অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মাতা সুন্দৰী মহিলা মহাবিদ্যালয়

মাতা সুন্দৰী কলেজ ফৰ ৱিমেন (Mata Sundri College for Women) চমুকৈ মাতা সুন্দৰী কলেজ বুলিও জনা যায়। এই মহাবিদ্যালয়খন দিল্লী বিশ্ববিদ্যালয়ৰ এটি‍ সংহত মহাবিদ্যালয়। ১৯৬৭ চনত দিল্লীৰ শিখ গুৰুদ্বাৰ ব্যৱস্থাপনা সমিতিয়ে এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল।

হালনাগাদ: ১৯ অক্টোবৰ ২০২৫ ২৫২ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মাতা সুন্দৰী কলেজ ফৰ ৱিমেন (Mata Sundri College for Women) চমুকৈ মাতা সুন্দৰী কলেজ বুলিও জনা যায়। এই মহাবিদ্যালয়খন দিল্লী বিশ্ববিদ্যালয়ৰ এটি‍ সংহত মহাবিদ্যালয়। ১৯৬৭ চনত দিল্লীৰ শিখ গুৰুদ্বাৰ ব্যৱস্থাপনা সমিতিয়ে এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। বৰ্তমান মহাবিদ্যালয়খনত উপলব্ধ বিভিন্ন চাৰ্টিফিকেট, ডিপ্লোমা, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত ৪০০০ + গৰাকী ছাত্ৰীয়ে‍ শি‍ক্ষা গ্ৰহণ কৰি আছে‍। মহাবিদ্যালয়খন মধ্য দিল্লীত অৱস্থিত আৰু ই দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাছৰ অধীনত আছে।১ দশম শিখ গুৰু গুৰু গোবিন্দ সিঙৰ পত্নী মাতা সুন্দৰীৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে আৰু ই মাতা সুন্দৰী গুৰুদ্বাৰৰ কাষত অৱস্থিত।২

ইতিহাস

১৯৬৭ চনত ২১জন অধ্যাপকৰ সৈতে মহাবিদ্যালয়খন আৰম্ভ হৈছিল। কেইবাটাও নতুন পাঠ্যক্ৰম, যেনে বি.এ. (অনাৰ্চ) পাঞ্জাবী, হিন্দী, সংস্কৃত, ইতিহাস, ৰাজনীতি বিজ্ঞান, আৰু দৰ্শন বিষয়ত ১৯৬৮ আৰু ১৯৬৯ চনত সংযোজন কৰা হয়। পাঞ্জাবী আৰু সংস্কৃত ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম ক্ৰমে ১৯৭৬ আৰু ১৯৭৮ চনত আৰম্ভ কৰা হয়, যাৰ ফলত শৈক্ষিক প্ৰস্তাৱসমূহ আৰু অধিক বৈচিত্ৰ্যপূৰ্ণ হয়। অতিৰিক্ত পাঠ্যক্ৰম, বি.এ. (অনাৰ্চ) গণিত আৰু বি.কম. (পাচক'ৰ্চ), ১৯৭৮ চনত প্ৰৱৰ্তন কৰা হয়।

আগবঢ়োৱা পাঠ্যক্ৰমসমূহ

মহাবিদ্যালয়খনে বিভিন্ন স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়।৩

স্নাতক পাঠ্যক্ৰম

  • মানৱিকী বি‍জ্ঞান

বি.এ. (অনাৰ্চ) ইংৰাজী, বি.এ. (অনাৰ্চ) হিন্দী, বি.এ. (অনাৰ্চ) ইতিহাস, বি.এ. (অনাৰ্চ) দৰ্শন, বি.এ. (অনাৰ্চ) ৰাজনীতি বিজ্ঞান, বি.এ. (অনাৰ্চ) মনোবিজ্ঞান, বি.এ. (অনাৰ্চ) পাঞ্জাবী, বি.এ. (অনাৰ্চ) সংস্কৃত আৰু বি.এ. পাঠ্যক্ৰম।

  • বাণিজ্য

বি.কম., বি.কম. (অনাৰ্চ), বি.এল.এড., বি.এছ.চি. (অনাৰ্চ) গণিত।

প্ৰমাণ-পত্ৰ/ডিপ্লোমা পাঠ্যক্ৰম

ক. পাৰ্ট টাইম চাৰ্টিফিকেট/ডিপ্লমা/এডভান্স ডিপ্লমা - কম্পিউটাৰ আৰু ইয়াৰ প্ৰয়োগ, বস্ত্ৰ ডিজাইনিং, ভ্ৰমণ আৰু পৰ্যটন।

খ. বিদেশী ভাষাত প্ৰমাণ-পত্ৰ পাঠ্যক্ৰম - ফৰাচী, জাৰ্মান, স্পেনিছ ভাষা।

সুবিধাসমূহ

মহাবিদ্যালয়খনত এটা বৃহৎ আৰু বিশাল পুথিভঁৰাল আছে।৪

পৰিবহণ

আই.টি.অ'. মেট্ৰ' ষ্টেচন কলেজৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰৈত অৱস্থিত।

নিৰাপত্তাৰ প্ৰসংগ

কলেজীয়া ছাত্ৰীসকলে‍ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে আৰু পুৰুষে পিছ লোৱাৰ গোচৰৰ খবৰ আহিছে৫

তথ্যসূত্ৰ

  1. ↑ Mata Sundri College for Women
  2. ↑ Mata Sundari
  3. ↑ Mata Sundri
  4. ↑ Mata Sundri college library
  5. ↑ College to provide safe environment

সম্পৰ্কিত শ্ৰেণী

শিক্ষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাতা সুন্দৰী মহিলা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৪৪২৭৫ (১৯ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।