ড° এ পি জে আব্দুল কালাম মহিলা প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (Women's Institute of Technology) ভাৰতৰ বিহাৰ ৰাজ্যৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়।১ ২০০৫ চনত স্থাপিত এইখন এআইচিটিই নতুন দিল্লী আৰু বিহাৰ চৰকাৰৰ অনুমোদিত ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়, দৰভংগাৰ সৈতে জড়িত। দৰভংগা চহৰৰ ২৫ একৰ মাটিত এইখন বিস্তৃত হৈ আছে।
ইতিহাস
এই মহাবিদ্যালয়খন ২০০৫ চনত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামে উদ্বোধন কৰিছিল। ই মূল এল এন এম ইউ কেম্পাছত, এটা পৃথক চৌহদত যিটোৱে প্ৰথমে ১০ একৰ মাটি সামৰি লৈছিল কিন্তু তাৰ পিছত ইয়াক ২৫ একৰলৈ সম্প্ৰসাৰিত কৰা হৈছে।২ ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়ৰ ২৩২ একৰ ভূমিত বিস্তৃত কেম্পাছ আছে যিটো ভূমি অধিগ্ৰহণৰ জৰিয়তে দৰভঙাৰ ৰাজ পৰিয়ালে উপলব্ধ কৰাইছিল। দৰভংগাৰ শেষ মহাৰাজা ড০ ছাৰ কামেশ্বৰ সিঙৰ স্মৃতিত এই চৌহদটোৰ নাম কামেশ্বৰ নগৰ ৰখা হৈছে।
শিক্ষাবিদসকল
সুবিধাসমূহ
মহাবিদ্যালয়খনৰ তথ্য আৰু প্ৰযুক্তি বিভাগ, কম্পিউটাৰ বিজ্ঞান আৰু কম্পিউটাৰ প্ৰয়োগৰ স্নাতকোত্তৰ বিভাগ।
মহাবিদ্যালয়খনত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিতৰ সাতটা লেব আছে। ইয়াত দুটা কম্পিউটাৰ লেব, এটা ডিজিটেল ইলেক্ট্ৰনিক্স, এটা বেচিক ইলেক্ট্ৰনিক্স আৰু এটা বেচিক ইলেক্ট্ৰিক লেব আছে।
ডিগ্ৰী
মহাবিদ্যালয়খনে তথ্য আৰু প্ৰযুক্তিৰ বি. টেক ডিগ্ৰী প্ৰদান কৰে।
প্ৰৱেশ
বি টেকত নামভৰ্তি। তথ্য প্ৰযুক্তিৰ পাঠ্যক্ৰমটো ১০+২ বা সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছোৱালী ছাত্ৰীৰ বাবে মুকলি, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত আৰু ইংৰাজী (PCME) বা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, জীৱবিজ্ঞান আৰু ইংৰাজী(PCMBE)ৰ সৈতে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/ব'ৰ্ড/পৰিষদৰ পৰা একেলগে লোৱাত কমেও ৫০% সৰ্বমুঠ নম্বৰ পোৱা সকলৰ বাবে মুকলি থাকিব৷ অৰ্হতা পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলেও, প্ৰৱেশ পৰীক্ষা দিবলৈ যোগ্য, অৱশ্যে নিৰ্বাচিত হ’লে তেওঁলোকৰ নামভৰ্তি যোগ্যতা পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব, পিচিএমই বা পিচিএমবিইত নামভৰ্তিৰ সময়ত পিচিএম বা পিচিএমবিত কমেও ৫০% নম্বৰ লাভ কৰি লাগিব৷
তথ্যসূত্ৰ
- ↑ (20 August 2008). Women's Institute Of Technology, Darbhanga: Details and Reviews
- ↑ About WOMENS INSTITUTE OF TECHNOLOGY WIT, DARBHANGA. Extreme Testing House, India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহিলা প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ৪৮৭০৫২ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।