৰী বিকাশ অন্তৰ্ভুক্ত কৰা হয় যিয়ে অৰ্হতাৰ সূচনা কৰিব পাৰে। টিভিইটিত ৰাষ্ট্ৰীয় আৰু স্থানীয় প্ৰেক্ষাপটৰ সৈতে মিল থকা দক্ষতা বিকাশৰ বহুতো সুযোগো অন্তৰ্ভুক্ত কৰা হৈছে। শিকিবলৈ শিকা আৰু সাক্ষৰতা আৰু সংখ্যা দক্ষতা, ট্ৰেন্সভাৰ্ছল দক্ষতা আৰু নাগৰিকত্ব দক্ষতাৰ বিকাশ টিভিইটিৰ অবিচ্ছেদ্য উপাদান।১২

অভিভাৱকত্ব: জীৱন দক্ষতা পুষ্টিৰ এটা স্থান

জীৱন দক্ষতা প্ৰায়ে অভিভাৱকত্বৰ ক্ষেত্ৰত শিকোৱা হয়; হয় পৰোক্ষভাৱে শিশুৰ পৰ্যবেক্ষণ আৰু অভিজ্ঞতাৰ জৰিয়তে, নহয় প্ৰত্যক্ষভাৱে কোনো নিৰ্দিষ্ট দক্ষতা শিকোৱাৰ উদ্দেশ্যেৰে। অভিভাৱকত্বকেই জীৱন দক্ষতাৰ এটা গোট হিচাপে গণ্য কৰিব পাৰি যিটো ব্যক্তিক শিকাব পাৰি অথবা ই স্বাভাৱিকতে হৈ পৰে।১৩ গৰ্ভাৱস্থা আৰু অভিভাৱকত্বৰ সৈতে মোকাবিলা কৰাৰ দক্ষতাৰ বিষয়ে এজন ব্যক্তিক শিক্ষিত কৰাটোও শিশুৰ বাবে অতিৰিক্ত জীৱন দক্ষতা বিকাশৰ সৈতে মিলিব পাৰে আৰু পিতৃ-মাতৃক প্ৰাপ্তবয়স্ক অৱস্থাত সন্তানক পথ প্ৰদৰ্শন কৰিবলৈ সক্ষম কৰিব পাৰে।

যেতিয়া পৰম্পৰাগত পৰিয়ালৰ গাঁথনি আৰু সুস্থ সম্পৰ্ক ভাঙি যায়, সেয়া পিতৃ-মাতৃৰ ভুলৰ বাবেই হওক বা বিবাহ বিচ্ছেদ বা মানসিক বিকাৰৰ বাবেই হওক বা শিশুৰ সৈতে হোৱা সমস্যাৰ বাবেই হওক (যেনে দ্ৰব্যৰ অপব্যৱহাৰ বা অন্যান্য বিপদজনক আচৰণ) তেতিয়া জীৱন দক্ষতাৰ বহুতো কাৰ্যসূচী আগবঢ়োৱা হয়। উদাহৰণস্বৰূপে, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাই ইণ্ডোনেছিয়াৰ প্ৰাক্তন শিশু শ্ৰমিক আৰু বিপদজনক শিশুসকলক জীৱন দক্ষতা শিকাইছে, যাতে তেওঁলোকে শিশু নিৰ্যাতনৰ আটাইতকৈ বেয়া প্ৰভাৱৰ পৰা হাত সাৰিবলৈ আৰু ইয়াৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে।১৪

আৰ্হি: আচৰণ প্ৰতিৰোধ বনাম ইতিবাচক বিকাশ

কিছুমান জীৱন দক্ষতা কাৰ্যসূচীয়ে কিছুমান বিশেষ আচৰণ প্ৰতিৰোধৰ বিষয়ে শিকোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যদিও, ইহঁত তুলনামূলকভাৱে অকাৰ্যকৰী হ’ব পাৰে। তেওঁলোকৰ গৱেষণাৰ ভিত্তিত পৰিয়াল আৰু যুৱ সেৱা ব্যুৰো,১৫ আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱা বিভাগৰ এটা বিভাগে কম ফলপ্ৰসূ প্ৰতিৰোধ কাৰ্যসূচীৰ বিকল্প হিচাপে ইতিবাচক যুৱ বিকাশৰ তত্ত্ব (PYD)ৰ পোষকতা কৰে। পিৱাইডিয়ে পুৰণি জৰাজীৰ্ণ মডেলৰ বিপৰীতে ব্যক্তিৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিয়ে এতিয়াও দেখুৱাবলগীয়া হোৱা "সম্ভাৱ্য" দুৰ্বলতাসমূহৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰৱণতা থাকে। '..জীৱন দক্ষতা শিক্ষা, ইতিবাচক সামাজিক, আৰু কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্যৰ প্ৰসাৰৰ বাবে এক ফলপ্ৰসূ মানসিক-সামাজিক হস্তক্ষেপ কৌশল বুলি পোৱা গৈছে যিয়ে মোকাবিলা কৌশল শক্তিশালী কৰা আৰু আত্মবিশ্বাস আৰু আৱেগিক বুদ্ধিমত্তা বিকাশৰ দৰে সকলো দিশতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে.."।১৬

তথ্যসূত্ৰ

  1. ↑ Life Skills Education for Children and Adolescents in Schools. বিশ্ব স্বাস্থ্য সংস্থা
  2. ↑ Best Thomas, A study on stress and its correlatives with family environment. Retrieved from ResearchGate
  3. ↑ (17 November 2016). Global evaluation of life skills education programmes. unicef.org. United Nations Children's Fund. পৃ. 8–9
  4. ↑ Skills & Competencies - CASEL
  5. ↑ Do Hasya Yoga
  6. ↑ UNICEF – Search Results. unicef.org
  7. ↑ USA Funds Life Skills
  8. ↑ (1999). Partners in Life Skills Education: Conclusions from a United Nations Inter-Agency Meeting. বিশ্ব স্বাস্থ্য সংস্থা
  9. ↑ WHO 1993, পৃ. 14: decision-making - problem-solving creative thinking - critical thinking communication - interpersonal relationships self-awareness - empathy coping with - emotions and stressors
  10. ↑ Puget Sound ESD – excellence & equity in education | Pre-K-12 Life Skills Curriculum Guide. psesd.org
  11. ↑ Life Skills Education (LSE)
  12. ↑ UNESCO. (2018). Pathways of progression: linking technical and vocational education and training with post-secondary education. UNESCO. ISBN 978-92-3-100290-8
  13. ↑ Prinz, Ron. (2009). Encyclopedia of Human Relationships. ISBN 9781412958462
  14. ↑ Improving Vocational and Life Skills of Ex-Child Labourers and at Risk Children Aged 15 to 17 Years
  15. ↑ Home | Family and Youth Services Bureau | Administration for Children and Families. acf.hhs.gov
  16. ↑ Prajapati, Ravindra. (2017). Significance of Life Skills Education. Contemporary Issues in Education Research. পৃ. 4

সম্পৰ্কিত শ্ৰেণী

শিক্ষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱন দক্ষতা” প্ৰবন্ধৰ সংশোধন ৬৩৮৫৪১ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।